NORTHEAST NOW (Assamese)

অতিৰিক্ত ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা পদত শ্বিলংত জন্মগ্ৰহন কৰা ৰাজিন্দৰ খান্না

January 4, 2018 8:45 am · এন ই নাও নিউজ

শ্বিলংত জন্মগ্ৰহন কৰা ৰাজিন্দৰ খান্নাক ভাৰতৰ অতিৰিক্ত ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা হিচাপে নিয়োগ কৰা হৈছে। ভাৰতৰ চোৰাংচোৱা বিভাগৰ(RAW) প্ৰাক্তন প্ৰধান খান্নাৰ উত্তৰ-পূৱৰ উপৰি থাইলেণ্ড আৰু ম্যানমাৰতো সেৱা আগবঢ়োৱাৰ এক দীৰ্ঘ দিনিয়া অভিজ্ঞতা আছে। ১৯৭৮ চনত ভাৰতৰ চোৰাংচোৱা বিভাগ (RAW)ত গৱেষণা আৰু বিশ্লেষণ বিষয়া হিচাপে যোগদান কৰা প্ৰাক্তন প্ৰধান গৰাকীয়ে বহুকেইটা সন্ত্ৰাসবাদ প্ৰতিৰোধি অপাৰেশ্যনত নেতৃত্ব প্ৰদান কৰিছিল। লক্ষ্যনীয় যে প্ৰাক্তন ভাৰতীয় বৈদেশিক সেৱা বিষয়া অৰবিন্দ গুপ্তায়ে ২০১৭ চনৰ আগষ্টত অতিৰিক্ত ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা পদটোৰ পৰা অৱসৰ লোৱাত উক্ত পদটো ইমান দিনে খালী হৈ আছিল। প্ৰধানমন্ত্ৰী মোদিৰ অধ্যক্ষতাত থকা ৰাষ্ট্ৰীয় নিৰাপত্তা কাউঞ্চিল হৈছে সকলো আভ্যন্তৰিক তথা বৈদেশিক নিৰাপত্তা সম্পৰ্কিত বিষয়ৰ শীৰ্ষ স্থানীয় সংস্থা। প্ৰাক্তন আই পি এছ বিষয়া তথা ইণ্টেলিজেন্স ব্যুৰোৰ প্ৰধান হিচাপে অৱসৰ গ্ৰহন কৰা অজিত দ’ভালে বৰ্তমান উক্ত কাউঞ্চিলটোৰ সচিবৰ দায়িত্বত আছে। উল্লেখযোগ্য যে এইবাৰে পোন প্ৰথমবাৰৰ কাৰনে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা তথা অতিৰিক্ত ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা দুইটা পদতে চোৰাংচোৱা সংস্থাৰ পৰা অহা ব্যক্তি নিযুক্ত হৈছে।

 

Related News