চাপৰত বি পি এফৰ যুৱ নেতাক ডেগাৰেৰে ঘপিয়াই হত্যা

প্ৰতিনিধিত্বমূলক ছবি

চাপৰত সোমবাৰে ধুবুৰী জিলাৰ বি পি এফৰ চাপৰ নগৰ সমিতিৰ সাংগঠিক সম্পাদক গণেশ নমঃ দাসক চক্ৰধৰ সিংহ নামৰ এজন অবৈধ দেশী মদৰ বেপাৰীয়ে নিজ ঘৰৰ চৌহদতে ডেগাৰেৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰা ঘটনাই সমগ্ৰ চাপৰ অঞ্চলত তীব্ৰ চাঞ্চল্য তথা উত্তেজনা সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে, কালি দিনৰ ভাগত গণেশ দাস কিবা কাৰণত মদ ব্যৱসায়ী চক্ৰধৰ সিংহৰ ঘৰলৈ গৈছিল। আগৰে পৰা চিনাকি চক্ৰধৰৰ ঘৰত তেওঁ উপস্থিত হোৱাৰ পিছতে কিবা কথাত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু চক্ৰধৰে ডেগাৰ জাতীয় এবিধ চোকা অস্ত্ৰৰে গণেশ দাসৰ ডিঙি আৰু পেটত উপৰ্যুপৰি ঘপিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছতেই স্থানীয় ৰাইজ আৰু চাপৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত দাসক চাপৰ এফ আৰ ইউ চিকিৎসালয়লৈ আনে, অৱশ্যে চিকিৎসকে তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰিয়েই উন্নত চিকিৎসাৰ বাবে তেওঁক বঙাইগাঁৱলৈ প্ৰেৰণ কৰে যদিও বঙাইগাঁৱৰ চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আনহাতে হত্যাকাৰী চক্ৰধৰ সিংহক চাপৰ নগৰ সমিতিৰ ৱাৰ্ড কমিছনাৰ মিজানুৰ ৰহমানৰ নেতৃত্বতএটা যুৱকৰ দলে আৰেয়াৰঝাৰত আবদ্ধ কৰি চাপৰ আৰক্ষীক খবৰ দিয়ে জদিও আৰক্ষী আহি পোৱাৰ আগতে একাংশ উত্তেজিত লোকে তেওঁক উত্তম-মধ্যম দিয়ে। অৱশ্যে পিছত চাপৰ আৰক্ষী ঘটনাস্থলীতে উপস্থিত হৈ চক্ৰধৰক আটক কৰি বিলাসীপাৰা থানালৈ প্ৰেৰণ কৰে।

বি পি এফৰ বিলাসীপাৰা জিলা সমিতিৰ সভাপতি শৈলেশ ব্ৰহ্ম আৰু উপ-সভাপতি ইন্দ্ৰজিৎ কলিতাই যুৱ নেতাজনৰ হত্যাকাণ্ডত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে হত্যাকাৰীক শীঘ্ৰে কঠোৰ শাস্তি দিবলৈ দাবী জনায়।