• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যিক হেণ্ডবল খেলুৱৈ, প্ৰশিক্ষক মঞ্জুৰ আলীৰ নিষ্ঠাপূৰ্ণ প্ৰয়াসে ডিমৌক উপহাৰ দিছে সফল খেলুৱৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2018 9:09 pm
ManjurAli_1

ডিমৌ হেণ্ডবল ক্লাবৰ এটা নিয়মীয়া প্ৰশিক্ষণৰ দৃশ্য।

242
VIEWS
Share on FacebookShare on Twitter
শিৱসাগৰ জিলাৰ ডিমৌৰ সুদক্ষ হেণ্ডবল খেলুৱৈ তথা বৰ্তমান ডিমৌ হেণ্ডবল ক্লাবৰ প্ৰশিক্ষক মঞ্জুৰ আলীয়ে অঞ্চলটোৰ লগতে ৰাজ্যৰো ক্ৰীড়া ক্ষেত্ৰখনলৈ উল্লেখযোগ্য অৱদান আগ বঢ়াই আহিছে। মঞ্জুৰ আলীয়ে খুব উন্নত মানৰ সা-সুবিধা নথকা ডিমৌৰ দৰে অঞ্চলত প্ৰায় একক প্ৰচেষ্টাৰে এনে এটা পৰিৱেশ সৃষ্টি কৰিছে, য’ৰ পৰা অতি দক্ষতাসম্পন্ন হেণ্ডবল খেলুৱৈৰ জন্ম হৈ শিৱসাগৰ জিলাৰ লগতে ৰাজ্যখনকো প্ৰতিনিধিত্ব কৰিব পৰা হ’ল। তেওঁ বৰ্তমান ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন সফল হেণ্ডবল প্ৰশিক্ষক।
তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল আশীৰ দশকৰ শেষৰ ফালে। ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠান (National Institute of Sports)ৰ প্ৰশিক্ষক যদু গগৈৰ উদ‍্যোগত আৰু ডিমৌ ক্ৰীড়া অনুশীলনীৰ সহযোগত ডিমৌ ৰাজহুৱা খেলপথাৰত এক হেণ্ডবল প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছিল। সেই শিবিৰতে পোহৰলৈ আহে লুকাই থকা এক ক্ৰীড়া প্ৰতিভা, অসমৰ ভৱিষ‍্যৎ ক্ৰীড়াক্ষেত্ৰৰ সুদক্ষ খেলুৱৈ মঞ্জুৰ আলী।
তাৰ পৰাই খেলুৱৈ জীৱন লাভ কৰা এই যুৱকজনে পিছত হেণ্ডবলৰ জৰিয়তে এক ক্ৰীড়া বিপ্লৱ অনাৰ লক্ষৰে ডিমৌ ৰাজহুৱা খেলপথাৰত এক প্ৰচেষ্টাত পুনৰ সেই প্ৰশিক্ষাৰ্থীসকলক একগোট কৰে আৰু  ডিমৌৰ আন কেইবাজনো ক্ৰীড়াপ্ৰেমী ব‍্যক্তিৰ সহযোগিতাৰে ১৯৮৮ চনত জন্ম দিয়ে ডিমৌ হেণ্ডবল ক্লাব।
ক্লাবৰ জৰিয়তে স্বপ্ৰতিভাৰে উজলি উঠি আলী সৰ্বভাৰতীয় পৰ্যায়ত সফল হেণ্ডবল খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। এজন সফল খেলুৱৈ হিচাপে ৰাজ্যিক-ৰাষ্ট্ৰীয় পৰ্য্যায়ত নিজৰ স্থিতি দৃঢ় কৰাৰ পিছত তেওঁ একাদিক্ৰমে ১৯৯০ চনত দিল্লী ৰাষ্ট্ৰীয় স্কুল গেইমছ, ১৯৯২ চনত উত্তৰ-প্ৰদেশত অনুষ্ঠিত ৰাষ্ট্ৰীয় জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতা, ১৯৯৪ চনত বিহাৰৰ জামছেদপুৰত অনুষ্ঠিত ২৩ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত অসম দলৰ অধিনায়ক হিচাপে অংশ গ্ৰহণ কৰাৰ সুযোগ পাইছিল।
১৯৯৫ চনত ত্ৰিপুৰাত উত্তৰ-পূৱ ক্ৰীড়া সমাৰোহত হেণ্ডবলত, আৰু একেটা বৰ্ষতে নৱেম্বৰত পঞ্জাৱ পাটিয়ালাত অনুষ্ঠিত হোৱা ৪১ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেইমছত অসম দলৰ অধিনায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।
১৯৯৬ চনত মহাৰাষ্ট্ৰৰ নাগপুৰত ৰাষ্ট্ৰীয় ছিনিয়ৰ হেণ্ডবল প্ৰতিযোগিতা, ১৯৯৮ চনত অন্ধ্ৰপ্ৰদেশত ২৭সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ হেণ্ডবল প্ৰতিযোগিতা, ১৯৯৯ চনত অসমৰ ডিমৌত হোৱা প্ৰথম উত্তৰ-পূৰ্বাঞ্চল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা তেওঁৰ নেতৃত্বৰ অসম দলটোৱে ৰানাৰ্ছ আপৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
ইয়াৰ উপৰি ১৯৯৯ চনত মহাৰাষ্ট্ৰৰ পুনেত হোৱা ৰাষ্ট্ৰীয় ছিনিয়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে ২০০০ চনত অসমৰ তিনিচুকীয়াত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া সমাৰোহত হেণ্ডবলত অসম দলৰ অধিনায়ক হিচাপে অংশগ্ৰহণ কৰিও দলটোক ৰানাৰ্ছ আপ খিতাপ লাভ কৰাত সহায় কৰে। একেদৰে ২০০১ চনত অৰুণাচলৰ ইটানগৰত ১৫ সংখ‍্যক উত্তৰ-পূব ক্ৰীড়া সমাৰোহত হেণ্ডবলত ৰানাৰ্ছ আপ খিতাপ লাভ কৰিছিল।
ইয়াৰ পিছত  ২০০৩ চনত মধ‍্যপ্ৰদেশৰ ভিলাইত অনুষ্ঠিত ৩১সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত অসম দলৰ অধিনায়ক হিচাপে অংশ গ্ৰহণ কৰাৰ লগতে  ২০০৬ চনত নাগালেণ্ডৰ কহিমাত অনুষ্ঠিত উত্তৰ-পূব ক্ৰীড়া সমাৰোহত হেণ্ডবলত অসম দলৰ অধিনায়ক হিচাপে অংশগ্ৰহণ কৰে।
২০০৬ চনত আলীয়ে গুৱাহাটীত অনুষ্ঠিত হোৱা উত্তৰ-পূব হেণ্ডবলত তৃতীয় স্থান লাভ কৰা অসম দলটোৰো অধিনায়ক হিচাপে আছিল মঞ্জুৰ আলী। সৰ্বভাৰতীয় পৰ্যায়ত ১৫খনকৈ বৃহৎ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে কেইবাবাৰো ৰাষ্ট্ৰীয় পৰ্যায়ত অসম দলৰ অধিনায়ক হিচাপে নেতৃত্ব প্ৰদান কৰি তেওঁ এটা ৰাষ্ট্ৰীয় পৰিচয়ৰ অধিকাৰী হৈ পৰিছিল।
খেলুৱৈ হিচাপে নিজৰ উজ্জ্বল কেৰিয়াৰৰ উপৰি মঞ্জুৰ আলীয়ে প্ৰশিক্ষক হিচাপে ডিমৌ হেণ্ডবল ক্লাবৰ পৰা বহু দক্ষ-নিপুণ খেলুৱৈ সৃষ্টি কৰিছে।
১৯৮৮ চনৰ পৰা ২০১৬ চনলৈকে তেওঁৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত প্ৰায় ৫৬গৰাকী ল’ৰা আৰু ৫৮গৰাকী ছোৱালী খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি আহিছে।
ইয়াৰ উপৰি আলীৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈ গণেশ দত্ত আৰু প্ৰয়াত বিকি বাঢ়ৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম দলক প্ৰতিনিধিত্ব কৰিছে।
