• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমীয়া জাতি-ভাষা, মিঞা মুছলমান, ধাৰ-ধুৰৰ প্ৰসংগ ইত্যাদি

শিৱজিত দত্ত by শিৱজিত দত্ত
August 29, 2018 1:38 pm
Char_Chapari
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিঞা-ফ’বিয়াত ভোগা কিছুমান মানুহে এতিয়াও ক’বলৈ এৰা নাই যে অসমীয়া জাতি আৰু ভাষা মিঞাৰ ওচৰত ধৰুৱা নহয়। ভাওনাৰ পুতলা-গদাহস্ত ভীমৰ বচন যেন এনে উক্তি উগ্ৰজাতীয়তাবাদী আৰু আত্মঘাতী চিন্তাৰ লোকৰ বিপুল উতনুৱা কৰতালিৰে সম্ভাষিত হয় সঁচা, কিন্তু তাৰ জাতিধ্বংসী, মিঞা-বিদ্বেষী আৰু বিশৃংখল চিন্তা-ভিত্তিক চৰিত্ৰ ফঁহিয়াই দেখুওৱাটো অসমীয়া জাতিৰ সুস্বাস্থ্যৰ বাবে আমি দৰকাৰী বুলি বিবেচনা কৰোঁ।

এইচাম মানুহে কয় যে অসমীয়া জাতি আৰু ভাষা প্ৰব্ৰজিত লোকৰ অনুগ্ৰহৰ ওপৰত নিৰ্ভৰশীল নহয় আৰু অসমীয়া জাতিক আনৰ অনুগ্ৰহৰ ওপৰত নিৰ্ভৰশীল এক স্বকীয়তাহীন, দুৰ্বল, নিঃকিন জাতি আৰু ভাষাৰূপে প্ৰক্ষেপ কৰাৰ দৰকাৰ নাই। এওঁলোকে আকৌ নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰো বিৰোধিতা কৰি কয় যে অসমীয়াক হিন্দু বাংলাদেশীয়েও উদ্ধাৰ কৰিব নালাগে, মিঞা মুছলমানেও উদ্ধাৰ কৰিব নালাগে।

Apply Now

এওঁলোকে কিদৰে কেঁচা-পকা মিহলি কৰি পেলায় চাওক : অবৈধ হিন্দু বাংলাদেশী আৰু বৈধ অভিবাসী মুছলমানৰ মাজত অদ্ভূত সমীকৰণ ৰচি এওঁলোকে ক’ব খোজে যে অসমীয়া জাতি আৰু ভাষা এই দুয়ো সম্প্ৰদায়ৰ ওপৰতে নিৰ্ভৰশীল নহয়। কাৰণ দুয়োটাই “আন”! অৰ্থাৎ বাহিৰৰ পৰা আনিব খোজা হিন্দুখিনি যিদৰে “আন”, ভিতৰত থকা বৈধ অভিবাসী মুছলমানো সিদৰে ‘‘আন”!

আমাৰ দৰে মানুহে যেতিয়া কওঁ যে অধিকাংশ অভিবাসী মুছলমানে পিয়লত অসমীয়াক মাতৃভাষা বুলি স্বীকৃতি দিয়ে আৰু অভিবাসী অধ্যুষিত অঞ্চলত অসমীয়া মাধ্যমৰ স্কুল আছে আৰু তেওঁলোকৰ ল’ৰা-ছোৱালী অসমীয়া মাধ্যমৰ স্কুলত পঢ়ে, তেতিয়া উক্ত মানুহচামে কয় যে এই ধৰণৰ যুক্তিৰে আমি অসমীয়াক কাৰোবাৰ ওচৰত ধৰুৱা সজাইছোঁ আৰু খাঁটি অসমীয়া সমাজখনৰ অৱদানক অস্বীকাৰ কৰিছোঁ।

আমি সবিনয়ে কওঁ যে অসমীয়া ভাষাৰ বিবিধ বিকাশত বৰঙনি যোগোৱা, অসমীয়াভাষী বুলি পৰিচয় দিয়া, অসমীয়া ভাষাক আদৰি লোৱা, অসমীয়া ভাষাৰ চৰ্চা কৰা আৰু কৰিবলৈ আগবঢ়া আহোম, মৰাণ, বড়ো, কাৰ্বি, চাহ-মজদুৰ, মিঞা মুছলমান, শংকৰ-আজান, জ্যোতি-বিষ্ণু, অমলেন্দু-হেমাংগ, সমীৰ-সনন্ত, ইছমাইল হুছেইন-আব্দুছ ছামাদ আদি সকলোৰে ওচৰত অসমীয়া ভাষা আৰু জাতি ধৰুৱা। বৃ্হত্তৰ অসমীয়া জাতিৰ দ্বান্দ্বিক বিকাশত এই সকলোৰে অৰিহণা আছে আৰু সভ্য জাতিৰ লক্ষণ হ’ল সকলোৰে অৱদানক স্বীকৃতি দিয়া। অভিবাসী মুছলমানৰ অৱদানক স্বীকৃতি দিয়াৰ অৰ্থ খাঁটি অসমীয়া সমাজখনৰ অৱদানক অস্বীকাৰ কৰা নহয়। “অসমীয়া আঠশ বছৰ পূৰ্বে প্ৰব্ৰজিত অহোমৰ ওচৰত ধৰুৱা নেকি?” “অসমীয়া ডেৰ শ বছৰ পূৰ্বে প্ৰব্ৰজিত চাহ-মজদুৰৰ ওচৰত ধৰুৱা নেকি”– আদি প্ৰশ্নৰ দৰেই “অসমীয়া এক-ডেৰশ বছৰ পূৰ্বে প্ৰব্ৰজিত অভিবাসী মুছলমানৰ ওচৰত ধৰুৱা নেকি?” -এই প্ৰশ্নও উন্নাসিক, অপ্ৰাসংগিক, প্ৰৰোচনামূলক আৰু শেষ বিচাৰত জাতি-নিৰ্মাণ প্ৰক্ৰিয়াত অনাহক বিধি-পথালি লগোৱা বহুৱালিৰ নামান্তৰ।

