ৰাজীৱ ভৱনত অনিল ৰাজা সন্মুখীন হ’ল ‘গ’ বেক’ ধ্বনিৰ : অনিলক ঘৰ বিভীষণ আৰু মোডী চৰকাৰৰ এজেণ্ট আখ্যা প্ৰতিবাদকাৰীৰ

Protest
আজি মেঘালয়ৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণৰ কৰি আহি গুৱাহাটীত উপস্থিত হোৱা জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা গোলাম নবী আজাদ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰাৰ সময়তে লাগিল এক অথন্তৰ।
লক্ষণীয় যে নিজ দলৰে নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিশাল সম্পত্তিৰ তালিকা প্ৰকাশ কৰি চাঞ্চল্য সৃষ্টি কৰা অনিল ৰাজা ৰাজীৱ ভৱনত সংবাদ মেলত অংশগ্ৰহণৰ বাবে আহিছিল। কিন্তু উক্ত কাৰ্য্যৰ বাবে দলত প্ৰায় অপ্ৰিয় হৈ পৰা আজি অনিল ৰাজা ৰাজীৱ ভৱনত আহি উপস্থিত হোৱাৰ লগে লগে কংগ্ৰেছ কৰ্মী-নেতা সকলে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা পোৱা গ’ল।
ৰাজ্যিক এন এছ য়ু আই, যুৱ কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছে এই প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদ হোৱা দেখি জ্যেষ্ঠ কংগ্ৰেছী নেতাজনক কাৰ্য্যালয়ৰ এটা চুকত অকলশৰে গালে-মূৰে হাত দি বহি থকা দেখিবলৈ পোৱা গ’ল।
প্ৰতিবাদকাৰী সকলে সংবাদ মাধ্যমক জনোৱা অনুসৰি তেওঁলোকে অনিল ৰাজাক বহিষ্কাৰ কৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাক দাবী জনাব।
উল্লেখযোগ্য যে অনিল ৰাজাই কেইদিনমান পূৰ্বে প্ৰাক্তন মন্ত্ৰী তথা দলটোৰ এজন প্ৰভাৱশালী নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে মন্ত্ৰী হৈ থাকোতে ব্যাপক দুৰ্নীতি কৰি বিশাল সম্পত্তি আহৰণ কৰা বুলি অভিযোগ অনাই নহয়, তেওঁ হুছেইনৰ সম্পত্তিৰ তালিকা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল। অনিল ৰাজাই ৰকিবুলৰ নিজৰ আৰু পৰিয়ালৰ আন সদস্যৰ নামত ৰাজ্যৰ বিভিন্ন ঠাইত আৰু ৰাজ্যৰ বাহিৰতো থকা মাটি, ফ্লেট, ব্যৱসায়িক প্ৰতিষ্ঠান আছে বুলি দাবী কৰিছিল।
আজি প্ৰতিবাদকাৰীসকলে ৰকিবুল হুছেইনৰ বিৰুদ্ধে অনিল ৰাজাই অনা অভিযোগ মিছা বুলি অভিহিত কৰি মন্তব্য কৰে যে অনিল ৰাজা এজন ঘৰ বিভীষণ তথা বিজেপিৰ এজেন্ট।
লগতে কংগ্ৰেছত এনেকুৱা দল বিৰোধী কাম কৰা ঘৰ বিভীষণ সদৃশ নেতাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি তেওঁক অনতি পলমে দলৰ পৰা বহিষ্কাৰ কৰাৰ বাবে প্ৰতিবাদকাৰী সকলে দাবী কৰে।