অ’লা কৰ্তৃপক্ষই বন্ধ কৰিলে ইনচেনটিভ : গভীৰ অৰ্থ সংকটত পৰি ব্ৰহ্মপুত্ৰত জাঁপ দিলে অ’লা চালকে

কালি নিশা প্ৰায় ১১:৩০ বজাত গুৱাহাটী চিৰিয়াখানা চৌহদৰ ওচৰত বাস কৰা অবনী কলিতাৰ পুত্ৰ তথা অ’লা চালক সোণমনি কলিতাই শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জঁপিয়াই আত্মহত্যা কৰাৰ এক ঘটনা সংঘটিত হৈছিল।

এই ঘটনাত দুখ প্ৰকাশ কৰি আজি সদৌ অসম অ’লা উবেৰ অপাৰেটৰ ইউনিয়নৰ সভাপতি ইছমাইল আলীয়ে নৰ্থ ইষ্ট নাওক কয় যে অ’লা উবেৰ কৰ্তৃপক্ষই আগতে দি অহা ইনচেনটিভ বন্ধ কৰি দিয়াৰ ফলত আৰ্থিক সংকটত ভূগী সোণমনি কলিতাই আত্মহত্যাৰ পথ বাছি ল’লে বুলি সন্থাই সন্দেহ প্ৰকাশ কৰিছে।

কেব চালক তথা মালিক সকলৰ উপাৰ্জন হ্ৰাস হৈছে যাৰ ফলত তেওঁলোকে পৰিয়াল চলোৱাৰ লগতে বেংকৰ EMI পৰিশোধ কৰিবলৈ ব্যৰ্থ হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘যোৱা ১৭ মে’ত ডি চি কাৰ্যালয়ত অ’লা উবেৰ কৰ্তৃপক্ষ, ডি টি অ’ কামৰূপ (মহানগৰ) আৰু কামৰূপ (গ্ৰাম্য), যান-বাহন আৰক্ষী উচ্চপদস্থ বিষয়া উপস্থিত থকা সভাত অল আচাম কেব অপাৰেটৰ ইউনিয়নৰ সভাপতি, সম্পাদকৰ লগতে কেইজনমান বিষয়ববীয়া উপস্থিত থাকি অ’লা উবেৰৰ শোষণ কথা ব্যক্ত কৰিছিলো, আনকি আমাৰ চালকবোৰে ব্ৰক্ষ্মপুত্ৰত জাঁপ দি আত্মহত্যা কৰিব বুলি কোৱা কথাও উল্লেখ কৰিছিলো।’

কিন্তু ‘এই ক্ষেত্ৰত তেওঁ কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা ন’গল।’ ইয়াৰ পিছত একে সংক্ৰন্তত ২৭ জুনত এ ডি চি পি মহন্তক লগ ধৰা হৈছিল যদিও মহন্তও বিষয়টোত কোনো ধৰণৰ গুৰুত্ব নিদি দাবী ধমকি দিবলৈ আৰম্ভ কৰে বুলি আলীয়ে অভিযোগ কৰে।

আনহাতে সোণমনি কলিতাৰ সন্ধানত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে ব্ৰহ্মপুত্ৰ নদীত অভিযান চলাই আছে যদিও বাতৰি লিখা পৰলৈকে তেওঁৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

অল আচাম কেব অপাৰেটৰ ইউনিয়নে আত্মহত্যা কৰা সোণমণি কলিতাৰ পৰিয়ালবৰ্গলৈ অ’লা কৰ্তৃপক্ষক বিশ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ দাবী জনাইছে।