অভিবাসী মুছলমানৰ ক্ষেত্ৰত “আন”,“কাৰোবাৰ” আদি শব্দ প্ৰয়োগ কৰা মানুহে এচাম অসমীয়াৰ সেই পুৰণি, ক্ষতিকৰ, সংকীৰ্ণ, উগ্ৰ-জাতীয়তাবাদী, আধিপত্যবাদী মনোভাৱটোকে নগ্নৰূপত পুনৰ প্ৰকাশ কৰে, যি মনোভাবৰ বাবেই এটা এটাকৈ অসমীয়াৰ আপোন জনগোষ্ঠী অসমীয়াৰ ওচৰৰ পৰা আঁতৰি গ’ল আৰু ভাষিক সম্প্ৰদায় হিচাপে সংখ্যাগত দিশত অসমীয়াক সংকটাপন্ন কৰি তুলিলে।

প্ৰশ্ন উঠে– আজি এক ঐতিহাসিক সন্ধিক্ষণ বা সংকটত অসমীয়া জাতি উপনীত হোৱা নাই বুলি এইসকল মানুহে ভাবে নেকি? অসমীয়াভাষীৰ সংখ্যা এসময়ৰ প্ৰায় ৭০ শতাংশৰ পৰা কমি আহি ১৯৯১ চনৰ পিয়লত হৈছিল ৫৭.৮১ শতাংশ, ২০০১ চনৰ পিয়লত হৈছিল ৪৮.৮০ শতাংশ আৰু ২০১১ চনৰ পিয়লত হৈছেহি ৪৮.৩৮ শতাংশ। অসমীয়াভাষীৰ এই ক্ৰমহ্ৰাসমান জনসংখ্যা এওঁলোকৰ মতে অসমীয়াৰ সংকট হয় নে নহয়?

যদি হয়, তেন্তে অসমীয়াৰ সংখ্যাগৰিষ্ঠতা ধৰি ৰখাৰ কি কাৰ্যকৰী নীতি, কৌশল বা উপায় তেওঁলোকে আমাক দিব খুজিছে? অভিবাসী মুছলমানক “আন” বুলি, “খাঁটি” নহয় বুলি, তেওঁলোকৰ ওচৰত আমি ধৰুৱা নহয় বুলি, অসমীয়া সমাজ তেওঁলোকৰ বাবে “ক্ষতিগ্ৰস্ত” হৈছে বুলি দোহাৰি থাকি তেওঁলোকক বাৰম্বাৰ প্ৰৰোচিত কৰি অসমীয়া সমাজৰ পৰা তেওঁলোকক দূৰলৈ ঠেলি থাকিব লাগিব? এইটো পদ্ধতিৰে এইচাম মানুহে অসমীয়াৰ ভাষিক সংখ্যাগৰিষ্ঠতা ৰক্ষা কৰিব? কি যাদু-মন্ত্ৰ আছে জানো এওঁলোকৰ হাতত! নে অসমীয়াৰ সংখ্যাগৰিষ্ঠতাৰ যি হয় হৈ থাকক –মিঞা মুছলমানক আপোন কৰি লোৱাত নাই? নাও বুৰে যদি বুৰক, তবু টিঙৰ পৰা নানামো? জনসংখ্যা ৩০ শতাংশ মানলৈ নামি গ’লেও ‘‘আমি অসমীয়া নহওঁ দুখীয়া”?

কোৱা বাহুল্য, তেওঁলোকৰ দৃষ্টিভংগি আংশিক আৰু খণ্ডিত –সামগ্ৰিক নহয়।

আজি যদি চাহ জনগোষ্ঠী, আহোম জনগোষ্ঠী আদিৰ দৰে কোনো এক জনগোষ্ঠী অসমীয়াৰ পৰা আঁতৰি যাব খোজে, সেই কথায়ো আমাক বিচলিত কৰিব। কাৰণ, সি হ’ব অসমীয়াৰ জাতীয় দেহৰ অংগহানিস্বৰূপ আৰু সিয়ে অসমীয়াক ভাষিক সংখ্যালঘুত পৰিণত কৰাৰ আশংকা তীব্ৰ কৰিব। পিছে, এই মুহূৰ্তত এইসকল জনগোষ্ঠীক লৈ তেনে প্ৰশ্ন অবান্তৰ। প্ৰশ্ন আহিছে মিঞা মুছলমানক লৈ। অসমীয়া হ’বলৈ শতিকাজোৰা প্ৰয়াসৰ অন্তত নানা কাৰণত বিচলিত হৈ আজি তেওঁলোকৰ কিছুমান মানুহ অসমীয়াৰ পৰা আঁতৰি গৈছে। আমি কি তেওঁলোকক বাৰে বাৰে প্ৰৰোচিত কৰি আমাৰ পৰা তেওঁলোকক ঠেলিয়ে থাকিম?

শিৱজিত দত্ত

শিৱজিত দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am
একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

September 8, 2026 7:16 am
মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd