অসমৰ ঐতিহ্যক বেপাৰীৰ হাতত তুলি দিবলৈ দিয়া নহ’ব : চিৰিয়াখানা সুৰক্ষা মঞ্চ

চিৰিয়াখানা সুৰক্ষা মঞ্চ

‘চৰকাৰৰ কাৰ্য্যকলাপ লক্ষ্য ৰাখি আমি এটা কথাই অৱগত হৈছো এইখন জনতাৰ চৰকাৰ নহয়। অসমৰ আপুৰুগীয়া সম্পদসমূহ বেপাৰীৰ হাতত তুলি দিবলৈ দিয়া নহ’ব।‘ আজি চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই এক সংবাদমেলত এইদৰে এই মন্তব্য কৰে।

অসমৰ ঐতিহ্যক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পন কৰাৰ সিদ্ধান্তক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এক ষড়যন্ত্ৰ আখ্যা দিয়ে চিৰিয়াখানা সুৰক্ষা মঞ্চই। লগতে কালি সমগ্ৰ অসমত জনমত গঠন কৰিবৰ বাবে সহযোগী সংগঠন ‘আহোম ৰয়েল চ’চাইটিৰ সভাপতি কমলা ৰাজকোঁৱৰক মুখ্য আহ্বায়ক হিচাপে লৈ এখন তিনিজনীয়া কমিটি গঠন কৰে। কমিটিৰ আন দুজন সদস্য হ’ল ক্ৰমে ‘গৰিয়া-মৰীয়া দেশী জনগোষ্ঠীয় পৰিষদ’ৰ ফজনুল কৰিম হাজৰিকা আৰু মধু কলিতা।

আনহাতে, চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি বৈশ্যই কয়, ‘‘বিভিন্ন সময়ত অসমীয়া জাতিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে কৰি অহা অত্যাচাৰ বন্ধ কৰিবলৈ বাধ্য হ’ব লাগিব। যিবিলাক জাতিদ্ৰোহী বদনৰ সহায়ত দিল্লীয়ে ‘জাতি ধ্বংসী সিদ্ধান্ত লৈ আছে সময়ত সেইসকল ৰাইজৰ বিচাৰৰ সন্মুখীন হ’ব। মন্ত্ৰী বিধায়ক হোৱাৰ স্বাৰ্থত এনেবোৰ জাতিদ্ৰোহী কামৰ পৰা শীঘ্ৰে আঁতৰি থাকিবলৈ সকীয়াই দিছো।‘

উল্লেখযোগ্য যে এসময়ত চিৰিয়াখানাকো বেপাৰীৰ হাতত গতাবলৈ বিচৰা হৈছিল বুলি ৰাজকুমাৰ বৈশ্যই সদৰী কৰে। লগতে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ ধাৰাবাহিক আন্দোলনৰ বাবেহে তেনে সিদ্ধান্ত বাতিল কৰা বুলি বৈশ্যই আজিৰ সংবাদ মেলত ব্যক্ত কৰে।

আনহাতে, অখিল গগৈয়ে কালি কাজিৰঙাখন কৃষক মুক্তি সংগ্ৰাম সমিতিক চমজাই দিবলৈ আহ্বান জনোৱাক বৈশ্যই পূৰ্ণৰূপত সমৰ্থন জনাই কয়, ‘’সংগঠন ভিন্ন হ’লেও এইক্ষেত্ৰত যদি আমাৰ সহযোগিতা বিচাৰে তেন্তে আমিও সহযোগ কৰিবলৈ আগবাঢ়ি যাম।‘’

লক্ষ্যণীয়  যে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ উদ্যোগত আয়োজিত হ’বলগীয়া নাগৰিক সভাত ব্যক্তিগত খণ্ডক গতাবলৈ লোৱা হঠকাৰী সিদ্ধান্তক লৈ বিস্তৃতভাবে আলোচনা কৰা হ’ব বুলি মঞ্চৰ সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদ মেলত ব্যক্ত কৰে।

নাগৰিক সভাৰ আলোচনাৰ পিছতে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হ’ব বুলি হুংকাৰ দিয়াৰ লগতে মঞ্চই সমগ্ৰ অসমত পদযাত্ৰা কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি জানিব দিয়ে।