• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2026 8:55 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে তেওঁৰ মুখমণ্ডল আৰু শৰীৰৰ কেইবাটাও অংশ এচিডেৰে জ্বলাই দিয়া হৈছিল। সেইদিনা ৰক্ষকেই হৈ পৰিছিল ভক্ষক। প্ৰায় আঠ বছৰ পূৰ্বে সংঘটিত এই জঘন্য অপৰাধৰ গোচৰত মিজোৰামৰ এখন আদালতে গুৰুত্বপূৰ্ণ ৰায়দান দিছে।

অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ চিলভি জোমুৱানপুই ৰাল্টেই এই কাণ্ডত দোষী সাব্যস্ত হোৱা বি এছ এফৰ জোৱান দুজনক ৪২ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

Apply Now

এই গোচৰত দোষী সাব্যস্ত হোৱা অভিযুক্ত দুজন হৈছে নীলাঞ্জন দাস আৰু দীনেশ কুমাৰ। ঘটনাৰ সময়ত তেওঁলোকে মিজোৰাম-বাংলাদেশ সীমান্তৰ গাতে লাগি থকা অঞ্চলৰ বি এছ এফৰ এটা শিবিৰত কৰ্মৰত আছিল।

দীৰ্ঘদিনীয়া তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াৰ অন্তত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ চিলভি জোমুৱানপুই ৰাল্টেই তেওঁলোকক ১২ জুনত বিভিন্ন ধাৰাত দোষী সাব্যস্ত কৰি পিছত শাস্তি ঘোষণা কৰে।

যোৱা ২০১৭ চনৰ ১৬ জুলাইত মিজোৰামৰ মামিত জিলাৰ শিলচুৰি পশ্চিম গাঁৱৰ গাছকাটা নদীৰ সমীপত সংঘটিত হৈছিল এই ঘটনা। তদন্ত অনুসৰি কেঁকোৰা আৰু বনৰীয়া শাক-পাচলি সংগ্ৰহৰ বাবে বনাঞ্চললৈ গৈছিল যুৱতীগৰাকী আৰু তেওঁৰ এগৰাকী সংগী। সেই সময়ত তেওঁলোকে অভিযুক্তক লগ পাইছিল।

অভিযোগ অনুসৰি, পিছত যুৱতীগৰাকীক বলপূৰ্বকভাৱে ওচৰৰ তামোলৰ বাগানলৈ লৈ গৈ দলবদ্ধ ধৰ্ষণ কৰে আৰু তাৰ পিছত বি এছ এফৰ জোৱান দুজনে মুখত এচিড ঢালি দিয়ে।  ভুক্তভোগীৰ শৰীৰৰ কেইবাটাও অংশত এচিড ছিটিকি পৰে।

ভুক্তভোগী মহিলাগৰাকীয়ে আদালতত জনোৱা মতে, এই আক্ৰমণৰ ফলত তেওঁ শৰীৰৰ কেইবাটাও ঠাইত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁৰ গোটেই মুখখন পোৰাৰ ফলত বিকৃত হৈ পৰিছিল। আনকি তেওঁৰ এটা চকুৰ দৃষ্টিশক্তিও হেৰুৱাই পেলায়। গোচৰৰ তদন্তৰ সময়ত ভুক্তভোগীৰ কাপোৰ, ঘটনাস্থলী আৰু অন্যান্য প্ৰমাণৰ পৰা ফৰেনছিক তথ্য সংগ্ৰহ কৰা হয়। পিছত টেষ্ট আইডেন্টিফিকেশ্যন পেৰেডতো তেওঁ অভিযুক্তক চিনাক্ত কৰে। আদালতে তেওঁৰ সাক্ষ্যক সামঞ্জস্যপূৰ্ণ আৰু বিশ্বাসযোগ্য বুলি অভিহিত কৰে।

শাস্তিৰ ক্ষেত্ৰত আদালতে তিনিটা পৃথক অপৰাধৰ বাবে পৃথক পৃথক শাস্তি নিৰ্ধাৰণ কৰিছে – দলবদ্ধ ধৰ্ষণৰ বাবে ২০ বছৰ, গুৰুতৰ শাৰীৰিক ক্ষতি কৰা ধৰ্ষণৰ বাবে ১০ বছৰ আৰু এচিড আক্ৰমণৰ বাবে ১২ বছৰ। আদালতে কয় যে এই শাস্তিসমূহ একেৰাহে চলিব, যাৰ ফলত মুঠ ৪২ বছৰৰ কাৰাদণ্ড হ’ব। ইয়াৰ উপৰিও প্ৰতিজন অভিযুক্তক ৬০ হাজাৰ টকা জৰিমনা বিহা হৈছে। আদালতে জৰিমনা আদায় অবিহনে অতিৰিক্ত কাৰাদণ্ড ভুগিব লাগিব বুলি উল্লেখ কৰিছে৷

অৱশ্যে এই গোচৰৰ আন এটা গুৰুত্বপূৰ্ণ দিশৰ ওপৰতো মন্তব্য কৰে আদালতে। ঘটনাৰ কেইদিনমান পিছতে উদ্ধাৰ হৈছিল সংগীজনৰ মৃতদেহ। কিন্তু সেই মৃত্যুত অভিযুক্ত দুজন জোৱানক দোষী সাব্যস্ত কৰিব পৰা নগ’ল।

ন্যায়াধীশৰ পৰ্যবেক্ষণ যে – হত্যাকাণ্ডৰ সৈতে অভিযুক্তৰ প্ৰত্যক্ষ সম্পৰ্ক প্ৰমাণ কৰিবলৈ বিচাৰ বিভাগে সম্পূৰ্ণ পৰিস্থিতিগত প্ৰমাণ দেখুৱাব পৰা নাছিল। ফলত তেওঁলোক সেই অভিযোগৰ পৰা মুক্ত হ’ল। প্ৰায় আঠ বছৰৰ বিচাৰৰ অন্তত এই ৰায়ক লৈ মিজোৰামত আলোড়নৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd