অসমত ব্যৰ্থ হৈছে নগৰ ৰাজ আইন : মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

নগৰ ৰাজ আইন

অসম নগৰ ৰাজ আইনখন যথেষ্ট আঁসোৱাহপূৰ্ণ বুলি মন্তব্য কৰিছে শিক্ষা আৰু নগৰ উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। তেওঁ লগতে এই আইনখনৰ অধীনত থকা ব্যৱস্থাসমুহো সফল হোৱা নাই বুলি প্ৰকাশ কৰিছে।

বুধবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী ভট্টাচাৰ্যই কয়, ‘মই মন্ত্ৰী হিচাপে অনুভৱ কৰিছো নগৰ ৰাজ আইনৰ অধীনৰ ব্যৱস্থাসমুহ অসমত সফল নহ’ল। গতিকে এটা বিকল্প ব্যৱস্থাৰ কথা চিন্তা কৰিবই লাগিব। কিয়নো এটা বিফল ব্যৱস্থাকলৈ আমি চলি থাকিব নোৱাৰো।‘

মন্ত্ৰীগৰাকীয়ে লগতে আইনখন সংশোধন কৰি আঁসোৱাহবোৰ দূৰ কৰাৰ ব্যৱস্থা কৰিব নে এখন নতুন আইন প্ৰণয়ণ কৰা হ’ব এই বিষয়ত কেবিনেট পৰ্যায়ত এটা সিদ্ধান্ত লোৱাৰ ব্যৱস্থা কৰিব বুলিও জানিবলৈ দিয়ে।

উল্লেখ্য যে, ২০০৭ চনত অসম চৰকাৰে অসম নগৰ ৰাজ আইন ২০০৭ প্ৰণয়ন কৰিছিল। ২০১০ চনত এই আইন সংশোধন কৰা হৈছিল। পৌৰ নিগম আৰু পৌৰসভা সমুহৰ নিৰ্বাচনৰ পৰা আৰম্ভ কৰি বিভিন্ন কামকাজ এই আইনৰ অধীনত পৰিচালিত হয়।

এই আইন সন্দৰ্ভত মন্ত্ৰী ভট্টাচাৰ্যই কয়, ‘নগৰ ৰাজ আইনখনত বহু অস্পষ্টতা থাকি গ’ল। এৰিয়া সভাৰ সদস্যসমুহৰ কি ভূমিকা হ’ব? তেখেতসকলে দৰমহা পাব নে নাপাব এনেকুৱাধৰণৰ যথেষ্ট অস্পষ্টতা এই আইনখনত থাকি গ’ল। গতিকে এই আঁসোৱাহবোৰ থকা বাবেই এই আইনখন সফল নহ’ল।‘

মন্ত্ৰীগৰাকীয়ে লগতে গুৱাহাটী পৌৰ নিগমৰ পৰিসৰ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি প্ৰথমতে আইনখনৰ বিসংগতিসমুহৰ কথাহে অধিক গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে।