অসমত বন্যহস্তীৰ সন্ত্ৰাসৰ মোকাবিলা কৰিবলৈ বন বিভাগে প্ৰস্তুত কৰি উলিয়াইছে ম’বাইল এপ ঐৰাৱত

হাতীৰ সন্ত্ৰাস ৰোধ কৰিবলৈ ধেমাজি আৰু নগাওঁ বন সংমণ্ডল বিভাগে প্ৰস্তুত কৰি উলিওৱা ম’বাইল এপটো

অসমত বন্যহস্তীৰ সন্ত্ৰাস ৰোধ কৰিবলৈ নগাঁও আৰু ধেমাজি বন সংমণ্ডলে যৌথভাৱে ঐৰাৱত নামেৰে এটা ম’বাইল এপ্লিকেশ্যন প্ৰস্তুত কৰি উলিয়াইছে। ঐৰাৱত হ’ব এটা স্থান-ভিত্তিক এপ যিয়ে সুৰক্ষাকৰ্মীসকলক তাৎক্ষণিকভাৱে আৰু কাৰ্যকৰীভাৱে ব্যৱস্থা গ্ৰহণত সহায় কৰিব। এই এপ টো শীঘ্ৰেই মুকলি কৰি দিয়া হ’ব।

তৃণমূল পৰ্যায়ৰ কৰ্মী, গাওঁ অঞ্চলৰ বাসিন্দা, ৰে’লৱে, ৰাজহ চক্ৰ কাৰ্যালয় সকলোকে লগ্ ইন আইডি প্ৰদান কৰা হ’ব। সকলো পক্ষৰে অৱস্থান এপটোত দেখা পোৱা যাব।

যেতিয়াই হাতীৰ জাক এটা ওলাব এপটোৰ জৰিয়তে সতৰ্কতামূলক বাৰ্তা আহি যাব। এপটোৱে হাতীৰ অৱস্থানৰ ঠাইখিনিও জনাব। বৰ্তমান সঁহাৰি তথা প্ৰতিক্ৰিয়াৰ সময় নিৰ্দ্ধাৰিত কৰা হোৱা নাই।

ঐৰাৱতে হাতীৰ জাকৰ গতিবিধিৰ লগতে সিহঁতৰ অৱস্থান সম্পৰ্কে নিৰন্তৰভাৱে বন বিভাগৰ দৃষ্টিগোচৰ কৰি ৰাখিব। হাতীৰ জাকটোক বনাঞ্চলৰ ভিতৰলৈ খেদি পঠিওৱা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে সকলো পক্ষই সক্ৰিয় হৈ থাকিব।

শক্তি বিভাগৰ বিষয়াসকলো ইয়াত জড়িত থাকিব যাতে হাতী অহা যোৱা কৰা পথত বিদ্যুৎস্পৃষ্ট হোৱাৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ তৎকালীনভাৱে বিদ্যুৎ সংযোগ কাটি দিব পাৰে।

দ্বিতীয় পৰ্যায়ত, বন বিভাগে ঐৰাৱতৰ জৰিয়তে এককালীন সাহায্য তথা ক্ষতিপূৰণ দিয়া ব্যৱস্থা প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে। বন্যহস্তীয়ে ধ্বংস কৰা ছবি আপলোড কৰিব পৰা যাব আৰু তাত ক্ষতিপূৰণৰ বাবে আবেদন কৰিবলগীয়া এখন প্ৰ-পত্ৰ থাকিব।

ৰাজহ কাৰ্যালয়ৰ অনুমোদনৰ পৰা বন সংৰক্ষকৰ কাৰ্যালয়লৈ গোটেই ব্যৱস্থাটো কাগজৰ ব্যৱহাৰশূণ্য কৰি তোলা হ’ব। কেৱল চূড়ান্ত পৰ্যায়ত যেতিয়া টকা অনুমোদনৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা হ’ব তেতিয়াহে এখন কাগজ কপিৰ ব্যৱহাৰ হ’ব। এইটোৱে ব্যৱস্থাটোক স্বচ্ছ কৰি তুলিব বিষয়াসকলে তেওঁলোকৰ ফালৰ পৰা হোবা বিলম্বৰ বাবে উত্তৰদায়ী হ’ব।