ৰাজ্য চৰকাৰে শিক্ষাৰ অধিকাৰ আইন ভংগ কৰিছে : অল আছাম ইলিজিবল্ কাম ৰিক’মেণ্ডেট টিচিং এণ্ড ন’ন-টিচিং এচ’ছিয়েশ্যন

Guwahati-High-Court-678x381

ৰাজ্য চৰকাৰে অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীসকলক ন্যায়ৰ পৰা বঞ্চিত কৰাৰ লগতে চৰকাৰখনে শিক্ষাৰ অধিকাৰ আইন ভংগ কৰিছে। ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি এই অভিযোগ ‘অল আছাম ইলিজিবল্ কাম ৰিক’মেণ্ডেট টিচিং এণ্ড ন’ন-টিচিং এচ’ছিয়েশ্যন’ নামৰ সংগঠনটোৰ।

সংগঠনটোৰ উদ্যোগত বৃহস্পতিবাৰে বৰপেটা জিলাৰ হাউলীৰ চণ্ডীবৰুৱা প্ৰেক্ষা গৃহত অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ সভাত সভাপতি আব্দুল হামিদ শিকদাৰে কয় যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনৰ লগতে বৰ্তমানৰ পৰিবৰ্তনৰ শ্লোগান আওৰোৱা বিজেপি চৰকাৰৰ দ্বাৰাও চূড়ান্তভাৱে প্ৰতাৰিত হৈ আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সমূহৰ শিক্ষক-কৰ্মচাৰীসকল।

চৰকাৰ খনে ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী সকলক ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ লগতে  চৰকাৰখনে শিক্ষাৰ অধিকাৰ আইনখনো ভংগ কৰা বুলি অভিযোগ কৰে। শিক্ষাৰ অধিকাৰ আইন অনুসৰি ছাত্ৰ-ছাত্ৰী সকলে পাব লগা চৰকাৰী সা-সুবিধাৰ পৰা অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰ-ছাত্ৰী সকলক বঞ্চিত কৰি ৰখা বুলি উল্লেখ কৰি চৰকাৰৰ এনে কাম-কাজে আইনখনক  ভংগ কৰাটো প্ৰমানিত হোৱা বুলি সভাপতি গৰাকীয়ে কয়।

ৰাজ্য চৰকাৰে চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰা গণবেশ, ছাইকেল আদিকে ধৰি অন্যান্য সা-সুবিধাৰ পৰা অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰ-ছাত্ৰী সকলক বঞ্চিত কৰি ৰখাটো দূৰ্ভাগ্যজনক বুলি সভাপতি গৰাকীয়ে উল্লেখ কৰে।

উল্লেখ্য যে, অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী সকলৰ ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ত তৰা গোচৰৰ ওপৰত ভিত্তি কৰি গুৱাহাটী উচ্চ ন্যায়ালত তৰা গোচৰ সম্বন্ধে কালি অনুষ্ঠিত সভাখনত সংগঠনটোৰ উপ-সভাপতি ধৰ্মেশ্বৰ বড়ো, সম্পাদক সফিকুল ইছলাম ভুট্ট, প্ৰচাৰ সম্পাদক পুলেন্দ্ৰ দাসেও ভাষণ প্ৰদান কৰে।

এই সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাৰ প্ৰস্তাৱ অনুসৰি অহা ২২ মে’ত গুৱাহাটী উচ্চ ন্যায়ালত গোচৰ তৰা সম্বন্ধে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে। গোচৰটো পৰিচালনা কৰাৰ বাবে এই সভাতে ১৩ জনীয়া আহ্বায়ক সমিতি এখনো গঠন কৰা হয়।

দহ বছৰ অতিক্ৰম কৰা অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ  শিক্ষক-কৰ্মচাৰীক প্ৰাদেশীকৰণৰ পূৰ্বৰ আইন অনুসৰি ২০১৩ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা আৰু সাত বছৰ অতিক্ৰম কৰা অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীসকলক ২০১৩ বৰ্ষৰ ১৪ আগষ্টত কাৰ্যকৰী হোৱাকৈ প্ৰাদেশীকৰণৰ সা-সুবিধা প্ৰদানৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি দুৰ্ভগীয়া শিক্ষক-কৰ্মচাৰীসকলে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।