NORTHEAST NOW (Assamese)

অপহৃত ব্যৱসায়ীক হাবিৰ পৰা উদ্ধাৰ কৰি আনিলে হোজাই আৰক্ষীয়ে

May 14, 2018 9:45 pm · নিখিল মুন্দ্ৰা

সোমবাৰে হোজাই আৰক্ষীয়ে হোজাইৰ দাবকা আৰক্ষী থানাৰ অন্তৰ্গত মিৰিৰাতি বাওগাঁও সংৰক্ষিত বনাঞ্চলৰ পৰা অপহৃত ব্যৱসায়ী আবু হানিফাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষী বিষয়াসকলে জনাইছে যে ১৪ মে’ৰ মাজনিশাৰ পাছত আবু হানিফাক অপহৰণ কৰা হৈছিল।

জানিব পৰা মতে ব্যৱসায়ীগৰাকীয়ে এটা শস্য চপোৱা মেছিন ক্ৰয় কৰাৰ বাবে এগৰাকী সম্পৰ্কীয়ৰ সৈতে গুৱাহাটীলৈ গৈছিল।

আব্দুল কৰিমৰ ঘৰত তেওঁৰ মাৰুতী-৮০০খন ৰাখি এখন বলেৰ’ পিক আপ ভান ভাড়া কৰিছিল।

তাৰ পাচত নগাঁওৰ চামুগুৰিৰত তেওঁৰ শহুৰৰ ঘৰত মেছিনটো থবলৈ গৈছিল।

সোমবাৰে নিশা প্ৰায় ১ মান বজাত তেওঁ তেওঁৰ গাড়ীখন পাৰ্ক কৰি থোৱা মুবাৰক বস্তি পাইছিল। সেই সময়তেই মুখ ঢাকি ৰখা চাৰিজন চিনাক্ত লোকে তেওঁক অপহৰণ কৰি লৈ যায়।

হোজাইৰ মুৰাঝাৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰাৰ পাছত উপ আৰক্ষী অধীক্ষক ভনীতা নাথৰ নেতৃত্বত আৰু দাবকা আৰক্ষী মুৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই হানিফাক মিৰিৰাতি বাওগাঁও সংৰক্ষিত বনাঞ্চলৰ পৰা উদ্ধাৰ কৰে।

কিন্তু দুষ্কৃতিকাৰীকেইজন পলাই যাবলৈ সক্ষম হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। পাছত অপহৃত ব্যৱসায়ীজনক দাবকা সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে লৈ যোৱা হয়।

Related News