মুখ্য মন্ত্ৰীয়ে যোৱা ১২ মে’ত অসমৰ সংবাদ প্ৰতিষ্ঠানৰ সম্পাদকসকলৰ সৈতে বহা এখন বৈঠকত তেওঁ কৈছিল যে ৰাইজৰ স্বাৰ্থ, জাতিৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কোনো কাম নকৰে আৰু তেওঁ মুখ্য মন্ত্ৰীৰ আসনখনতকৈ জাতিৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে। কিন্তু এইদৰে কৈ আচলতে মুখ্য মন্ত্ৰী সোণোৱালে গা বচোৱাৰ কৌশলহে লৈছে নেকি?
মুখ্য মন্ত্ৰীৰ স্থিতিত সঁচায়ে কিবা বিশ্বাসযোগ্যতা আছে নে? এই প্ৰশ্ন উত্থাপন কৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চই। মঞ্চই অভিযোগ কৰিছে যে মুখ্য মন্ত্ৰী আৰু তেওঁৰ চৰকাৰৰ যোৱা দুবছৰৰ কাম-কাজে এটা সম্পূৰ্ণ বিপৰীত ছবি দাঙি ধৰে। মঞ্চই অভিযোগ কৰামতে, চৰকাৰে ২০১৭ চনৰ ২ মে’ত এটা গুৰুত্বপূৰ্ণ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠৰ আগত ‘প্ৰব্ৰজনে খিলঞ্জীয়াৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই’ বুলি লিখিতভাৱে জনাইছিল।
মঞ্চই কয়, অসম চৰকাৰৰ লিখিত মতামতত স্পষ্টভাৱে কোৱা হৈছে যে প্ৰব্ৰজনে খিলঞ্জীয়াৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই। খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ খৰ্ব হোৱা নাই আৰু এই সম্পৰ্কে কোনো তথ্য নাই।
ইয়ে প্ৰমাণ কৰে যে ৰাজ্য চৰকাৰৰ স্থিতি সম্পূৰ্ণ মিছাৰে ভৰা আৰু খিলঞ্জীয়া বিৰোধী। চৰকাৰৰ এনে স্থিতিয়ে উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰত খিলঞ্জীয়াৰ কাৰণে স্থিতি দুৰ্বল কৰি তুলিলে। ফলত বিদেশীৰ ভিত্তিবৰ্ষ খিলঞ্জীয়াৰ বিৰুদ্ধে গৈ ৩ ডিচেম্বৰ, ২০০৪ চনলৈকে অহা সকলো বিদেশীৰ সতি-সন্ততিয়ে জন্মৰ ভিত্তিত নাগৰিকত্ব পোৱাৰ সম্ভাৱনা বাঢ়িল। আনহাতে চৰকাৰে বাংলাদেশীয়ে বেদখল কৰি থকা ভূমি বেদখলমুক্ত নকৰাৰো অভিযোগ কৰি উদাহৰণ হিচাপে ছিপাঝাৰৰ ৭৭,৪২০ বিঘা ভূমি এতিয়াও বেদখলমুক্ত নকৰাৰ কথা কয়।
আনহাতে যোৱা ডেৰ বছৰতকৈও অধিক কাল অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তো মুখ্য মন্ত্ৰীজনে কৌশলপূৰ্বক মৌনতা অৱলম্বন কৰি আহিছে।
মঞ্চৰ মতে, এইখন চৰকাৰে আইনগত আৰু বাস্তৱিক ৰূপত খিলঞ্জীয়াক দুৰ্বল কৰিলে। কৌশলপূৰ্বক মৌনতাৰে মুখ্য মন্ত্ৰীয়ে জটিল সময়খিনি পাৰ হৈ যোৱাৰ চেষ্টা কৰে বুলি অভিযোগ কৰে মঞ্চই।
আনহাতে মুখ্য মন্ত্ৰীক জাতীয় নায়ক বুলি কটাক্ষ কৰি কয় যে নিজৰ জাতিটোৰ সংকটৰ সময়ত পলাই গৈ বেংগালোৰত সময় কটায় আৰু এজন ছাত্ৰ নেতা হৈ ছাত্ৰ সমাজৰ মুখামুখি হ’বলৈও ভয় কৰে। এনে নেতাই জাতিৰ আত্মবিশ্বাস আৰু আত্মবল ভাঙি জাতিক পংগু কৰে।