অসমৰ বিদ্যালয়ত ছাত্ৰী প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰিব ভাৰতীয় বিমান প্ৰাধিকৰণে

Airports Authority of India

উপযুক্ত অনাময় ব্যৱস্থা নথকা ৰাজ্যখনৰ বিদ্যালয় সমূহৰ অনাময় ব্যৱস্থাক উন্নয়নৰ উদ্দেশ্যে ভাৰতীয় বিমান প্ৰাধিকৰণে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ সৈতে ১,১৩,৪০,০০০ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে।

বিমান প্ৰাধিকৰণে ঔদ্যোগিক প্ৰতিষ্ঠানৰ সামাজিক দায়বদ্ধতাৰ অধীনত অসমৰ মাধ্যমিক বিদ্যালয় সমূহত ছাত্ৰীৰ প্ৰস্ৰাৱগাৰ নিৰ্মাণৰ বাবে উক্ত পুঁজি আগবঢ়াব।  উল্লেখযোগ্য যে ভাৰতীয় বিমান প্ৰাধিকৰণে বিদ্যালয় সমূহত ছাত্ৰীৰ প্ৰস্ৰাৱগাৰ নিৰ্মাণৰ উদ্দেশ্যে পূৰ্বৰে পৰা দেশৰ বিভিন্ন বিদ্যালয়ত পুঁজি আগবঢ়াই আহিছে।

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান চমুকৈ আৰ এম এছ এ হৈছে ভাৰত চৰকাৰে আৰম্ভ কৰা এক অভিযান। এই অভিযানৰ অধীনত চৰকাৰে বিশেষকৈ অসমৰ মাধ্যমিক বিদালয় সমূহৰ ১৪ ৰ পৰা ১৬ বছৰৰ ছাত্ৰ-ছাত্ৰী তথা উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহৰ ১৬ ৰ পৰা ১৮ বছৰত ছাত্ৰ-ছাত্ৰী সকলক গুণগত শিক্ষা প্ৰদনা কৰি আহিছে।

মাধ্যমিক শিক্ষা খণ্ডক দেশৰ বিকাশৰ সৈতে সমানে আগুৱাই নিয়াৰ লক্ষ্যৰে ২০০৯ চনত চৰকাৰে উক্ত অভিযান আৰম্ভ কৰিছিল।

প্ৰত্যেক ঘৰ লোকৰ পৰাই এক গ্ৰহণযোগ্য দূৰত্বত একোখনকৈ মাধ্যমিক বিদ্যালয় স্থাপনৰ জৰিয়তে আৰ এম এছ এয়ে মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তিৰ হাৰ ৯০ শতাংশলৈকে আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত ৭৫ শতাংশলৈকে বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে।

ইয়াৰ উপৰি উক্ত আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহৰ গুণগত মান বৃদ্ধি কৰাৰ লগতে উক্ত বিদ্যালয় সমূহ ছাত্ৰীসকলৰ বাবে সুৰক্ষিত আৰু পৰিষ্কাৰ কৰা আঁচনি গ্ৰহণ কৰিছে।