অসমৰ অতন্দ্ৰ প্ৰহৰী ‘আছু’ৰ টোলগেইট সন্দৰ্ভত চৰকাৰৰ সৈতে কি বুজাবুজি হ’ল ৰাজহুৱা কৰক : অখিল গগৈ
“অসমৰ অতন্দ্ৰ প্ৰহৰী বুলি কোৱা সদৌ অসম ছাত্ৰ সন্থাৰো এতিয়া কোনো মাত-বোল নাই।” এইবুলি সদৰী কৰি গুৱাহাটীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্য্যালয়ত এখন সংবাদমেল সম্বোধন কৰি অখিলে প্ৰশ্ন কৰে, “দেখদেখকৈ নিৰ্মাণ সম্পূৰ্ণ নোহোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টোলগেট বহাওঁতেও এটাও জাতীয় সংগঠনে মাত মতা নাই কিয়?”
এমাহমান পূৰ্বে ৰহা টোলগেইটত থকা বাঁহ কেইডালমান ভাঙি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰা বুলি জানিবলৈ দি ৰহাৰ টোলগেইট সন্দৰ্ভত চৰকাৰৰ সৈতে কি বুজাবুজি হ’ল সেয়া ৰাজহুৱা কৰাৰো দাবী তোলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনে।
“আমি যেতিয়া ৰহাৰ টোলগেইটখন ভাঙি দিওঁ তেতিয়া ‘অখিল গগৈ নৈৰজ্যবাদী আখ্যা দিয়ে’ এইবুলি মন্তব্য কৰি তেওঁ লগতে কয়, “যদি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নৈৰাজ্যবাদেই কৰিছে তেন্তে নৈৰাজ্যবাদ নকৰা ভদ্ৰ, ভব্য-গব্য বগাচোলা-ক’লা পেণ্ট পিন্ধা কোনো মানুহ আজি ৰহাৰ টোলগেইটখন বন্ধ কৰিবৰ বাবে প্ৰতিবাদ কৰিবলৈ ওলাই অহা নাই।”
আনহাতে নেতাজনে জানিবলৈ দিয়ে যে অহা ২২ জুলাইত গুৱাহাটীৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ‘টোলগেটলৈ যাওঁ ব’লক’ কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব।
লগতে তেওঁ সমূহ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনক এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনায় কয়, “যদি বাকী জাতীয় দল-সংগঠনসমূহ ওলাই নাহে, তেন্তে উপায় নাই, অখিল গগৈ জেইললৈ যাবলৈ সাজু। প্ৰয়োজনত গুলী খাই মৰিলেও মৰিম।”
আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ২০১৫ৰ পৰা ২০১৮ চনলৈকে ৰহা, সোণাপুৰ, কলিয়াভোমোৰা আৰু চিৰাং জিলাৰ টোলগেইট বন্ধ কৰি দিছিল বুলি সংবাদমেলত দাবী কৰে কৃষক নেতাজনে। কিন্তু তেওঁলোকক কোনেও প্ৰশংসা কৰা নাছিল তথা ধন্যবাদো দিয়া নাছিল বুলিও তেওঁ সংবাদমেলতে দুখ প্ৰকাশ কৰে।
তদুপৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই চাৰিখনকৈ টোলগেইট তিনি বছৰতকৈও অধিক সময় বন্ধ কৰি ৰাখিছিল কাৰণে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ কোটি-কোটি টকা ৰেহাই হৈছিল বুলি সংবাদমেলত অখিলে জনায়।
“কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে খবৰ পোৱা অনুসৰি যদি যাত্ৰীবাহী বাছ এখনে মাহে ৰহা টোলগেইটত ১১,১০০ টকা দিব লগীয়া হয়, তেন্তে নগাৱঁৰ পৰা গুৱাহাটীৰ ভাৰা ১৫ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে গাড়ীৰ মালিকসকলে।” এইদৰে কয় অখিল গগৈয়ে।
আনহাতে গাড়ীৰ মালিকসকলে গাড়ীৰ ভাড়া বৃদ্ধি কৰাৰ বাবে অহা ২০ জুলাইৰ পৰা চকা বন্ধ দিব বুলি সংবাদমেলযোগে জনায় কৃষক নেতাজনে।
তেওঁ লগতে কয়, “যদি তিনিচকীয়া বাণিজ্যিক বাহনসমূহে মাহত ১২,১১০ টকা, ট্ৰাকসমূহে যদি ১৭,৪১০ টকা আৰু ডাঙৰ ট্ৰাকসমূহে ২১,১৯৫ টকা দিব লগীয়া হয়, তেন্তে অসমৰ ৰাইজে ভাবি লওক টোলগেটৰ শোষণটো কেনেকুৱা হ’ব?”
আনহাতে, প্ৰত্যেক বস্তুৰ দাম আকাশলংঘী হোৱাটো নিশ্চিত বুলি দাবী কৰি কৃষক নেতআজনে কয় “অসমৰ ৰাইজে এবাৰ কথাটো অনুধাৱন কৰি চোৱা উচিত।”
ইয়াৰোপৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বহু অংশতে নিৰ্মাণৰ কাম এতিয়াও চলি আছে বুলি দাবী কৰি কৃষক নেতা অখিল গগৈয়ে কয় যে ভাৰতবৰ্ষৰ অন্য ৰাজ্যসমূহত টোলগেইট থকা ৰাস্তাসমূহ পুৰণা অৱস্থাতে আছে, সেইবোৰ নতুনকৈ নিৰ্মাণ হোৱা নাই। লগতে বিকল্প পথ নথকাকৈ ৰাষ্ট্ৰীয় পথসমূহত টোলগেইট স্থাপন কৰিব পৰা কথা কোনো সংবিধানতে উল্লেখ নাই বুলি তেওঁ সংবাদমেলত দাবী কৰে।
আনহাতে উক্ত সংবাদমেলৰ জৰিয়তে কৃষক নেতাগৰাকীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা আৰু সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰ টোলগেটৰ বিৰোধিতা কৰি ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা বুলি জানিবলৈ দিয়ে।
তাৎপৰ্য্যপূৰ্ণভাৱে তেওঁ চৰকাৰক প্ৰশ্ন উত্থাপন কৰি কয়, “মই গুৱাহাটীৰ পৰা ৰাজ্যৰ ভিতৰতে থকা গাঁৱৰ ঘৰখনলৈ বিনা কৰ দি যোৱাৰ অধিকাৰ মোৰ আছে নে নাই তাৰ উত্তৰ দিব লাগে।”