NORTHEAST NOW (Assamese)

অখিল গগৈৰ মুক্তিৰ দাবীত দিল্লীত ১৮৪ টা কৃষক সংগঠনৰ একত্ৰিত প্ৰতিবাদ

November 20, 2017 1:19 pm · এন ই নিউজ ব্যুৰো, নতুন দিল্লী:

ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাবাস খাটি থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত গোটেই দেশৰে প্ৰায় ১৮৪ টা কৃষক সংগঠনে আজি নতুন দিল্লীৰ সংসদ মাৰ্গত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। উক্ত সভাখনত অংশ গ্ৰহণ কৰা কৃষক সংগঠনবোৰৰ প্ৰতিনিধিসকলে অতি শীঘ্ৰে কৃষক নেতাজনৰ মুক্তিৰ দাবী তোলে। সভাখনত অসমৰ পৰা বেদান্ত লস্কৰৰ নেতৃত্বত প্ৰায় ২০০ তকৈয়ো অধিক কৃষক মুক্তিৰ সদস্যই অংশগ্ৰহণ কৰে। আজিৰ প্ৰতিবাদী সভাত উপস্থিত সকলৰ ভিতৰত স্বৰাজ অভিযানৰ নেতা যোগেন্দ্ৰ যাদৱো আছিল। নিজৰ বক্তব্যত যাদৱে কয় যে তেওঁ অখিলৰ ভাষণটো ভালকৈ চাইছে আৰু তাত অখিলে কোনো ৰাষ্ট্ৰদ্ৰোহমূলক মন্তব্য দিয়াৰ প্ৰমাণ নাই। তেওঁ অখিলক গণতন্ত্ৰত বিশ্বাসী তথা দুৰ্নীতিৰ বিৰুদ্ধে এগৰাকী যোদ্ধা বুলি অভিহিত কৰে। তেওঁ লগতে কয়, এইখন মঞ্চৰ পৰাই আমি কৃষকৰ ঋণ ৰেহাইৰ বাবে আৰু উৎপাদিত সামগ্ৰীৰ নিম্নতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰাৰ দাবী তুলিম। কাইলৈ কৃষক সংগঠনসমূহে নতুন দিল্লীৰ ৰামলীলা ময়দানত আন এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰিব, য’ত একলাখমান মানুহৰ উপস্থিতি আশা কৰিছে।

Related News