ৰাজনাথ সিঙৰ মন্তব্যক উভটি ধৰিলে চিপিআই(এম) নেত্ৰী বৃন্দা কাৰাটে

File photo of Brinda karat

বিজেপি নেতা তথা দেশৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙে ত্ৰিপুৰা নিৰ্বাচনী সভাত কৰা মন্তব্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে উভটি ধৰিলে চিপিআই(এম) নেত্ৰী বৃন্দা কাৰাটে ।

মন্ত্ৰী ৰাজনাথ সিঙে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু আইপিএফটিৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেৰে ৰাজ্যখনৰ বিভিন্ন স্থানত নিজৰ দলৰ হৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছিল।

প্ৰচাৰৰ সময়ত সিঙে শাসনাধিষ্ঠিত বাওঁমৰ্চাক প্ৰধানকৈ লক্ষ্য কৰি লৈ তাৰ জনসাধাৰণক নিজৰ ফালে টানিবলৈ চেষ্টা কৰে। ইয়াৰ উপৰি নেতাজনে বাৰে বাৰে কয় যে চিপিআই(এম)ৰ নেতৃত্বত ৰাজ্যখনৰ আইন শৃংখলা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আৰু এই চৰকাৰৰখনৰ অধীনত ত্ৰিপুৰাবাসী সুৰক্ষিত নহয়।

এই মন্তব্য কৰাৰ পিছতে চিপিআই(এম)ৰ বিভিন্ন নেতৃবৃন্দই সমালোচনা কৰিছে যদিও বৃন্দা কাৰাটে তেওঁৰ এই মন্তব্যক বিশেষভাবে প্ৰত্যুত্তৰ দিয়া দেখা যায়।

‘ৰাজনাথ সিঙ আৰু অন্যান্য বিজেপিৰ নেতাসকলে মিছা কথা কোৱা যন্ত্ৰ এটা কঢ়িয়াই লৈ ফুৰে। মিছা কথা কোৱাৰ সকলো সীমা অতিক্ৰম কৰিলে ৰাজনাথ সিঙে। কিয়নো তেওঁ কৈছে ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতি বেয়া, হত্যা-হিংসা অধিক আৰু ইয়াৰ লোকসকল সুৰক্ষিত নহয়। মই ভাবো ৰাজনাথ সিঙ আপুনি পাহৰি গৈছে যে আপুনি এতিয়া উত্তৰপ্ৰদেশৰ বিপৰীতে ত্ৰিপুৰাত আছে। আপোনাৰ উত্তৰপ্ৰদেশত সদায় দকাইত, চুৰি কাৰ্য সংঘটিত হয়। আপুনি পুনৰ পাহৰি গৈছে যে আপুনি হাৰিয়ানাত নাই য’ত এটা সপ্তাহত ছয়গৰাকীকৈ ছোৱালীক ধৰ্ষণ কৰা হয় আৰু আপোনালোকৰ মুখ্য মন্ত্ৰী নিমাত হৈ বহি থাকে’ এনেদৰে উভটি ধৰে বৃন্দা কৰাটে।

তেওঁ পুনৰ কয়, ‘সকলো লোকৰ বাবে ত্ৰিপুৰা নিৰাপদস্থান। ত্ৰিপুৰাত উত্তৰ-পূবৰ অন্য ৰাজ্য ক্ৰমে অসম, মণিপুৰ আৰু নাগালেণ্ডৰ তুলনাত হত্যা-হিংসা অধিক কম’।

উল্লেখযোগ্য যে গৃহ মন্ত্ৰীজনে তেওঁৰ ভাষণ প্ৰসংগত আৰু কৈছিল যে বিজেপিয়ে ৰাজ্যখনত চৰকাৰ গঠন কৰাৰ এসপ্তাহ পিছতে সাংবাদিক সুদীপ দত্ত ভৌমিকৰ হত্যা গোচৰ চিবিআইক হস্তান্তৰ কৰিব।

তেওঁৰ এই মন্তব্যৰ উত্তৰত চিপিআই(এম) নেত্ৰী বৃন্দা কাৰাটে কয় যে নিৰ্বাচনৰ বাবে বিজেপিয়ে আইপিএফটিৰ লগত এক অপৱিত্ৰ নিৰ্বাচনী মিত্ৰতা কৰিছে কিয়নো আইপিএফটিৰ এজন প্ৰাৰ্থীৰ নামত টেলিভিছনৰ যুৱ সাংবাদিক শান্তনু ভৌমিকৰ হত্যা সন্দৰ্ভত গোচৰ ৰুজু হৈ আছে।

কাৰাটে ভাষণত কয়, ‘ৰাজনাথ সিঙে সাংবাদিক হত্যাৰ গোচৰ চিবিআইক হস্তান্তৰ কৰা ঘটনা সন্দৰ্ভত মই একো বুজা নাই। তেওঁ আচলতে সত্য-সত্যতা নাজানে। মই সাংবাদিক শান্তুনুৰ মাতৃক লগ কৰিছিলো আৰু তেওঁৰ মাতৃয়ে পুত্ৰৰ হত্যা সন্দৰ্ভত কৰা প্ৰশ্নৰ পিছত মই অনুসন্ধান চলায় আচৰিত হও যে মাণ্ডৱাই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা আইপিএফটিৰ প্ৰাৰ্থীগৰাকীৰ নামত সংবাদিক হত্যা সন্দৰ্ভত এটা গোচৰ ৰুজু হৈ আছে। হত্যাৰ গোচৰ ৰুজু হৈ থকা আইপিএফটিৰ নেতা তথা অপৰাধত লিপ্ত থকা এটা দলৰ লগত কেনেদৰে বিজেপিয়ে মিত্ৰতা কৰিছে’।

লক্ষ্যণীয় যে ৬০টা সমষ্টিৰে পৰিপূৰ্ণ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটদান অহা ১৮ ফেব্ৰুৱাৰিৰ দিনা অনুষ্ঠিত হ’ব। য’ত বিজেপিয়ে ২৫ বছৰীয়া মানিক সৰকাৰৰ চৰকাৰক ওফৰাই বিজেপি নেতৃত্বাধীন চৰকাৰ স্থাপন কৰাৰ বাবে উঠি পৰি লাগিছে।