অসমৰ বিশিষ্ট উদ্ভাৱক উদ্ভৱ ভৰালী আৰু মণিপুৰৰ বক্সাৰ মেৰী কমলৈ ডক্টৰেট ডিগ্ৰী কাজিৰঙা বিশ্ববিদ্যালয়ৰ

KazirangaUniversity

দেশ বিভাজনৰ পিছৰ সময়ত অসম আৰু উত্তৰ-পূবৰ অন্যান্য ৰাজ্যবোৰ ভৌগোলিক আৰু অৰ্থনৈতিকভাৱে অসুবিধাজনক স্থিতিত ৰৈ গ’ল, য’ত মাত্ৰ ২২ কিলোমিটাৰ ‘চিকেন নেক’ৰ জৰিয়তে স্থলভাগেৰে দেশৰ বাকী অংশৰ সৈতে এই অঞ্চলটো সংলগ্ন হৈ থাকিল। ইয়াৰ ফলত যোগাযোগ আৰু বয়বস্তুৰ সৰবৰাহ অতি ব্যয়বহুল হৈ পৰিল। এই অভিমত অসমৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

‘কিন্তু এই অসুবিধাজনক স্থিতি সত্ত্বেও আমি যদি প্ৰতিটো ক্ষেত্ৰতে কেন্দ্ৰলৈ বাট চাই নাথাকি, এই অঞ্চলটো আৰু দক্ষিণ এছিয়াৰ আন আন দেশবোৰক একেলগে এটা সুকীয়া আৰ্থ-সামাজিক সত্তা বুলি ধৰো আৰু অসমক ইয়াৰ নাভিকেন্দ্ৰ বুলি ধৰো তেন্তে ই আমালৈ অনেক সম্ভাৱনাৰ বাট মুকলি কৰিব।’ –এইদৰে কয় ড০ হিমন্ত বিশ্ব শৰ্মাই।

আজি যোৰহাটত কাজিৰঙা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰীজনে উপস্থিতসকলৰ আগত এইদৰে কয়।

তেওঁ কেন্দ্ৰৰ এক্ট ইষ্ট পলিচিৰ প্ৰসংগ টানি সমগ্ৰ দক্ষিণ পূব অঞ্চলকে নেতৃত্ব দিব পৰাকৈ অসমক উৎকৰ্ষৰ কেন্দ্ৰ কৰি তুলিবলৈ সকলোকে আহ্বান জনায়।

উল্লেখযোগ্য যে আজি ব্যক্তিগত খণ্ডৰ এই বিশ্ববিদ্যালয়খনৰ এইটো চতুৰ্থটো সমাৱৰ্তন অনুষ্ঠান আছিল। আজিৰ অনুষ্ঠানত মুঠ ৪৩৬ জন ছাত্ৰ-ছাত্ৰীক স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয়।

অনুষ্ঠানটোত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি শিক্ষা মন্ত্ৰীজনে তেওঁলোকক ব্ৰেইন ড্ৰেইনৰ অংশ হৈ নপৰি মানৱ সম্পদ হোৱাৰ বাবে আহ্বান জনায়, যিয়ে অঞ্চলটোৰ বিকাশ সম্ভৱ কৰি তুলিব পাৰে। শিক্ষা মন্ত্ৰীজনে লগতে অসমক গোটেই দক্ষিণ-পূব অঞ্চলটোৰ শিক্ষাৰ অগ্ৰণী অনুষ্ঠানবোৰ থকা এটা কেন্দ্ৰত পৰিণত কৰাৰ আহ্বান জনায়, যাতে ইয়াত উচ্চ শিক্ষা লৈ থকাসকলৰ মাজত প্ৰায় ৩০ শতাংশ ভূটান, ম্যানমাৰ আৰু বাংলাদেশৰ ছাত্ৰ-ছাত্ৰী হয়।

আনহাতে আজি বিশ্ববিদ্যালয়খনে অসমৰ বিশিষ্ট উদ্ভাৱক উদ্ভৱ ভৰালী আৰু মণিপুৰৰ বক্সাৰ মেৰী কমলৈ ডক্টৰেট ডিগ্ৰী আগ বঢ়ায়।

আজিৰ অনুষ্ঠানটোত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য কে এম বুজৰবৰুৱা, অৰ্থনীতিবিদ জয়ন্ত মাধৱ, শিক্ষাবিদ শান্তিকাম হাজৰিকা, নুমলীগড় ৰিফাইনেৰি লিমিটেডৰ সঞ্চালক প্ৰধান এছ কে বৰুৱা, শ্যামকুমাৰ মহন্ত উপস্থিত আছিল।