NORTHEAST NOW (Assamese)

অসমৰ বিষয়াসকল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিষয়সমূহ পৰীক্ষণ কৰাৰ ক্ষেত্ৰত অনভিজ্ঞ

March 29, 2018 2:32 pm · শিবাসিস চক্ৰবৰ্তী
প্ৰতিনিধিত্বমূলক চিত্ৰ

অসম চৰকাৰৰ লগতে দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়েও অসমত এখন ত্ৰুটিহীন ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিলেও শেহতীয়াকৈ বাস্তৱত অসমৰ নাগৰিক পঞ্জীৰ  এটা লজ্জাজনক আৰু শংকাজনক ছবিহে পোহৰলৈ আহিছে।

ৰাজ্যখনৰ প্ৰায় সকলোকেইখন জিলাতেই এই কামত নিয়োজিত বহুতো বিষয়াৰ নথিসমূহ সঠিক আৰু প্ৰণালীবদ্ধভাৱে পৰীক্ষা কৰাৰ বাবে প্ৰয়োজনীয় নিম্নতম যোগ্যতাখিনিও নাই।

এনে এটা ঘটনাই শেহতীয়াকৈ পোহৰলৈ আহিছে শিলচৰৰ চণ্ডীহাট চাহ বাগানত জয়ন্তী চাওতালৰ ক্ষেত্ৰত।

ঘটনাৰ বিৱৰণী মতে, মহিলাগৰাকীক তেওঁৰ পৰিয়াল বৃক্ষ পৰীক্ষণৰ বাবে যোৱা ২৬ মাৰ্চত পালনঘাট খণ্ড বিকাশ কাৰ্যালয়ত উপস্থিত হোৱাৰ বাবে জাননী দিয়া হৈছিল।

তেওঁক দিয়া জাননীখনত পৰীক্ষণৰ সময় দিনৰ ১১-০০ বজাত বুলি দিয়া হৈছিল। কিন্তু নাগৰিক পঞ্জীয়নৰ স্থানীয়  পঞ্জীয়ক (এল আৰ চি আৰ) মুস্তাফা আলম লস্কৰ অনুপস্থিত আছিল।

জয়ন্তী চাওতাল আৰু অন্য প্ৰায় ৫০ গৰাকী প্ৰাৰ্থীয়ে ১-০০ বজালৈ অপেক্ষা কৰাৰ পিছতহে নাগৰিক পঞ্জীয়নৰ স্থানীয়  পঞ্জীয়ক আহি উপস্তিত হয়।

অৱশেষত যেতিয়া তেওঁ কাম আৰম্ভ কৰিলে, তেওঁ স্বীকাৰ কৰিলে যে সংশ্লিষ্ট কাগজপত্ৰসমূহে কেনেদৰে পৰীক্ষা কৰিব লাগে তেওঁ নাজানে।

তেওং আৰু কয় যে এই সন্দৰ্ভত তেওঁক কোনো প্ৰশিক্ষণ প্ৰদান কৰা হোৱা নাই।

কোনো সমাধান নোপোৱাকৈয়েই জয়ন্তী চাওতাল পালানঘাট ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কেন্দ্ৰৰ পৰা প্ৰায় ৪০ কি: মি: নিলগত থকা তেওঁৰ ঘৰলৈ উভতি আহে।

তাৰ পাছত নৰ্থ ইষ্ট নাওৰ আগত তেওঁ এই সমগ্ৰ বিষয়টোৰ ওপৰত তেওঁৰ উদ্বেগ প্ৰকাশ কৰে।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে কেনেদৰে পৰিয়াল বৃক্ষৰ নাম বিচাৰি পাব তাকে লৈ মহিলাগৰাকী বিবুধিত পৰিছে।

Related News