লগতে মঞ্জুৰ আলীৰ নেতৃত্বত তথা ডিমৌ হেণ্ডবল ক্লাবৰ উদ‍্যোগত ডিমৌত মুঠ সাতখন ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতাৰ বাবে অসম দলৰ প্ৰশিক্ষণ শিবিৰ আৰু খেলুৱৈ বাছনি শিবিৰ  হৈ গৈছে।
২০০৫ চনত ৰাজস্থানৰ জয়পুৰত হোৱা ২২ সংখ্যক ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ ছোৱালী হেণ্ডবল প্ৰতিযোগিতাত  দ্বিতীয় স্থান লাভ কৰা অসম ছোৱালী দলটোত প্ৰশিক্ষক হিচাপে আছিল মঞ্জুৰ আলী।
ManjurAli_2
প্ৰাক্তন হেণ্ডবল খেলুৱৈ, ডিমৌ হেণ্ডবল ক্লাবৰ প্ৰশিক্ষক তথা ক্ৰীড়া সংগঠক মঞ্জুৰ আলী।
২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ইষ্ট জ’নত ব্ৰঞ্জৰ পদকপ্ৰাপ্ত অসমৰ পুৰুষ হেণ্ডবল দলত প্ৰশিক্ষক, ২০০৭ চনত গুৱাহাটীত ৰাষ্ট্ৰীয় মহিলা হেণ্ডবল চেম্পিয়নশ্বিপৰ অসম দলৰ প্ৰশিক্ষক, নাগপুৰ, কাৰ্ণিহাট আৰু পশ্চিমবংগত অনুষ্ঠিত তিনিখন ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতাত অসম দলৰ মেনেজাৰ হিচাপে অংশগ্ৰহণ কৰিছিল। কাৰ্ণিহাট চেম্পিয়নশ্বিপত অসম দলৰ ৰানাৰ্ছ আপ খিতাপ অৰ্জন কৰাত মেনেজাৰ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল মঞ্জুৰ আলীয়ে।
      শেহতীয়াকৈ ২০১৮ চনৰ জানুৱাৰিত শিৱসাগৰ জিলাৰ  ডিমৌ হেণ্ডবল ক্লাবৰ উদ‍্যোগত ডিমৌত অনুষ্ঠিত কৰা  ১৫ তম অচ্যুত বৰুৱা সোঁৱৰণি আন্তঃজিলা পুৰুষ-মহিলা হেণ্ডবল প্ৰতিযোগিতাত আলীৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত ডিমৌৰ লৰা-ছোৱালী উভয় দলে শিৱসাগৰ জিলাৰ হৈ চূড়ান্ত খিতাপ দখল কৰিবলৈ সক্ষম হয়।
২০১৮ চনৰ ২ ফেব্ৰুৱাৰি পৰা তিনিদিনীয়াকৈ নলবাৰী জিলা বেলশৰত অনুষ্ঠিত হোৱা সদৌ অসম অমূল্য দাস সোঁৱৰণি জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাতো মঞ্জুৰ আলীৰ প্ৰশিক্ষণপ্ৰাপ্ত  শিৱসাগৰ জিলাক প্ৰতিনিধিত্ব কৰা ডিমৌ হেণ্ডবল ক্লাবৰ ল’ৰা আৰু ছোৱালী দুয়োটা দলেই চূড়ান্ত বিজয়ী হয়।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক হিচাপে স্বীকৃতি লাভ কৰা মঞ্জুৰ আলীয়ে ডিমৌ হেণ্ডবল ক্লাবৰ যোগেদি সুদীৰ্ঘ ত্ৰিচটা বছৰ একেই দূৰন্ত গতিৰে আজি পৰ্যন্ত ডিমৌত হেণ্ডবলৰ এক ইতিবাচক বাতাবৰণ আগ বঢ়াই আহিছে। এওঁৰ উদ্যোগৰ বাবেই আজি ৰাজ্যিক-ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ হেণ্ডবল খেলৰ মানচিত্ৰত ডিমৌৰ নাম বিশেষভাৱে উজলি আছে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd