• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

মেঘালয়ত য়ু ডি পি-এইচ্ছ এছ পি ডি পিৰ সন্মিলিত শক্তি হ’ব পাৰে কংগ্ৰেছৰ বাবে দ্বিতীয় বৃহৎ প্ৰত্যাহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2018 4:37 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ সমাগত নিৰ্বাচনত শাসনাধিষ্ঠিত কংগ্ৰেছ দলে চাৰিও দিশৰ পৰা প্ৰত্যাহ্বান পোৱাটো নিশ্চিত হৈ পৰিছে। ইতিপূৰ্বে এন পি পি কংগ্ৰেছৰ বাবে ৰাজ্যখনত বৃহত্তম প্ৰত্যাহ্বান হিচাপে মূৰ দাঙি উঠিছে। যদিও দলটো তুলনামূলকভাৱে ৰাজ্যখনত নতুন, কংগ্ৰেছৰ বাবে যে ইয়েই বৃহত্তম প্ৰত্যাহ্বান তাত কাৰো সন্দেহ নাই। মণিপুৰত বিজেপিৰ সৈতে চৰকাৰ গঠনৰ অংশীদাৰ হৈ থকা দলটোত নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ পৰা পাঁচজনকৈ বিধায়কে যোগদান কৰি ইতিপূৰ্বে ইয়াকে প্ৰমাণ কৰিছে।

এন পি পিৰ পিছতে ৰাজ্যখনৰ দুটাকৈ আঞ্চলিক দল ক্ৰমে য়ুনাইটেড ডেম’ক্ৰেটিক পাৰ্টি আৰু হিলছ ষ্টেইটছ পীপলছ ডেম’ক্ৰেটিক পাৰ্টিয়ে প্ৰাক নিৰ্বাচনী মিত্ৰতা স্থাপন কৰি তেওঁলোকৰ মূল উমৈহতীয়া টাৰ্গেট হিচাপে কংগ্ৰেছকে চিনাক্ত কৰিছে। ফলত কংগ্ৰেছ দলৰ বাবে এই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাটো এক প্ৰকাৰৰ দুৰূহ হৈ পৰিছে। আনহাতে হিন্দুত্ব বা গো-ৰাজনীতি কোনোটোৱে কাম দিয়াৰ সম্ভাৱনা নথকা বাবে বিজেপিয়ে নিজৰ বলেৰে ৰাজ্যখনত বিশেষ কিবা কৰাৰ সম্ভাৱনা কম। তেওঁলোকে এই কংগ্ৰেছক লক্ষ্য কৰি লোৱা ইয়াৰ থলুৱা দলবোৰক একত্ৰিত কৰাৰ আৰু তাৰ সুবাদত ৰাজ্যখন কংগ্ৰেছৰ পৰা মুক্ত কৰাৰ সম্ভাৱনা প্ৰৱল। মেঘালয়ো হাতৰ পৰা গ’লে দেশত বৰ্তমান কংগ্ৰেছৰ শাসন থকা ৰাজ্য ৩ খনলৈ হ্ৰাস হ’ব আৰু এক প্ৰকাৰৰ কংগ্ৰেছমুক্ত ভাৰতৰ দিশত আৰু এটা খোজ পেলোৱৰ দৰে হ’ব।

Apply Now

যোৱা সোমবাৰে য়ু ডি পি-এইচ্ছ এছ পি ডি পিৰ এখন যুটীয়া নিৰ্বাচনী সভাত দুয়োটা দলৰ নেতাসকলে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। মাওলাই সমষ্টিৰ য়ু ডি পিৰ প্ৰাৰ্থী এম্ভাহ শ্যামলেইৰ সমৰ্থনত আয়োজিত সভাখনত য়ু ডি পিৰ নেতা পাল লিংডোৱে দুয়োটা দলে ৰাজ্যখনৰ নতুন শাসনৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত আত্মবিশ্বাসী হৈ থকা বুলি কয়। তেওঁ সুশাসনত ব্যৰ্থ হোৱা বুলি কংগ্ৰেছ দলটোক কটাক্ষ কৰি কয় যে কংগ্ৰেছ দলৰ বহুকেইজন মন্ত্ৰী-বিধায়কে এতিয়া জেইল যোৱাৰ ভয়ত কঁপি আছে আৰু আন কিছুমানে দলত্যাগ কৰিছে। গতিকে এইটো দল পুনৰ শাসনলৈ অহাৰ কোনো সম্ভাৱনা নাই। আনহাতে এইচ্ছ এছ পি ডি পিৰ নেতা আৰ্ডেণ্ট মিলাৰ বচায়ামৈতে আৱেগমুক্ত হৈ নিৰ্বাচনত ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়। ৰাইজে যাতে এখন ভাল চৰকাৰ পায় তাৰ বাবে নিজৰ জ্ঞান-বিবেক ব্যৱহাৰ কৰিহে ভোটদান কৰিবৰ বাবে আহ্বান জনায়। তেওঁ কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত সকলো ঠিকা-ঠুকলি কংগ্ৰেছৰ মন্ত্ৰী-বিধায়কসকলে নিজেই ল’বলৈ আৰম্ভ কৰিছিল। যাৰ ফলত ঠিকাদাৰসকলে কাম-কাজ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছিল। তেওঁ দুয়োটা দলৰ মিত্ৰতা দুৰ্নীতি নিৰ্মূলৰ উদ্দেশ্যত হোৱা বুলি দাবী কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd