• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ মহিলাসকলক প্ৰযুক্তিগত দিশত মনোনিবেশ কৰিবৰ বাবে আহ্বান ৰাজ্যপাল জগদীশ মুখীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 8, 2018 8:53 pm
women
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত পুৰুষৰ সমানে মহিলাসকলো আগুৱাই অহা দেখিবলৈ পোৱা গৈছে। গতিকে এই মহিলাসকল প্ৰযুক্তিগত দিশতো সমানে মনোনিবেশ কৰিলে অসমৰ উন্নয়ন দ্ৰুতগতিত বৃদ্ধি পাব।‘’ আজি অসম প্ৰশাসনিক মহাবিদ্যালয়ত অনুষ্ঠিত আন্তৰ্জাতিক নাৰী দিৱসত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে।

আন্তৰ্জাতিক নাৰী দিবস উপলক্ষে ভাৰত চৰকাৰৰ অধীনৰ এম এছ এম ই প্ৰতিষ্ঠানৰ উদ্যোগত আৰু লঘু উদ্যোগ ভাৰতীৰ সহযোগত আয়োজিত উইমেন এনট্ৰিপ্ৰিনিয়’ৰ কনক্লেভ অনুষ্ঠানৰ শুভ উদ্বোধন কৰি ৰাজ্যপাল গৰাকীয়ে কয়, ‘’পৰম্পৰাগত খাদ্যপ্ৰস্তুত, বাঁহ বেতৰ সামগ্ৰী নিৰ্মাণ বস্ত্ৰশিল্প ইত্যাদি ক্ষেত্ৰসমূহত মহিলাসকলক আগুৱাই নিবলৈ তেওঁলোকক উপযুক্ত প্ৰশিক্ষণ দিব লাগিব। তেতিয়াহে মহিলাসকল উদ্যোগমুখী হোৱাত সহায়ক হ’ব।‘’

তেওঁ কয় ‘’বৰ্তমান ভাৰত চৰকাৰ তথা অসম চৰকাৰে মহিলা সবলীকৰণৰ ক্ষেত্ৰত বহুতো আঁচনি হাতত লৈছে। কিন্তু সেইখিনি মহিলাসকলে গ্ৰহণ কৰিব পৰাটোহে লক্ষণীয় কথা।‘’

তদুপৰি তেওঁ অসমৰ মাটি সাৰুৱা তথা কৃষিৰ বাবে উপযোগী বুলি মন্তব্য কৰি কয়, ‘’কৃষি ক্ষেত্ৰত যদি মহিলাসকলেও পুৰুষৰ সমানে মনোনিবেশ কৰে তেন্তে নিশ্চয়কৈ দেশৰ জনমুৰি আয় বৃদ্ধি হোৱাত সহায়ক হ’ব।‘’

আনহাতে তেওঁ ক্ষোভ প্ৰকাশ কৰি কয়, ‘’১৯৪৭ চনৰ পৰা ১৯৫০ চনলৈকে অসমৰ অৰ্থনৈতিক উৎপাদন সঠিক আছিল। কিন্তু বৰ্তমান সময়ত মই লক্ষ্য কৰিছো লাহে লাহে এই উৎপাদন ক্ষমতা কমি আহিছে।‘’

তেওঁ ইয়াৰ কাৰণ জনসাধাৰণৰ এলেহুৱা স্বভাব বুলি সদৰী কৰি কয় ‘’মহিলা সবলীকৰণৰ ক্ষেত্ৰত যিহেতু চৰকাৰে পদক্ষেপ হাতত লৈছে সেয়েহে মহিলাসকলেও পুৰুষসকলৰ সমান্তৰালকৈ বৃত্তিমূলক কাম-কাজত মনোনিবেশ কৰিব লাগে তেতিয়া নিশ্চয়কৈ দেশৰ জনমুৰি আয় বৃদ্ধি পাব। লগতে কণ কণ শিশুসকলেও তেওঁলোকৰ পিতৃ-মাতৃৰ পৰা উৎসাহিত হ’ব।‘’

