অপৰাধৰ বলি হোৱা মহিলালৈ ক্ষতিপূৰণ বৃদ্ধি ত্ৰিপুৰা চৰকাৰৰ

Biplab-Deb

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ ফাইল ফটো

বৃহস্পতিবাৰে ত্ৰিপুৰাৰ ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে বিভিন্ন অপৰাধত ভুক্তভোগী মহিলাসকলৰ বাবে ক্ষতিপূৰণ হিচাপে আৰ্থিক সাহায্য ৩ লাখ টকালৈ বৃদ্ধি কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

‘বিভিন্ন অপৰাধত বলি মহিলাসকলক ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অপৰাধৰ প্ৰকৃতি বিচাৰ কৰি নূন্যতম ৫০ হেজাৰ আৰু সৰ্বোচ্চ ৩ লাখ টকা পৰ্যন্ত ক্ষতিপূৰণ দিয়া হ’ব’। ৰাজ্যৰ শিক্ষা আৰু আইন মন্ত্ৰী ৰতন লাল নাথে এই কথা জানিবলৈ দিয়ে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত তেওঁ কয়, ‘পূৰ্বৰ চৰকাৰখনে এচিড আক্ৰমণত ভুক্তভোগী মহিলাসকলৰ বাবে প্ৰদান কৰি অহা ৩ লাখ টকা ক্ষতিপূৰণৰ সিদ্ধান্ত বাহাল ৰাখিছো। কিন্তু বলাৎকাৰ তথা অন্যান্য অপৰাধত নিৰ্যাতিত মহিলাসকলৰ বাবে ক্ষতিপূৰণ ২ লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে’।

তেওঁ লগতে কয় যে আজিৰ এই বৈঠকত গুৰুতৰ অপৰাধৰ উপৰি অন্যান্য অপৰাধত ভুক্তভোগী মহিলাসকলৰ বাবেও আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।

আনহাতে শিক্ষা আৰু আইন মন্ত্ৰী নাথে জানিবলৈ দি কয় যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ চেণ্ট্ৰেল ভিক্তিম কমপেনচেশ্যন ফাণ্ডৰ অধীনত ১.১৫ কোটি টকা লাভ কৰিছে।

উল্লেখ্য যে বিভিন্ন আক্ৰমণ আৰু অপৰাধত ভুক্তভোগী মহিলাসকলক সমৰ্থন কৰিবলৈকে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ২০১৫ চনৰ অক্টোবৰত চেণ্ট্ৰেল ভিক্তিম কমপেনচেশ্যন ফাণ্ড নামৰ আঁচনিৰ জৰিয়তে ২০০ কোটি টকা আৱণ্টন দিছিল।