‘অসমীয়াৰ তেজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে জয় আই অসম ধ্বনি প্ৰবাহিত হৈ আছে : মৃণাল হাজৰিকা

MrinalHazarika

খানাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত অনুষ্ঠিত প্ৰতিবাদী সভাত আলফা নেতা মৃণাল হাজৰিকা।

“অসমীয়াৰ তেজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে জয় আই অসম ধ্বনি প্ৰবাহিত হৈ আছে। প্ৰতিবাদী সভাত উপস্থিত কাৰোৰে তেজত ‘ভাৰত মাতা কি জয়’ আৰু ‘জয় হিন্দ’ ধবনি নাই। আমি কোনো লোক ভাৰত মাতা কি জয় বুলি ক’বৰ বাবে মানসিকভাৱে প্ৰস্তুত নহয়। সেই শ্ল’গান দিবলৈ কেন্দ্ৰীয় চৰকাৰে আমাক প্ৰস্তুত কৰি তোলা নাই।”  খিলঞ্জীয়া মঞ্চ, অসমে আজি খানাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আয়োজন কৰা প্ৰতিবাদী সভাত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আলফাৰ আলোচনাপন্থী নেতা মৃণাল হাজৰিকাই।

উল্লেখযোগ্য যে আজি খিলঞ্জীয়া মঞ্চ, অসমৰ আহ্বানত খানাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বিশাল প্ৰতিবাদী সভাৰ আয়োজন কৰা হৈছিল। এই সভাত বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ লোক আহি উপস্থিত হৈছিলহি। উপস্থিত আছিল ভালেকেইজন আলোচনা পন্থী আলফা নেতা। গুৱাহাটীৰ বহু বিশিষ্ট পৰ্য্যায়ৰ নাগৰিক, নেতা, সৰ্বসাধাৰণ লোকো উপস্থিত আছিল। সংগীত শিল্পী সূৰ্য্য দাস, আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া. মটক জনগোষ্ঠীয় সংগঠনৰ তৰফৰ পৰা ডেভিদ চেতিয়া, কাজল গোহাঁই আৰুবহুকেইজন বিশিষ্ট ব্যক্তিকো অংশগ্ৰহণ কৰা দেখা গ’ল আজিৰ সভাত।

মৃণাল হাজৰিকাই নিজৰ ভাষণত কয়, “১৯৪৬ চনৰ ভাৰতৰ নাগৰিকত্ব আইনৰ জৰিয়তে বিদেশী চিনাক্তকৰণ কৰা দায়িত্ব ভাৰত চৰকাৰৰ, এয়া অসমৰ ৰাইজৰ নহয়। যিখন সংবিধানৰ শপত খাই ভাৰতীয় শাসন তথা আইন ব্যৱস্থা চলি আছে, সেই চৰকাৰসমূহেই বা নেতাসমূহেই অসমৰ নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থাটো মাছৰ বজাৰত দৰ-দাম কৰাৰ দৰে কৰি আহিছে।”

অসম আন্দোলনৰ প্ৰসংগ টানি তেওঁ কয়, “অসমৰ জনসাধাৰণৰ দাবী কেন্দ্ৰীয় চৰকাৰে নস্যাৎ কৰাৰ ফলতে ছবছৰীয়া অসম আন্দোলন কৰিবলৈ বাধ্য হ’ল অসমৰ ৰাইজ।”

“৬ বছৰীয়া আন্দোলনৰ অন্তত ৮৫৫জন চহিদৰ তেজৰ বিনিময়ত এখন চুক্তি কৰা হ’ল। মাছৰ বজাৰত দৰ-দাম হোৱাৰ দৰে ১৯৫১ চনৰ ভিত্তিবৰ্ষৰ ঠাইত অসমত ১৯৭১ চনটো ভিত্তিবৰ্ষ হিচাপে ঠিক কৰিলে। অতিৰিক্ত ২০ বছৰৰ বিদেশীৰ বোজা আমি ল’বলগীয়া হ’ল।” এইদৰে কয় নেতাজনে।

“খিলঞ্জীয়া মঞ্চৰ ভাৰত চৰকাৰলৈ স্পষ্ট প্ৰশ্ন– যদি ভাৰতীয় সংবিধান অসমৰ মানুহে গ্ৰহণ কৰিব লাগে, তেন্তে অসমক বাদ দি অন্যান্য ৰাজ্যসমূহত ভিত্তিবৰ্ষ ১৯৫১ চন কিয় হ’ল? অসমৰ ক্ষেত্ৰত আইন তথা সংবিধান উলংঘা কৰা হ’ল যিহেতু আমি এখন সুকীয়া সংবিধান বিচৰাৰ অধিকাৰ আছে নে নাই? যদি সংবিধানখন অসমৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, তেন্তে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ ভাৰত চৰকাৰে অসমক প্ৰদান কৰিব লাগে।” এইদৰে তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে মৃণাল হাজৰিকাই।