ৰাজ্যিক অভ্যন্তৰীণ জল পৰিৱহণ বিভাগে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গঢ়ি তুলিব বন্দৰ নগৰী

প্ৰায় এহেজাৰ কোটি টকা ব্যয়েৰে ৰাজ্যিক অভ্যন্তৰীণ জল পৰিৱহণ বিভাগে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গঢ়ি তুলিব বন্দৰ নগৰী। শদিয়াৰ পৰা ধুবুৰীলৈকে মুঠ ৮৯১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰায় প্ৰতিখন গাৱঁক স্পৰ্শ কৰি যাব পৰাকৈ এই বন্দৰ নগৰীবোৰ বিশেষ বিশেষ স্থানত, যেনে- নিমাতীত, স্থাপন কৰা হ’ব। এই কথা এন ই নাওক জনাইছে ৰাজ্যিক অভ্যন্তৰীণ জল পৰিৱহণ বিভাগৰ সঞ্চালক বি বি দেৱচৌধুৰীয়ে। তেওঁ কয় যে এই বন্দৰবোৰক এটা সৰু বিমানবন্দৰৰ দৰে গঢ়ি তোলা হ’ব, অৰ্থাৎ ইয়াত এটা সৰু বিমান বন্দৰৰ দৰে সা-সুবিধাযুক্ত হ’ব। এইবোৰৰ ভিতৰত পাণ্ডু নদী-বন্দৰটোৰ বিশেষ ভূমিকা থাকিব। ই অসমক বাংলাদেশৰ মাজেৰে অন্যান্য আছিয়ান (ASEAN) দেশবোৰলৈ যোৱা বা সেইবোৰৰ পৰা অহা দুৱাৰমুখস্বৰূপ হ’ব। ব্যৱসায়িক উদ্দেশ্যত বিভিন্ন দেশৰ জাহাজ, ফেৰিৰ যাতায়াতৰ মাজেৰে এই বন্দৰ উপনগৰীবোৰক বাণিজ্যৰ অভিকেন্দ্ৰ কৰি তোলা হ’ব। ‘পথ যোগাযোগ ব্যৱস্থাৰ ওপৰত থকা হেঁচা কমোৱাৰ লগতে সুসংগঠিত জল পৰিবহণ খণ্ডই বৃহৎ নিয়োগৰো সুযোগ সৃষ্টি কৰিব।’ এইদৰে কয় সঞ্চালক দেৱচৌধুৰীয়ে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰ নদীপথত ৰাতিও নাও-জাহাজ চলাৰ ব্যৱস্থা কৰা হ’ব। ইয়ো অৰ্থনীতি উন্নত কৰিব।

উল্লেখযোগ্য যে এতিয়া ব্ৰহ্মপুত্ৰত ১০০ খন মান ফেৰি চলি আছে।

‘উপযুক্ত নিৰাপত্তা মানবোৰ মানি চলাটো অতিকে জৰুৰী। লগতে আমি মালবস্তু পৰিবহণৰ বাবে আধুনিক তথা উন্নত ধৰণৰ জাহাজ আনিব লাগিব। লাগিলে সি কৃষিজাত সামগ্ৰীয়েই হওক বা আন কিবা উদ্যোগজাত সামগ্ৰীয়েই হওক।’ দেৱচৌধুৰীয়ে কয়। তেওঁ আৰু কয় যে আন বন্দৰবোৰলৈ চালান দিব পৰাকৈ থলুৱা কৃষিজাত সামগ্ৰীবোৰৰ উন্নতমানৰ পেকেট কৰা দৰকাৰ হ’ব।

ইয়াৰ সঞ্চালকজনে জনোৱা মতে উপৰি অভ্যন্তৰীণ জল পৰিবহণে বিশ্ব বেংকৰ সাহায্যত আন এটা প্ৰকল্পৰ বাবেও কাম কৰি আছে। অসম অভ্যন্তৰীণ জল পৰিবহণ প্ৰকল্প নামৰ এই প্ৰকল্পৰ অধীনত যাত্ৰীৰ সুচলতাৰ প্ৰতি লক্ষ ৰাখি উন্নত মানৰ জাহাজ, ফেৰি ক্ৰয় কৰা হ’ব। বহুতো কোম্পানীয়ে এই ধৰণৰ জলযান বিক্ৰী কৰিবলৈ আগ্ৰহী হৈ থকা বুলি সঞ্চালকজনে জানিবলৈ দিয়ে।