অসমৰ ডিটে’নচন কেম্পৰ বিদেশীক ভ্ৰমণ নথি দিছে বাংলাদেশ চৰকাৰে: কিৰেন ৰিজিজু

Kiren-Rijiju

অসমৰ বিভিন্ন ডিটে’নচন কেম্পত থকা ৫২গৰাকী বাংলাদেশী নাগৰিকক বিতাৰণৰ বাবে শেহতীয়াকৈ বাংলাদেশ চৰকাৰে ভ্ৰমণ নথি দিছে।

লোককেইজনৰ জাতীয়তা পৰীক্ষাৰ পিছ্ত বাংলাদেশ চৰকাৰে এই পদক্ষেপ লোৱা বুলি ৰিপুন বৰাৰ এক প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাত ২৫ জুলাইত জনাইছে কেন্দ্ৰীয় গৃ্হ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে।

‘শেহতীয়াকৈ বাংলাদেশ চৰকাৰে অসমৰ বিভিন্ন ডিটে’নচন কেম্পত থকা ৫২গৰাকী বাংলাদেশীৰ জাতীয়তাৰ সত্যাসত্য পৰীক্ষা কৰি বিতাৰণৰ বাবে ভ্ৰমণ নথি দিছিল,’ ৰাজ্যসভাত ৰিজিজুৰ বিবৃতি।

ৰিজিজুৱে লগতে জনাই যে যিমান পাৰি সোনকালে এই বাংলাদেশী কেইজনক বিতাৰণ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা ল’বলৈ কেন্দ্ৰই অসম চৰকাৰক আহ্বান জনাইছে।

‘এই বাংলাদেশী নাগৰিককেইজনক বিতাৰণৰ ক্ষমতা অসম চৰকাৰৰ গণ্ডীৰ ভিতৰত,’ জনালে ৰিজিজুৱে।

বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰী সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই উত্থাপন কৰা এটা তাৰকা প্ৰশ্ন (৮২ নং)ৰ প্ৰশ্নৰ উত্তৰত ৰিজিজুৱে এই বিবৃতি আগবঢ়ায়।

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীগৰাকীয়ে লগতে জনাই যে চৰকাৰী তথ্য অনুসৰি ২০১৬-১৭ চনত অসমৰ বিভিন্ন ডিটেনচন কেম্পৰ পৰা ৩৯গৰাকী বাংলাদেশী নাগৰিকক বিতাৰণ কৰা হৈছে।