ৰাজভৱনত বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ ৰাজ্যপাল জগদীশ মুখীৰ

plantation

অসমক দেশৰ ভিতৰতে এখন প্ৰদূষণমুক্ত ৰাজ্য হিচাপে গঢ় দিবলৈ বৃক্ষৰোপণ অভিযান আৰম্ভ কৰিছে ৰাজ্যপাল জগদীশ মুখীয়ে।

কাৰ্যতঃ অসমক সেউজ- পৰিষ্কাৰ আৰু প্ৰদূষণমুক্ত কৰি তোলাৰ উদ্দেশ্য ৰাজ্যপাল জগদীশ মুখী আৰু তেওঁৰ পত্নী প্ৰেম মুখীয়ে ৰাজভৱন চৌহদত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ৰাজভৱনৰ পৰা জাৰি এক বিবৃতিযোগে এই কথা জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ৰাজ্যপাল মুখীয়ে ৰাজভৱনৰ চৌহদত গছপুলি ৰোপণ কৰাৰ লগতে এই সজাগতা মূলক কাৰ্যসূচী বাহিৰতো কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সেয়েহে ৰাজ্যপাল মুখীয়ে অসম চৰকাৰে গ্ৰহণ কৰা প্ৰদূষণমুক্ত ৰাজ্যৰ গঢ়াৰ পদক্ষেপত ৰাজভৱনক সহায় কৰিবলৈ বন আৰু পৰিৱেশ বিভাগৰ অতিৰিক্ত মুখ্য সচিব আলোক কুমাৰক আহ্বান জনায়।

এই গছপুলি ৰোপণ কাৰ্যসূচীৰ মাজতে ৰাজ্যপাল গৰাকীয়ে কয়— ‘মই বিশ্বাস কৰো যে পৰিষ্কাৰ আৰু সেউজ অসমৰ অভিযান ৰাজভৱনৰ পৰা আৰম্ভ হ’ব লাগে। ইয়াৰ লগতে ৰাজ্যখনৰ সকলো প্ৰান্ততে গছপুলি ৰোপণ কাৰ্যসূচী হ’ব লাগে।

ৰাজ্যপাল গৰাকীয়ে লগতে ৰাজভৱনৰ কৰ্মচাৰীসকলক ভৱনটোৰ সৌন্দৰ্যবৰ্ধনৰ কামত সহায়- সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে।আনহাতে এই উদ্দেশ্য আগত ৰাখিয়েই ৰাজ্যপাল গৰাকীয়ে ৰাজভৱনৰ খালী হৈ থকা ঠাই সমূহত গছপুলি ৰোপণৰ নিৰ্দেশ দিয়ে।

এই গছপুলি ৰোপণ অনুষ্ঠানটোত বন বিভাগৰ মুখ্য অধ্যক্ষ নিৰ্মল কুমাৰ বাসুসহ অন্যান্য উচ্চপদস্থ বিষয়াসমূহ উপস্থিত থাকে।