অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবীত মটক জনগোষ্ঠীৰ প্ৰতিবাদ

MatakProtest

নিৰ্বাচনৰ পূৰ্বে বিজেপি দল শাসনলৈ অহাৰ তিনিমাহৰ ভিতৰত মটক জনগোষ্ঠীকে ধৰি ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও নিৰ্বাচনত জয় লাভ কৰাৰ পিছতে দল আৰু দলটোৰ চৰকাৰখনে ওলোটা খৰ মাৰে। ফলত এতিয়াও এই জনগোষ্ঠীকেইটাই মাজে মাজে এই দাবীত আন্দোলনৰ পথ ল’ব লগীয়া হৈ আহিছে।

অসমৰ অন্যতম ভূমিপুত্ৰ মটক জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবীত আজি সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে দিচপুৰ লাষ্টগেইটত প্ৰতিবাদ সাব্যস্ত কৰে।

বিধান সভাৰ বাজেট অধিৱেশন চলি থকাৰ সময়তে মটক জনগোষ্ঠীৰ তিনিওটা সংগঠনে জনগোষ্ঠীটোক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ লগতে অন্য ১৭টা দাবী পূৰণ কৰিবলৈ অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী লয়।

সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ডেভিড চেতিয়াই নৰ্থ-ইষ্ট নাওক জনায় যে তেওঁলোকে দীৰ্ঘদিন ধৰি মটক জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনাই আহিছে যদিও কোনো এখন চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা নাই।

আনহাতে তেওঁ প্ৰতিবাদৰ অন্তত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জৰিয়তে প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু অসমৰ ৰাজ্যপাললৈ ১৭ টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।

ইয়াৰোপৰি সদৌ অসম মটক সন্মিলনৰ সাধাৰণ সম্পাদক কাজল গোহাঁয়ে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি কয়, ‘আমি এই প্ৰতিবাদৰ জৰিয়তে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিছো যে তেওঁলোকে আমাৰ জনজাতিকৰণক লৈ যি হেতালি খেলি আছে সেয়া সোনকালে বন্ধ কৰিব লাগে। যি চৰকাৰে পৰিৱৰ্তনৰ কথা কৈ শাসনৰ গাদী দখল কৰিছিল সেই চৰকাৰৰ শাসন কালতে আমি ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা আহি প্ৰতিবাদ কৰিবলগীয়া হোৱাটো লজ্জাজনক কথা।’

তদুপৰি তেওঁ কয়, ‘চৰকাৰখনৰ এটা পৰম্পৰা গঢ় লৈ উঠিছে যে প্ৰতিবাদ নকৰাকৈ আমি তেওঁলোকৰ পৰা একোৱেই নাপাওঁ। আন্দোলনৰ বাহিৰে আমাৰ একো গত্যান্তৰ নাই।’

ইয়াৰোপৰি প্ৰতিবাদকাৰীসকলে মটক অধ্যূষিত এলেকাসমূহত সুকীয়া জিলা পৰিষদ গঠন কৰি স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰা, অনুসূচিত তালিকাত অন্তৰ্ভুক্ত নোহোৱা পৰ্য্যন্ত সুকীয়া ব’ৰ্ড গঠন কৰি পুঁজি আবণ্টন কৰা, মহানগৰীত মটক অতিথিশালা নিৰ্মাণ কৰা, মটক জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত আসন সংৰক্ষণ কৰা, প্ৰাচীন মটক ৰাজ্যৰ কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ কৰা, মটক জনগোষ্ঠীৰ নিবনুৱা যুৱক-যুৱতীসকলক অগ্ৰাধিকাৰ দিয়া, ডিব্ৰু চৈখোৱাৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰা, ব্ৰহ্মপুত্ৰ আৰু অন্যান্য নদীসমূহৰ গৰাখহনীয়া ৰোধ কৰাকে ধৰি ১৭টা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰিব।

লক্ষণীয় যে চৰকাৰে এই দাবীসমূহ সমাধান নকৰিলে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে শক্তিশালী গণ-আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।