বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি বিধান সভাত দাখিল কৰা বাজেটে ৬৮১১খন অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ প্ৰায় ৩২ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ জীৱনলৈ কোনো আশা কঢ়িয়াই আনিব নোৱাৰিলে।
এই বাজেটত দুৰ্ভগীয়া শিক্ষক-কৰ্মচাৰীক সকাহ দিব পৰাকৈ কিবা থাকিব বুলি শিক্ষক-কৰ্মচাৰীসকলে আশা কৰি আছিল যদিও কালি মন্ত্ৰীগৰাকীয়ে তেওঁলোকক চূড়ান্তভাৱে আশাহত কৰিলে। বছৰ বছৰ ধৰি বিনা বেতনে কৰ্মৰত হৈ ৰাজহুৱা শিক্ষা খণ্ডৰ ডাঙৰ ভূমিকা গ্ৰহণ কৰি অহা শিক্ষক-কৰ্মচাৰীসকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে অসম শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চই।
ঐক্য মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ছবেদ ভূঞা আৰু সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই এক বিবৃতিৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ২০১৬ৰ অসম বিধান সভাৰ নিৰ্বাচনী সভাত ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হ’লে প্ৰথম কেবিনেটতে প্ৰাদেশীকৰণৰ সমস্যা সমাধান কৰা হ’ব।
কিন্তু মন্ত্ৰীগৰাকীয়ে কালি দাখিল কৰা ‘ডিজিটেল বাজেট’ত মন্ত্ৰীগৰাকীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ কোনো প্ৰতিফলন নঘটিল। প্ৰাদেশীকৰণ সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ দুবছৰ পূৰ্বৰ মন্তব্য আৰু বৰ্তমানৰ মন্তব্য সম্পূৰ্ণ বিপৰীত বুলি বিবৃতিটোত উল্লেখ কৰে।
মন্ত্ৰীগৰাকীৰ এনে ওলোটা খৰ মৰা কাৰ্যৰ ফলত বিনা বেতনে সেৱা আগবঢ়োৱা শিক্ষক-কৰ্মচাৰীসকলে খালী হাতে অৱসৰ গ্ৰহণ কৰাৰ লগতে আন একাংশই মৃত্যুক সাৱটি ল’বলৈ বাধ্য হ’ব বুলিও তেওঁলোকে উল্লেখ কৰে।
ব্যক্তিগত শিক্ষা খণ্ডৰ প্ৰতি বিশেষ দৰদ প্ৰদৰ্শন কৰাৰ বাবেই ৰাজহুৱা শিক্ষা খণ্ডত অন্যতম ভূমিকা গ্ৰহণ কৰি অহা অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ সমস্যা সমাধানত পিঠি দি নিতৌ নতুন চৰ্ত আৰোপ কৰি বছৰ বছৰ ধৰি সেৱা আগ বঢ়াই অহা শিক্ষক-কৰ্মচাৰীসকলক মন্ত্ৰীগৰাকীয়ে মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি বিবৃতিটোত কয়।
উল্লেখযোগ্য যে, পূৰ্বৰ প্ৰাদেশীকৰণ আইন ২০১১ৰ গণ্ডীত বিত্ত বিভাগত থকা ভেন্সাৰ শিক্ষানুষ্ঠানত কৰ্মৰত ৩২ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ পদসমূহ প্ৰাদেশীকৰণ কৰাৰ বাবে অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ লগতে অন্যান্য শিক্ষক সংগঠনসমূহে সময়ে সময়ে আবেদন-নিবেদন কৰাৰ লগতে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই বিত্ত তথা শিক্ষামন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰীগৰাকীৰ আঁকোৰগোঁজ মনোভাবৰ বাবেই ৬৮১১খন অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ প্ৰায় ৩২ হাজাৰ শিক্ষক-কৰ্মচাৰীয়ে ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকা বুলি বিবৃতিটোত উল্লেখ কৰে। উল্লেখযোগ্য যে, প্ৰাদেশীকৰণ আইন ২০১১ আৰু সংশোধনী ২০১২-১৩ৰ অধীনত বিত্ত বিভাগত থকা ২৮৮৮খন নিম্ন প্ৰাথমিক, ৩১৩৫খন উচ্চ প্ৰাথমিক, ২২৫খন উচ্চ মাধ্যমিক, ১১৪খন উচ্চতৰ মাধ্যমিক, ১০৫খন কনিষ্ঠ মহাবিদ্যালয়, ৮৫খন সংস্কৃত টোল, ২০খন ছিনিয়ৰ মাদ্ৰাছা, ১৪৩খন প্ৰি-ছিনিয়ৰ মাদ্ৰাছাৰ লগতে প্ৰথম পৰ্যায়ৰ পৰা ৰৈ যোৱা ৯৬খন শিক্ষানুষ্ঠানসহ মুঠ ৬৮১১ খন শিক্ষানুষ্ঠানৰ প্ৰায় ৩২ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ পদসমূহ প্ৰাদেশীকৰণ কৰাৰ বাবে বিত্ত বিভাগত বিবেচনাধীন অৱস্থাত আছিল যদিও পৰিৱৰ্তনকামী চৰকাৰখনৰ দিনত পূৰ্বৰ প্ৰাদেশীকৰণ আইনখন বাতিল কৰাৰ সুযোগ প্ৰদান কৰাত ৩২ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ জীৱনৰ প্ৰতি অনিশ্চয়তা নামি আহে।
আইন অনুসৰি, বৈধ বিবেচিত ৬৮১১ খন অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ প্ৰতি চলিত অসম বিধান সভাৰ অধিৱেশনত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৩২ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ লগতে পৰিয়ালবৰ্গই আশা প্ৰকাশ কৰিছিল যদিও কালিৰ ডিজিটেল বাজেটে পুনৰবাৰ আশাহত কৰিলে দুৰ্ভগীয়া শিক্ষক-কৰ্মচাৰীৰ লগতে পৰিয়ালবৰ্গক।