ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট চিকিৎসকক ডাউন-টাউন হস্পিতালে প্ৰদান কৰিলে বঁটা

Down Town Hospital File Photo

ডাউন টাউন হস্পিতালৰ ২৯ সংখ্যক বাৰ্ষিক উৎসৱৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে মাছখোৱা আই টি এ প্ৰকল্পৰ প্ৰেক্ষাগৃহত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।

উল্লেখ্য যে মানুহে অংগদান কৰিও কেনেদৰে সু-স্বাস্থ্যৱান হৈ থাকিব পাৰে এই সম্পৰ্কত বিগত ২৫ বছৰ ধৰি ডাউন টাউন হস্পিতাল কৰ্তৃপক্ষই ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন সভা অনুষ্ঠিত কৰি আহিছে।

এইবেলি এই সম্পৰ্কত মাদ্ৰাছ মেডিকেল মিছন হস্পিতাল, চেন্নাই আৰু মোহন ফাউণ্ডেচনৰ পৰিচালন ন্যাসৰক্ষী তথা ট্ৰান্সপ্লেনটেচনৰ ছিনিয়ৰ কনছালটেণ্ট ডাঃ সুনীল শ্ৰমে ভাষণ দি প্ৰজেক্টৰৰ সহায়ত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ চিত্ৰ প্ৰদৰ্শন কৰে।

উল্লেখ্য যে ডাউন টাউন হস্পিতাল কৰ্তৃপক্ষই কিছু বছৰৰ পৰা চিকিৎসকসকলক উৎসাহিত কৰিবলৈ ‘এৱাৰ্ড ফৰ এক্সিলেন্স’ শীৰ্ষক এক প্ৰতিযোগিতাও অনুষ্ঠিত কৰি আহিছে।

২০১৮ বৰ্ষৰ প্ৰতিযোগিতাত নিৰ্বাচন কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক নিৰ্দেশক ডাঃ বিভাস চন্দ্ৰ গোস্বামীক। লগতে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ বি কে দাস আৰু ডাউন টাউন হস্পিতালৰ চিকিৎসক ডাঃ শুক্লা দাসকো বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে।

বৃহস্পতিবাৰে সন্ধিয়া এই তিনিগৰাকী বিশিষ্ট চিকিৎসকক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে বঁটা প্ৰদান কৰা হয়।

বঁটা প্ৰদান অনুষ্ঠানৰ আৰম্ভণিতে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অমৰজ্যোতি চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

ইয়াৰ পিছতে অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ডাঃ বিভাস চন্দ্ৰ গোস্বামীক সোণৰ পদক, স্মাৰক, মানপত্ৰ আৰু নগদ ১ লাখ টকা প্ৰদান কৰা হয়।

আনহাতে ডাঃ বি কে দাসক স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে ডাঃ শুক্লা দাসক স্মাৰক, মানপত্ৰৰ উপৰি অধ্যাপক প্ৰতুল গোস্বামীৰ পৰিয়ালৰ তৰফৰ পৰা নগদ ১০ হাজাৰ টকা প্ৰদান কৰা হয়।

আনহাতে বৃহস্পতিবাৰে ডাউন টাউন হস্পিতালৰ ২৯ সংখ্যক বাৰ্ষিক উৎসৱ উপলক্ষে হস্পিতালৰ প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হৈ যায়।

হস্পিতালৰ পৰিচালন সঞ্চালক ডাঃ নৰেন্দ্ৰ নাথ দত্তই আদৰণী ভাষণ দিয়া সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত কাজী এম মুছাদ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্‌হাই।