এন আৰ চি সন্দৰ্ভত আজি ২২ জুলাইত দেশৰ গৃহ মন্ত্ৰীয়ে দিয়া ‘সম্পূৰ্ণ বিবৃতি’ৰ অসমীয়া পাঠ

rajnath-singh

অসমত এন আৰ চিৰ উন্নীতকৰণ হৈ আছে ১৯৮৫ চনৰ ১৫ আগষ্টত স্বাক্ষৰিত অসম চুক্তি অনুসৰি। প্ৰক্ৰিয়াটো নিৰৱচ্ছিন্নভাৱে নিৰীক্ষণ কৰি থকা সন্মানীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চলি আছে এই সমগ্ৰ প্ৰক্ৰিয়া।

মই সকলোকে নিশ্চিতি দিব খোজো যে এন আৰ চি প্ৰক্ৰিয়াটো সম্পূৰ্ণ নিৰপেক্ষ, স্বচ্ছ আৰু নিখুঁতভাৱে চলিছে আৰু চলিব। প্ৰক্ৰিয়াটোৰ সকলো পৰ্য্যায়তে সকলো লোককে নিজৰ কথা ব্যক্ত কৰাৰ পৰ্য্যাপ্ত সুযোগ দিয়া হ’ব। সমগ্ৰ প্ৰক্ৰিয়াটো আইন অনুসৰি পৰিচালিত হৈছে আৰু যাৱতীয় নীতি-নিয়ম মানি আগবঢ়া হৈছে।

প্ৰত্যেকগৰাকী ব্যক্তিয়েই ন্যায় আৰু মানৱীয় ব্যৱহাৰ পোৱাটো আমি নিশ্চিত কৰিম। আইন মতে উপলব্ধ সকলো সুবিধাৰ পৰ্য্যাপ্ত সুযোগ সকলো ব্যক্তিয়ে পাব।

চৰকাৰে এইটো স্পষ্টকৈ ক’ব খোজে যে ৩০ জুলাইত প্ৰকাশ পাব লগা এন আৰ চিখন খচৰাহে। খচৰা প্ৰকাশৰ পিছত দাবী আৰু আপত্তি দৰ্শোৱাৰ পৰ্য্যাপ্ত সুযোগ থাকিব। সকলো দাবী আৰু আপত্তি সঠিকভাৱে পৰীক্ষা কৰা হ’ব। দাবী আৰু আপত্তিসমূহ নিষ্পত্তিৰ পূৰ্বে নিজৰ কথা শুনোৱাৰ পৰ্য্যাপ্ত সুযোগ দিয়া হ’ব। তাৰ পিছতহে চূড়ান্ত এন আৰ চি প্ৰকাশ পাব।

দাবী আৰু আপত্তিৰ নিষ্পত্তিক লৈ সন্তুষ্ট নোহোৱা যিকোনো ব্যক্তিয়ে নাগৰিকত্ব বিধি অনুযায়ী বিদেশী ন্যায়াধিকৰণত আবেদন জনাব পাৰিব। সেয়ে এন আৰ চিৰ প্ৰকাশৰ পিছত কোনো লোকক ডিটে’নশ্যন কেম্পলৈ পঠিওৱাৰ কোনো প্ৰশ্নই নুঠে।

আইন-শৃংখলা ৰক্ষা নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনোৱা হৈছে আৰু কোনো লোককে আইন হাতত তুলি ল’বলৈ অনুমতি দিয়া নহ’ব আৰু সকলোৰে সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা কৰা হৈছে। ভয় খোৱা বা আতংকিত হোৱাৰ কোনো কাৰণ নাই। কোনো লোককে নিৰ্য্যাতন চলাবলৈ দিয়া নহ’ব। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক সকলো প্ৰয়োজনীয় সহায় আগবঢ়াব।