অসমৰ এন আৰ চিৰ আঁৰৰ ব্যক্তি প্ৰদীপ কুমাৰ ভূঞাক জানো আহক

অসমৰ এন আৰ চি উন্নীতকৰণৰ আঁৰৰ প্ৰকৃত নায়ক কোন ? এই কৃতিত্বৰ যেন বহুজনেই দাবীদাৰ হ’ব খোজে। চ’চি্য়েল মীদিয়া বাদেই, মূলসুঁতিৰ সংবাদ্মাধ্যমটো আনকি বিভিন্নজনক এন আৰ চি উন্নীতকৰণৰ কৃতিত্ব জ্ঞাপনৰ আলোৰণ উঠিছে।

আমি নামসমূহ উল্লেখ কৰিবলৈ নাযাওঁ। আমি আমাৰ পাঠকসকলক কেৱল জনাব খোজো যে অসমত এন আৰ চিৰ আঁৰৰ আচল ব্যক্তিজন হ’ল প্ৰদীপ কুমাৰ ভূঞা। আশীৰ ঊৰ্ধৰ এই ব্যক্তিজনে জেপৰ ধন খৰচ কৰি আনকি ঘৰৰ সামগ্ৰী বেচি এন আৰ চি উন্নীতকৰণৰ বাবে আইনী যুঁজত নামিছিল। তেওঁৰ ধাৰাৱাহিক প্ৰচেষ্টাৰ কাৰণেই ২০০৬ চনত উচ্চ্তম ন্যায়ালয়ে এন আৰ চি সম্পৰ্কীয় এটা গোচৰ গ্ৰহণ কৰে। কিন্তু ভূঞা সন্মুখত নাথাকিলে আৰু অন্য এটা পক্ষই সৰ্বোচ্চ ন্যায়ালয়ত এই সৰ্বাধিক চৰ্চিত গোচৰটোৰ অংশগ্ৰহণকাৰী হ’ল। নিজৰ ল’ প্ৰ’ফাইল চৰিত্ৰ বৰ্তাই ৰাখি আৰু নীৰৱে নিজৰ গোপনীয়তা ৰক্ষা কৰি ভূঞাই পৰ্দাৰ আঁৰতে থাকিবলৈ পছন্দ কৰিলে।

ৰ’ব, ইমানতে প্ৰদীপ কুমাৰ ভূঞাৰ পৰিচয় শেষ হোৱা নাই। আই আই টি খৰগপুৰৰ ১৯৫৬ চনৰ ছাত্ৰ ভূঞা গুৱাহাটীৰ ফেকাল্টি স্কুলৰ প্ৰতিস্থাপক ন্যাসৰক্ষী। তাৰোপৰি তেওঁ গুৱাহাটীৰ সদৌ অসম এফিলিয়েতেদ ইনষ্টিতিউছন সংস্থাৰো সভাপতি। কেৱল এন আৰ চিৰ ক্ষেত্ৰতে নহয় ভূঞাই অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত বৃ্হৎ নদীবান্ধসমূহৰ বিৰুদ্ধেও আইনী যুঁজত নামিছে।

তাৰোপৰি তেওঁ বনানীকৰণৰ এক প্ৰকল্পৰো উদ্যোগ হাতত লৈছে।

এই সম্পৰ্কত ভূঞাৰ সৈতে এন ই নাৱে যোগাযোগ কৰাত তেওঁ নিজৰ বিষয়ে ক’বলৈ বিনম্ৰভাৱে অস্বীকাৰ কৰিলে।

কিন্তু নৰ্থ ইস্ত নাৱে সঁচা কথাটো কোৱা আৰু এন আৰ চিৰ আঁৰৰ ব্যক্তিজনক ৰাইজৰ সন্মুখলৈ অনাটো প্ৰয়োজনীয় বুলি অনুভৱ কৰিলে।