মিঞা-ফ’বিয়াত ভোগা কিছুমান মানুহে এতিয়াও ক’বলৈ এৰা নাই যে অসমীয়া জাতি আৰু ভাষা মিঞাৰ ওচৰত ধৰুৱা নহয়। ভাওনাৰ পুতলা-গদাহস্ত ভীমৰ বচন যেন এনে উক্তি উগ্ৰজাতীয়তাবাদী আৰু আত্মঘাতী চিন্তাৰ লোকৰ বিপুল উতনুৱা কৰতালিৰে সম্ভাষিত হয় সঁচা, কিন্তু তাৰ জাতিধ্বংসী, মিঞা-বিদ্বেষী আৰু বিশৃংখল চিন্তা-ভিত্তিক চৰিত্ৰ ফঁহিয়াই দেখুওৱাটো অসমীয়া জাতিৰ সুস্বাস্থ্যৰ বাবে আমি দৰকাৰী বুলি বিবেচনা কৰোঁ।
এইচাম মানুহে কয় যে অসমীয়া জাতি আৰু ভাষা প্ৰব্ৰজিত লোকৰ অনুগ্ৰহৰ ওপৰত নিৰ্ভৰশীল নহয় আৰু অসমীয়া জাতিক আনৰ অনুগ্ৰহৰ ওপৰত নিৰ্ভৰশীল এক স্বকীয়তাহীন, দুৰ্বল, নিঃকিন জাতি আৰু ভাষাৰূপে প্ৰক্ষেপ কৰাৰ দৰকাৰ নাই। এওঁলোকে আকৌ নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰো বিৰোধিতা কৰি কয় যে অসমীয়াক হিন্দু বাংলাদেশীয়েও উদ্ধাৰ কৰিব নালাগে, মিঞা মুছলমানেও উদ্ধাৰ কৰিব নালাগে।
এওঁলোকে কিদৰে কেঁচা-পকা মিহলি কৰি পেলায় চাওক : অবৈধ হিন্দু বাংলাদেশী আৰু বৈধ অভিবাসী মুছলমানৰ মাজত অদ্ভূত সমীকৰণ ৰচি এওঁলোকে ক’ব খোজে যে অসমীয়া জাতি আৰু ভাষা এই দুয়ো সম্প্ৰদায়ৰ ওপৰতে নিৰ্ভৰশীল নহয়। কাৰণ দুয়োটাই “আন”! অৰ্থাৎ বাহিৰৰ পৰা আনিব খোজা হিন্দুখিনি যিদৰে “আন”, ভিতৰত থকা বৈধ অভিবাসী মুছলমানো সিদৰে ‘‘আন”!
আমাৰ দৰে মানুহে যেতিয়া কওঁ যে অধিকাংশ অভিবাসী মুছলমানে পিয়লত অসমীয়াক মাতৃভাষা বুলি স্বীকৃতি দিয়ে আৰু অভিবাসী অধ্যুষিত অঞ্চলত অসমীয়া মাধ্যমৰ স্কুল আছে আৰু তেওঁলোকৰ ল’ৰা-ছোৱালী অসমীয়া মাধ্যমৰ স্কুলত পঢ়ে, তেতিয়া উক্ত মানুহচামে কয় যে এই ধৰণৰ যুক্তিৰে আমি অসমীয়াক কাৰোবাৰ ওচৰত ধৰুৱা সজাইছোঁ আৰু খাঁটি অসমীয়া সমাজখনৰ অৱদানক অস্বীকাৰ কৰিছোঁ।
আমি সবিনয়ে কওঁ যে অসমীয়া ভাষাৰ বিবিধ বিকাশত বৰঙনি যোগোৱা, অসমীয়াভাষী বুলি পৰিচয় দিয়া, অসমীয়া ভাষাক আদৰি লোৱা, অসমীয়া ভাষাৰ চৰ্চা কৰা আৰু কৰিবলৈ আগবঢ়া আহোম, মৰাণ, বড়ো, কাৰ্বি, চাহ-মজদুৰ, মিঞা মুছলমান, শংকৰ-আজান, জ্যোতি-বিষ্ণু, অমলেন্দু-হেমাংগ, সমীৰ-সনন্ত, ইছমাইল হুছেইন-আব্দুছ ছামাদ আদি সকলোৰে ওচৰত অসমীয়া ভাষা আৰু জাতি ধৰুৱা। বৃ্হত্তৰ অসমীয়া জাতিৰ দ্বান্দ্বিক বিকাশত এই সকলোৰে অৰিহণা আছে আৰু সভ্য জাতিৰ লক্ষণ হ’ল সকলোৰে অৱদানক স্বীকৃতি দিয়া। অভিবাসী মুছলমানৰ অৱদানক স্বীকৃতি দিয়াৰ অৰ্থ খাঁটি অসমীয়া সমাজখনৰ অৱদানক অস্বীকাৰ কৰা নহয়। “অসমীয়া আঠশ বছৰ পূৰ্বে প্ৰব্ৰজিত অহোমৰ ওচৰত ধৰুৱা নেকি?” “অসমীয়া ডেৰ শ বছৰ পূৰ্বে প্ৰব্ৰজিত চাহ-মজদুৰৰ ওচৰত ধৰুৱা নেকি”– আদি প্ৰশ্নৰ দৰেই “অসমীয়া এক-ডেৰশ বছৰ পূৰ্বে প্ৰব্ৰজিত অভিবাসী মুছলমানৰ ওচৰত ধৰুৱা নেকি?” -এই প্ৰশ্নও উন্নাসিক, অপ্ৰাসংগিক, প্ৰৰোচনামূলক আৰু শেষ বিচাৰত জাতি-নিৰ্মাণ প্ৰক্ৰিয়াত অনাহক বিধি-পথালি লগোৱা বহুৱালিৰ নামান্তৰ।
