NORTHEAST NOW (Assamese)

অসমীয়া মাহেকীয়া বাৰ্তালোচনী ‘ঐতিহ্য বাৰ্তা’ উন্মোচন

January 9, 2018 5:00 pm · কল্পজ্যোতি শইকীয়া

আজি গুৱাহাটী প্ৰেছ ক্লাবত ‘ঐতিহ্য বাৰ্তা’ নামৰ এখন অসমীয়া মাহেকীয়া বাৰ্তালোচনী উন্মোচন কৰা হয়।

আলোচনীখনৰ প্ৰকাশক হেৰিটেজ ফাউণ্ডেচনে সংবাদ মাধ্যমক জনাই যে ‘অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিশেষভাৱে জনগোষ্ঠীয় সমাজ-সংস্কৃতি, ধৰ্ম-ঐতিহ্যৰ চিন্তন-প্ৰচাৰ-প্ৰসাৰণৰ বাবে এক উমৈহতীয়া বৌদ্ধিক মঞ্চ হ’ব ঐতিহ্য বাৰ্তা। মূলত : সেৱামূলক আদৰ্শৰে পৰিচালিত হ’ব লগা আলোচনীখনত উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধিক আৰু পাঠক সমাজৰ ৰাষ্ট্ৰ নিৰ্মাণ মুখী চিন্তা- সহযোগিতা আহ্বান কৰা হৈছে।’

‘উত্তৰ-পূৰ্বাঞ্চলৰ সমাজ-সংস্কৃতি-ঐতিহ্য সংৰক্ষণ আৰু বিকাশৰ বাবে’ কাম কৰি অহা বুলি দাবী কৰা তথা ‘হেৰিটেজ এক্সপ্ল’ৰাৰ’ নামৰ ইংৰাজী আলোচনীখনৰ প্ৰকাশক ‘হেৰিটেজ ফাউণ্ডেচন’ৰ হৈ মৈত্ৰেয়ী দাসে প্ৰকাশ কৰা আলোচনীখনৰ সম্পাদক হেমচন্দ্ৰ দলে।

‘হেৰিটেজ ফাউণ্ডেচন’ৰ অধ্যক্ষ জলেশ্বৰ ব্ৰহ্মই সঞ্চালনা কৰা উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ লোকবিদ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত  মুৰব্বী অধ্যাপক ড০ নবীন চন্দ্ৰ শৰ্মা।

Related News