ফিফা বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচত ছুইজাৰলেণ্ডে বছনিয়াক ৪-১ গ‘লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিছে। মেচখনৰ প্ৰথম ৭০ মিনিটলৈকে গ‘লশূন্য অৱস্থাত থকাৰ পাছত ছুইছ প্ৰশিক্ষক মুৰাট য়াকিনে গ্ৰহণ কৰা এটা নিৰ্ণায়ক সিদ্ধান্তই মেচখনৰ গতি সম্পূৰ্ণৰূপে সলনি কৰি পেলায়। ‘ছুপাৰ ছাব‘ হিচাপে খেলপথাৰত প্ৰৱেশ কৰা জোহান মানজাম্বিৰ দুটা গ‘লে ছুইজাৰলেণ্ডক এই বৃহৎ জয় উপহাৰ দিয়ে।
উল্লেখ্য যে, পূৰ্বৰ মেচত কাটাৰৰ বিৰুদ্ধে অন্তিম মুহূৰ্তত গ‘ল খাই ড্ৰ খেলিবলগীয়া হোৱা ছুইজাৰলেণ্ডে এই মেচত আৰম্ভণিৰে পৰা আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছিল। মিডফিল্ডত গ্ৰানিট জাকাই বলৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখি সতীৰ্থলৈ বল আগবঢ়োৱাৰ লগতে বিপক্ষৰ পৰা বল কাঢ়ি অনাৰ দায়িত্ব পালন কৰিছিল। আনহাতে, বাঁওফালৰ পৰা ডেন এনডয়ে বছনিয়াৰ প্ৰতিৰক্ষণত তীব্ৰ হেঁচা প্ৰয়োগ কৰিছিল যদিও বছনিয়াৰ কটকটীয়া প্ৰতিৰক্ষণে ছুইজাৰলেণ্ডক গ‘ল কৰাৰ পৰা বিৰত ৰাখিছিল। ইটালীক পৰাস্ত কৰি বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰা বছনিয়াই উন্নত খেলৰ প্ৰদৰ্শন কৰিছিল।
মেচখনৰ দ্বিতীয়াৰ্ধতো একেই দৃশ্য পৰিলক্ষিত হোৱাত ৭০ মিনিটত ছুইছ প্ৰশিক্ষক য়াকিনে জোহান মানজাম্বি, ৰুবেন ভাৰগাছ আৰু জিব্ৰিল ছ‘ক একেলগে ‘ছুপাৰ ছাব‘ হিচাপে পথাৰত নমোৱাৰ সিদ্ধান্ত লয়। এই তৰুণ খেলুৱৈসকলৰ প্ৰৱেশৰ লগে লগে ছুইজাৰলেণ্ডৰ খেলৰ গতি সলনি হয়। খেলপথাৰত প্ৰৱেশ কৰাৰ মাত্ৰ চাৰি মিনিটৰ পাছতেই, অৰ্থাৎ ৭৪ মিনিটত মানজাম্বিয়ে প্ৰথমটো গ‘ল স্ক‘ৰ কৰে। ইয়াৰ কিছু সময়ৰ পাছতেই ছুইজাৰলেণ্ডৰ ব্ৰিল এমবোলোক নিশ্চিত গ‘লৰ সুযোগৰ পৰা বঞ্চিত কৰি ফাউল কৰাত বছনিয়াৰ তাৰিক মুহাৰেমোভিচক ৰেফাৰীয়ে ৰঙা কাৰ্ড প্ৰদৰ্শন কৰে।
এই ৰঙা কাৰ্ডৰ পাছতে মেচখন সম্পূৰ্ণৰূপে দহজনীয়া বছনিয়াৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়। ইয়াৰ সুযোগ লৈ আন এগৰাকী পৰিৱৰ্তিত খেলুৱৈ ৰুবেন ভাৰগাছে দ্বিতীয়টো গ‘ল কৰে। নিৰ্ধাৰিত সময়ৰ একেবাৰে শেষৰটো মিনিটত মানজাম্বিয়ে দ্বিতীয়টো গ‘লেৰে স্ক‘ৰৰ ব্যৱধান বৃদ্ধি কৰে।
নিৰ্ধাৰিত নব্বৈ মিনিটৰ পাছতো মেচৰ নাটকীয়তা অব্যাহত থাকে। সংযোজিত সময়ৰ তৃতীয় মিনিটত বছনিয়াৰ এৰমিন মাহমিচে একমাত্ৰ সান্ত্বনাদায়ক গ‘লটো কৰে। কিন্তু সংযোজিত সময়ৰ একেবাৰে অন্তিম মিনিটত ছুইজাৰলেণ্ডে এটা পেনাল্টি লাভ কৰে আৰু গ্ৰানিট জাকাই কোনো ভুল নকৰাকৈ ইয়াক গ‘ললৈ ৰূপান্তৰ কৰে। এই জয়েৰে ছুইজাৰলেণ্ডে নিজৰ সামৰ্থ্য প্ৰমাণ কৰাৰ লগতে প্ৰতিযোগিতাখনৰ পৰৱৰ্তী মেচসমূহৰ বাবে নিজৰ স্থিতি সুদৃঢ় কৰিছে।