অভিবাসী মুছলমানৰ ক্ষেত্ৰত “আন”,“কাৰোবাৰ” আদি শব্দ প্ৰয়োগ কৰা মানুহে এচাম অসমীয়াৰ সেই পুৰণি, ক্ষতিকৰ, সংকীৰ্ণ, উগ্ৰ-জাতীয়তাবাদী, আধিপত্যবাদী মনোভাৱটোকে নগ্নৰূপত পুনৰ প্ৰকাশ কৰে, যি মনোভাবৰ বাবেই এটা এটাকৈ অসমীয়াৰ আপোন জনগোষ্ঠী অসমীয়াৰ ওচৰৰ পৰা আঁতৰি গ’ল আৰু ভাষিক সম্প্ৰদায় হিচাপে সংখ্যাগত দিশত অসমীয়াক সংকটাপন্ন কৰি তুলিলে।
প্ৰশ্ন উঠে– আজি এক ঐতিহাসিক সন্ধিক্ষণ বা সংকটত অসমীয়া জাতি উপনীত হোৱা নাই বুলি এইসকল মানুহে ভাবে নেকি? অসমীয়াভাষীৰ সংখ্যা এসময়ৰ প্ৰায় ৭০ শতাংশৰ পৰা কমি আহি ১৯৯১ চনৰ পিয়লত হৈছিল ৫৭.৮১ শতাংশ, ২০০১ চনৰ পিয়লত হৈছিল ৪৮.৮০ শতাংশ আৰু ২০১১ চনৰ পিয়লত হৈছেহি ৪৮.৩৮ শতাংশ। অসমীয়াভাষীৰ এই ক্ৰমহ্ৰাসমান জনসংখ্যা এওঁলোকৰ মতে অসমীয়াৰ সংকট হয় নে নহয়?
যদি হয়, তেন্তে অসমীয়াৰ সংখ্যাগৰিষ্ঠতা ধৰি ৰখাৰ কি কাৰ্যকৰী নীতি, কৌশল বা উপায় তেওঁলোকে আমাক দিব খুজিছে? অভিবাসী মুছলমানক “আন” বুলি, “খাঁটি” নহয় বুলি, তেওঁলোকৰ ওচৰত আমি ধৰুৱা নহয় বুলি, অসমীয়া সমাজ তেওঁলোকৰ বাবে “ক্ষতিগ্ৰস্ত” হৈছে বুলি দোহাৰি থাকি তেওঁলোকক বাৰম্বাৰ প্ৰৰোচিত কৰি অসমীয়া সমাজৰ পৰা তেওঁলোকক দূৰলৈ ঠেলি থাকিব লাগিব? এইটো পদ্ধতিৰে এইচাম মানুহে অসমীয়াৰ ভাষিক সংখ্যাগৰিষ্ঠতা ৰক্ষা কৰিব? কি যাদু-মন্ত্ৰ আছে জানো এওঁলোকৰ হাতত! নে অসমীয়াৰ সংখ্যাগৰিষ্ঠতাৰ যি হয় হৈ থাকক –মিঞা মুছলমানক আপোন কৰি লোৱাত নাই? নাও বুৰে যদি বুৰক, তবু টিঙৰ পৰা নানামো? জনসংখ্যা ৩০ শতাংশ মানলৈ নামি গ’লেও ‘‘আমি অসমীয়া নহওঁ দুখীয়া”?
কোৱা বাহুল্য, তেওঁলোকৰ দৃষ্টিভংগি আংশিক আৰু খণ্ডিত –সামগ্ৰিক নহয়।
আজি যদি চাহ জনগোষ্ঠী, আহোম জনগোষ্ঠী আদিৰ দৰে কোনো এক জনগোষ্ঠী অসমীয়াৰ পৰা আঁতৰি যাব খোজে, সেই কথায়ো আমাক বিচলিত কৰিব। কাৰণ, সি হ’ব অসমীয়াৰ জাতীয় দেহৰ অংগহানিস্বৰূপ আৰু সিয়ে অসমীয়াক ভাষিক সংখ্যালঘুত পৰিণত কৰাৰ আশংকা তীব্ৰ কৰিব। পিছে, এই মুহূৰ্তত এইসকল জনগোষ্ঠীক লৈ তেনে প্ৰশ্ন অবান্তৰ। প্ৰশ্ন আহিছে মিঞা মুছলমানক লৈ। অসমীয়া হ’বলৈ শতিকাজোৰা প্ৰয়াসৰ অন্তত নানা কাৰণত বিচলিত হৈ আজি তেওঁলোকৰ কিছুমান মানুহ অসমীয়াৰ পৰা আঁতৰি গৈছে। আমি কি তেওঁলোকক বাৰে বাৰে প্ৰৰোচিত কৰি আমাৰ পৰা তেওঁলোকক ঠেলিয়ে থাকিম?