ৰাষ্ট্রীয়তাবাদৰ মনোভাৱ বৃদ্ধিৰ উদ্দেশ্যে সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত মাৰাথন দৌৰ প্ৰতিযোগিতা

প্ৰতিনিধিত্বমূলক ফটো

ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনে দেওবাৰে মহানগৰীত গণতন্ত্ৰ দিৱসৰ প্ৰাক্ ক্ষণত একতা আৰু ৰাষ্ট্ৰীয়তাৰ মনোভাৱ বৃদ্ধি কৰাৰ লক্ষ্যেৰে মিনি মাৰাথনৰ আয়োজন কৰে। এই মিনি মাৰাথনৰ নামকৰণ কৰা হৈছিল ‘ৰাষ্ট্ৰীয় একতা মিনি মাৰাথন’।

সমাজৰ বিভিন্ন শ্ৰেণীৰ তথা বিভিন্ন বয়সৰ লোকে মাৰাথনত অংশ গ্ৰহণ কৰে।

এই মাৰাথনত ১,১৩০ গৰাকী পুৰুষ, ৩৬৮ গৰাকী মহিলা, ১,১১২ গৰাকী ছাত্ৰ আৰু ৭০ গৰাকী জ্যেষ্ঠ নাগৰিকে অংশ লয়। নেহৰু ষ্টেডিয়ামত মুকলি কৰা মাৰাথনটো জি এছ ৰোড হৈ গমেশগুৰি ফ্লাই অভাৰলৈকে আহি পুনৰ নেহৰু ষ্টেডিয়ামলৈ উভতি যায়।

৫১  চাব এৰিয়াৰ জিঅ’চি মেজৰ জেনেৰেল অৰুণ কুমাৰ বাৰ্মা, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক পৱিত্ৰ খাউণ্ড, যুটীয়া সঞ্চালক ৰণুজ বৰকটকী আৰু ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূব মণ্ডলৰ মুখ্য মহা প্ৰৱন্ধক  পিভিএছএলএন মুৰ্থিয়ে সমূহীয়াভাৱে মাৰাথনটো আনুষ্ঠানিকভাৱে মুকলি কৰিলে।

এই দৌৰটো চাৰিটা শাখাত ভাগ কৰা হৈছিল : পুৰুষৰ(১৬-৫০ বছৰ) ১০ কিলোমিটাৰ, মহিলা(১৬-৫০বছৰ) ৫ কিলোমিটাৰ, ছাত্ৰৰ (৮-১৫ বছৰ) ৪ কিলোমিটাৰ আৰু ৫০ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ২ কিলোমিটাৰ দৌৰৰ ব্যৱস্থা ৰখা হৈছিল।

এই অনুষ্ঠানত আন্তৰ্জাতিক খ্যাতিসম্পন্ন ক্ৰীড়াবিদো উপস্থিত আছিল। তাৰ ভিতৰত আছিল ভোগেশ্বৰ বৰুৱা আৰু জয়ন্ত তালুকদাৰ।

প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে পদক আৰু প্ৰমান পত্ৰ প্ৰদান কৰা হয়। চাৰিওটা শাখাৰ প্ৰথম স্থান লাভ কৰা চাৰিগৰাকীক নগদ ধনৰ উপহাৰো আগবঢ়োৱা হয়।