১৯৯২ চনত হিন্দুত্ববাদী নেতাৰ উচটনিত কৰসেৱকসকলে অযোধ্যাৰ বাবৰি মচজিদ ভাঙি দিয়াৰ ২৬ বছৰৰ পাছতো উক্ত ঠাইত কোৱা মতে ৰাম মন্দিৰ নিৰ্মাণ কৰিব নোৱাৰিলে হিন্দুত্ববাদী শক্তি তথা তেওঁলোকৰ পৃষ্ঠপোষক চৰকাৰে। কিন্তু শেহতীয়াকৈ উত্তৰ-পূবলৈ সম্প্ৰসাৰণবাদী কাৰ্য্যসূচী বিস্তাৰ ঘটাবলৈ সক্ষম হোৱা হিন্দুত্ববাদী শক্তিয়ে ৰাম মন্দিৰ স্থাপন কৰিবলৈ পৰিকল্পনা কৰিছে অসমৰ কেইবা ঠাইতো।
ৰামসেনা নামৰ এটা নৱ গঠিত সংগঠনে আজি দিচপুৰ প্ৰেছ ক্লাবত এখন সভা পাতি ঘোষণা কৰে যে সংগঠনটোৱে অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত ৰাম মন্দিৰ নিৰ্মাণ কৰিব। সংগঠনটোৱে সংবাদ মাধ্যমক জনোৱা মতে, ২০২২ চনৰ ভিতৰত এই ৰাম মন্দিৰৰ কাম সম্পূৰ্ণ হ’ব।
মন কৰিব লগীয়া কথাটো হ’ল অসম ৰামপূজাৰ ঠাই নহয়। অসমত উদাৰ আৰু গণতান্ত্ৰিক প্ৰমূল্যযুক্ত বৈষ্ণৱ ধৰ্মই সমাজৰ সকলো স্তৰতে দ-লৈকে স্থান দখল কৰি আছে। ইয়াৰ পিছতো ইয়াত ৰাম মন্দিৰ নিৰ্মাণৰ পৰিকল্পনা কৰাৰ অন্তৰ্নিহিত কাৰণ এটাই হ’ব পাৰে বৈষ্ণৱ ধৰ্মীয় সমাজৰ ঠাইত হিন্দুত্বগন্ধী সমাজৰ প্ৰতিষ্ঠা। লগতে শংকৰ-আজানৰ ঠাই হিচাপে সমাজত যি সাতাম পুৰুষীয়া সম্প্ৰীতি আছে, তাত আঘাত কৰা।
উল্লেখ কৰিব পাৰি যে বিজেপিৰ চৰকাৰ শাসনলৈ অহাৰ পিছত তৎপৰতা বৃদ্ধি পোৱা হিন্দুত্ববাদী শক্তিবোৰে এতিয়া অসমত মুকলিকৈ তেওঁলোকৰ সম্প্ৰসাৰণবাদী কাৰ্য্যসূচী চলাই যোৱা দেখা গৈছে।
ৰাজ্যত বিজেপিৰ চৰকাৰ থকাৰ সুবাদতে বিভিন্ন হিন্দুত্ববাদী সংগঠনৰ উন্মুক্ত কৰ্মস্থলী হৈ পৰিছে অসমখন। অসমৰ সমাজ-ৰাজনৈতিক-ঐতিহাসিক পটভূমিলৈ মন নকৰি এই সংগঠনবোৰে ইয়াত উগ্ৰ হিন্দুত্বৰ পোষকতাৰে অসমৰ সমাজত থকা সাতাম পুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে।
আনহাতে এই সংগঠনবোৰে অসমীয়া ধৰ্মীয় সমাজৰ মূল আধাৰ বৈষ্ণৱবাদ তথা অসমীয়া জাতীয়তাবাদৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। তাৎপৰ্য্যপূৰ্ণভাৱে এই হিন্দুত্ববাদৰ আগ্ৰাসনক বাট উলিয়াই দিছে অসমীয়া সমাজখনৰে এটা চামে। এওঁলোকক হিন্দুত্ববাদী শক্তিবোৰে অঞ্চলটোলৈ ইচলামৰ আগ্ৰাসনৰ কথা কৈ বিপথে পৰিচালিত কৰিবলৈ সক্ষম হোৱা দেখা যায়।
আজিৰ এই সভাখনত সমাজৰ শিক্ষিত আৰু সংস্কৃতিৱান দুই-এজন লোককো দেখা গ’ল। উপস্থিত আছিল পাণ্ডু মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যোগেশ কাকতী, প্ৰাক্তন অধ্যক্ষ ড০ বিপাশ চন্দ্ৰ পুৰকায়স্থ, প্ৰবক্তা আনন্দৰাম বড়ো।
আজিৰ সভাখনত উপৰোক্তসকলকে ধৰি হিন্দু দল-সংগঠনৰ নেতাক লৈ এখন আহ্বায়ক কমিটী গঠন কৰা হয়।
ৰাম মন্দিৰ নিৰ্মাণৰ কমিটী গঠনৰ উদ্দেশ্যে অনুষ্ঠিত উক্ত সাধাৰণ সভাত ভাষণ প্ৰদান কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নয়নজ্যোতি মেধিয়ে কয় যে হিন্দু ধৰ্ম ৰক্ষাৰ বাবে ২০১৭ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে ৰাসসেনা, অসম নামৰ এই সংগঠনটোৰ জন্ম দিয়া হৈছিল।
তেওঁ লগতে কয় যে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ অস্তিত্বৰ ওপৰত এক সংকট নামি আহিছে, গতিকে অসমত ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ বিচৰা হৈছে।
আনহাতে, তেওঁ জাতি থাকিলেহে ভাষা আৰু সংস্কৃতি জীয়াই থাকিব বুলি মত প্ৰকাশ কৰি অদ্ভুত মন্তব্যৰে কয়, “প্ৰথমে হিন্দু, তাৰ পাছত অসমীয়া আৰু তাৰ পিছত আমি ভাৰতীয়।”
ইয়াৰোপৰি ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অহা ৬ মাহৰ ভিতৰত গুৱাহাটীত এখন সমাবেশ অনুষ্ঠিত কৰা হ’ব বুলিও তেওঁ উক্ত সভাতে ঘোষণা কৰে।
সভাখনত উপস্থিত থকা আৰু নিজকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভাৰতীয় ইতিহাস সংঘ সমিতিৰ অসম সভাৰ কাৰ্য্যকৰী সভাপতি বুলি চিনাকি দিয়া পাণ্ডু মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যোগেশ কাকতীয়ে কয় যে হিন্দুসকলৰ মাজত সমজুৱাভাৱে আধ্যাত্মিক আলোচনাত কিছু অৱহেলা কৰা হৈছে। ইয়াৰ কাৰণ হৈছে আমাৰ শিক্ষা ব্যৱস্থাটোত এটা কেৰোণ আছে। তেওঁ কয়, “আমি যিবোৰ ইতিহাস পঢ়িছো সেইবোৰ ঔপনিৱেশিক বা মাৰ্ক্সবাদী ইতিহাস। ঠিক সেইদৰে অন্য বিষয়সমূহো যেনে চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈ পোৱাৰ বিপৰীতে আৰ্য্যভট্টৰ বিষয়ে পঢ়িবলৈ নাপায়।”
উল্লেখযোগ্য যে ভাৰতীয় সাহিত্য-গণতন্ত্ৰৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলে পঢ়িবলৈ হ’লে অন্য দেশৰ লোকৰ মাৰ্গদৰ্শন পঢ়িব লগীয়া হয় বুলি মন্তব্য কৰাৰ লগতে কয়, “সাহিত্যৰ কথা জানিবলৈ হ’লে ছেইক্সপিয়েৰৰ কথা ছাত্ৰ-ছাত্ৰীসকলে পঢ়িব লগীয়া হয়। গণতন্ত্ৰৰ কথা পঢ়িবলৈ হ’লে ভাৰতীয় শিক্ষা ব্যৱস্থাত প্লেট’-এৰিষ্ট’টলৰ কথাহে পঢ়িব লাগে। কিন্তু ভাৰতৰ কৌটিল্যৰ কথা নিশিকায়।”
ব্ৰিটিছসকল ভাৰতলৈ অহাৰ পূৰ্বে ভাৰতীয় সমাজত এটাও চোৰ-ডকাইত নাছিল বুলিও হাস্যকৰ মন্তব্য কৰে অধ্যক্ষজনে।
অধ্যক্ষজনে ব্ৰিটিছসকলে শিক্ষা ব্যৱস্থাটো ধ্বংসৰ গৰাহত পেলাই থৈ গ’ল বুলি কটাক্ষ কৰি কয়, “যাৰ ফলস্বৰূপে আমি ভগৱান শ্ৰীকৃষ্ণক নাজানো, ৰামচন্দ্ৰক নাজানো, আৰু নিজৰ মাক-দেউতাকো চিনি নাপাওঁ।”
মন কৰিব লগীয়া কথাটো হ’ল আজিৰ সভাত ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা স্থানবোৰ হ’ল আটাইবোৰেই সংখ্যালঘু অধ্যুষিত এলেকা। ধিং, মৈৰাবাৰী, খাৰুপেটীয়া নাইবা জনিয়াক ৰামসেনা নামৰ সংগঠনটোৱে ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ বাবে নিৰ্বাচিত কৰিছে। তেওঁলোকে এইবোৰত মন্দিৰ নিৰ্মাণৰ বাবে চৰকাৰক মাটি বিচাৰিব বুলি জানিবলৈ দিয়ে।
এইখিনিতে ৰাইজে প্ৰশ্ন কৰিছে যে ধৰ্ম প্ৰচাৰ বা আধ্যাত্মিক চৰ্চাই যদি উদ্দেশ্য হয় তেন্তে মন্দিৰ নিৰ্মাণৰ স্থান হিচাপে সংখ্যালঘু অঞ্চলক বাছি লোৱা হৈছে কিয়? এওঁলোকৰ মতলব সম্পৰ্কত সন্দেহৰ প্ৰশ্ন তুলিছে বহুজনে।
উল্লেখযোগ্য যে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰা হ’ব বুলি বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে আৰু উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলৰ কেইবাজনো নেতাই ভাষণত ঘোষণা কৰিছিল, যদিও নিৰ্বাচন যোৱাৰ পিছত নিৰ্মাণ বাদেই, প্ৰসংগটোৱেই নোলাল।
ইয়াৰ পৰা বুজা যায় বেছি সংখ্যকেই এই ধৰ্মীয় আৱেগৰ পৰা ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণ বা ব্যক্তিগত স্বাৰ্থ আদায়ৰহে চেষ্টা কৰে।
আনহাতে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা মুকলিকৈ সক্ৰিয় হোৱাৰ সাহস পোৱা এই হিন্দুত্ববাদী সংগঠনবোৰে অসমীয়া জাতিৰ স্বাৰ্থত কেতিয়াও মাত মতা নাই। বৰং এইবোৰে অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰশ্নটোক হিন্দুত্বৰ প্ৰশ্নেৰে তল পেলোৱাৰ অপপ্ৰয়াস কৰি অহাহে দেখা গৈছে। এই শক্তিবোৰক উৎসাহ দিছে অসমীয়া সমাজৰে এটা অংশই।