NORTHEAST NOW (Assamese)

অসমৰ ঐতিহ্য ক্ষেত্ৰ ব্যক্তিগত কোম্পানীক গতাব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে বৰপেটাত কৃষক মুক্তিৰ প্ৰতিবাদ

May 2, 2018 8:35 pm · পুলেন্দ্ৰ দাস

কাজিৰঙা, ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল, তলাতল ঘৰ আদি অসমৰ ঐতিহ্যক্ষেত্ৰসমূহ কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত কোম্পানীক গতাব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি ৰাজ্যজুৰি কৰা প্ৰতিবাদৰ অংশ হিচাপে বৰপেটাতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

দিনৰ প্ৰায় এক বজাত বৰপেটা চহৰৰ পাঁচআলি চ’কত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতা আৰু কৰ্মীসকল উপস্থিত হৈ ‘অসমৰ সম্পদ কোম্পানীক গতাবলৈ দিয়া নহ’ব, অসমীয়া জাতিৰ স্বাভিমানক অপমান কৰিবলৈ দিয়া নহ’ব, পুজিপতিৰ নিৰ্দেশত উঠা-বহা কৰা বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী হায় হায়, বিজেপি চৰকাৰ গো-বেক’ আদি বিভিন্ন শ্লোগান দিয়ে।

ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী মহেশ শৰ্মাৰ প্ৰতিকৃতি দাহ কৰিব ওলোৱাৰ সময়তে আৰক্ষীয়ে আহি তেওঁলোকক বাধা আৰোপ কৰাত দুয়োপক্ষৰ মাজত এক বাকযুদ্ধ হয় আৰু আৰক্ষীয়ে প্ৰতিকৃতিত পানী ঢালি প্ৰতিবাদকাৰীসকলক উক্ত স্থানৰ পৰা খেদি পঠায়।

আৰক্ষীৰ এনে ভূমিকাক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাজী নজিমুল হক আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ সভাপতি ৰেজ্জাক খানে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

Related News