অসমত চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি বৃদ্ধিৰ প্ৰস্তাৱে উৎসাহিত কৰিছে বংগৰ শ্ৰমিক সংগঠনকো

অসম চৰকাৰে গঠন কৰি দিয়া ন্যূনতম মজুৰি উপদেষ্টা সমিতি (Minimum Wages Advisory Board)এ ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিবলৈ দিয়া পৰামৰ্শই বংগৰ চাহ শ্ৰমিক সংগঠনসমূহকো উৎসাহিত কৰিছে।

বংগৰ শ্ৰমিক সংগঠনসমূহেও এতিয়া একে ধৰণৰ মজুৰি দাবী কৰিছে।

উল্লেখযোগ্য যে বংগৰ চাহ বাগানৰ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি নিৰ্ধাৰণৰ বাবে বংগ চৰকাৰেও এখন সমিতি গঠন কৰিছে।

দুৱাৰ্ছ চাহ বাগান শ্ৰমিক সংঘৰ সভাপতি গোপাল প্ৰধানে কয়, ‘ন্যূনতম মজুৰি উপদেষ্টা সমিতিৰ এখন বৈঠক সোমবাৰে ক’লকাতাত অনুষ্ঠিত হ’ব। বৈঠকখনত সমিতিয়ে মজুৰি নিৰ্ধাৰণ কৰিব আৰু ৰাজ্য চৰকাৰক পৰামৰ্শ আগবঢ়াব। সমিতিখন গঠন হোৱা তিনি বছৰ হ’ল, কিন্তু এতিয়ালৈকে কোনো সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰা নাই। আমি সমিতিৰ সৈতে হোৱা বৈঠকত কিছুমান প্ৰস্তাৱ আগবঢ়াছিলো, কিন্তু ই কোনো ব্যৱস্থা লোৱা নাই।’

চাহ শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণৰ বাবে এয়ে প্ৰথমবাৰৰ বাবে অসমত মজুৰি উপদেষ্টা সমিতি গঠন কৰা হৈছিল।

অসমৰ মুঠ ৭৯২ খন বাগানৰ ভিতৰত ব্ৰহ্মপুত্ৰ উপত্যকাত ৬৮৫ আৰু বৰাক উপত্যকাত ১০৭ খন বাগান আছে।