ৰাজ্যত এতিয়া মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছৰ জ্বৰ : মন্ত্ৰিত্ব-বঞ্চিত বিধায়কৰ সমৰ্থক ৰাজপথত

ProtestOverDenial

ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকনৰ সমৰ্থকৰ ৰাজপথত মৌন সমদল। ফটো : অভিক চক্ৰবৰ্তী।

চৰকাৰ গঠনৰ প্ৰায় দুবছৰৰ মূৰত সোণোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ল যদিও মন্ত্ৰিত্ব নোপোৱাসকলৰ লগতে তেওঁলোকৰ সমৰ্থকৰ ক্ষোভ আৰু প্ৰতিবাদ অব্যাহত থকা দেখা গৈছে। ফলত সমগ্ৰ ৰাজ্য এতিয়া আক্ৰান্ত হৈছে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পিছৰ জ্বৰত। ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে বৰাকতো এই জ্বৰৰ উত্তাপ অনুভূত হোৱা বুলি জানিব পৰা গৈছে।

মন্ত্ৰিত্বৰ পৰা বঞ্চিত ৰমাকান্ত দেউৰীৰ সমৰ্থকে আজি অসম বন্ধ দিয়াৰ লগতে মন্ত্ৰিত্ব প্ৰত্যাশী তথা বিজেপি দলৰ জ্যেষ্ঠ নেতা আৰু ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰ সমৰ্থকেও আজি ডিব্ৰুগড়ত উলিয়ায় প্ৰতিবাদী মৌন সমদল। প্ৰশান্ত ফুকনৰ সমৰ্থকসকলে বেনাৰ আৰু প্লেকাৰ্ড হাতত লৈ ৰাজপথলৈ মৌন সমদল কৰি ওলাই আহে বুলি জানিব পৰা গৈছে।

আনহাতে গোৰ্খা ছাত্ৰ সন্মিলনেও আজি গোৰ্খা জনগোষ্ঠীটোৰ এজনো বিধায়কক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত নকৰাৰ প্ৰতিবাদ জনাই অনতি পলমে জনগোষ্ঠীটোৰ এজনক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ দাবীত গুৱাহাটীত সংবাদমেল আয়োজন কৰে।

তেওঁলোকে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা অথবা বৰচলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত নকৰিলে আগন্তুক নিৰ্বাচনবোৰ বৰ্জন কৰাৰ ভাবুকি দিয়ে।

শাসনাধিষ্ঠিত দলৰ কৰ্মী-সমৰ্থক হ’লেও এই প্ৰতিবাদকাৰীসকলক এতিয়া বিভিন্ন কাৰণত নিজৰ বিধায়কৰ সমৰ্থক হিচাপে নিজক অধিক গুৰুত্ব দিয়া দেখা গ’ল।

উল্লেখযোগ্য যে বিধায়ক প্ৰশান্ত ফুকনে নিজেও মন্ত্ৰিত্ব নোপোৱাৰ ক্ষোভত কালি একাধিক দলীয় বিষয়বাবৰ পৰা পদত্যাগ কৰিছিল। তেওঁ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে অসম মেডিকেল কলেজ এণ্ড হস্পিটেলৰ পৰিচালনা সমিতিৰ অধ্যক্ষ পদৰ পৰাও অব্যাহতি লৈছিল।

আনহাতে দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰায়ো ক্ষোভ উজিৰা সংবাদ মাধ্যমৰ আগত নিজৰ অসন্তুষ্টি  প্ৰকাশ কৰিছে। তেওঁ মন্ত্ৰিত্বৰ লোভত বিজেপিৰ ৰাষ্ট্ৰবাদী চৰিত্ৰৰ ওচৰত অসমৰ জাতীয় চৰিত্ৰক সেও নকৰে বুলিও মন্তব্য কৰা দেখা গ’ল।