আনহাতে সেই অনুষ্ঠানতে উপস্থিত থকা ব্ৰটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ভাষণ দি কয়, ‘’অন্য দেশসমূহৰ তুলনাত আমাৰ ভাৰতবৰ্ষত নাৰীৰ স্থান বহু উচ্চ। আজি মই ৰাজ্যপাল তথা অন্যান্য অভিজ্ঞ ব্যক্তিসকলৰ সৈতে একে শাৰীতে আসন লাভ কৰি মই গৌৰাম্বাবিত।‘’

তদুপৰি, তেওঁ চৰকাৰে মহিলাসকলৰ ক্ষেত্ৰত আঁচনিসমূহ ঠিকেই গ্ৰহণ কৰে বুলি বক্তব্য ৰাখি কয় ‘’বাজেটত ঘোষণা কৰা আঁচনিসমূহ একেবাৰে গাঁৱৰ ভিতৰুৱা অঞ্চলসমূহলৈ কেনেদৰে লৈ যাব সেইটোহে লক্ষ্যণীয় কথা। কাৰণ এনেকুৱা বহু মহিলা তথা লোক আছে যি বৰ্তমানো চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে অবগত নহয় আৰু ইয়াৰ সুবিধাও লাভ নকৰে।‘’

তেওঁ সভাত উপস্থিত থকা উদ্যোক্তাসকলক আঁচনিসমূহ গাঁৱ পৰ্য্যায়লৈকে লৈ যোৱাৰ বাবে আৰু মহিলাসকলক স্বাবলম্বী তথা আত্ম-নিৰ্ভৰশীল হ’বৰ বাবে আহ্বান জনায়।

উক্ত সভাতে উপস্থিত থকা অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰে কয়, ‘’মই ৩২ বছৰে অসমত থাকি এটা কথা গম পাইছো যে অসমৰ ক্ষেত্ৰত ভূমিৰ আবন্টন ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত সমান। এইটোৱেই হৈছে অসমৰ সমাজত একতা তথা সমতা সৃষ্টি কৰিব পৰা উপাদান।‘’

তেওঁ মহানগৰীৰ বামুণীমৈদামত নাৰীসকলক সবলীকৰণ তথা উদ্যোগমুখী কৰি তুলিবলৈ এটা বিশেষ মহিলা ঔদ্যোগিক প্ৰতিষ্ঠান মুকলি কৰা হ’ব বুলি ঘোষণা কৰে। ইতিমধ্যে এই আঁচনিখনৰ কাম সমাপ্ত হৈছে বুলি তেওঁ মন্তব্য কৰে।

মহিলাসকলক উদ্যোগমুখী কৰিবলৈ ২০ শতাংশ ৰেহাইত ১ লাখ টকা ঋণ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি সভাত ঘোষণা কৰে।

সেই অনুষ্ঠানত উপস্থিত থকা এম এছ এম ই ৰ অতিৰিক্ত উন্নয়ন বিষয়া পীয়ুষ শ্ৰী বাস্তবে কয় ‘’মহিলাসকল সকলো দিশতে আগবঢ়া যদিও অৰ্থনৈতিক ফালৰ পৰা কিছু পিছ পৰি আছে। আমি উত্তৰ-পূৱৰ মহিলাসকলক উদ্যোগমুখী কৰি তুলিবলৈ বহুতো ব্যৱস্থা হাতত লৈছো। প্ৰযুক্তিগত দিশতো বহু মহিলাক ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। বাণিজ্যকৰণৰ ক্ষেত্ৰতো আমি মহিলাসকলক শক্তিশালী কৰিবলৈ বাণিজ্য মেলাৰ আয়োজন কৰিছিলো। ভবিষ্যতেও মহিলাসকলক উদ্যোগমুখী তথা বাণিজ্যমুখী কৰিবলৈ পদক্ষেপ হাতত ল’ম।‘’

এই উদ্বোধনী অনুষ্ঠানৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বৃত্তিগত দিশৰ সৈতে জড়িত মহিলাসকলক লৈ এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

August 22, 2025 8:43 am
বিটিআৰ নিৰ্বাচনৰ বাবে UPLLএ ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

বিটিআৰ নিৰ্বাচনৰ বাবে UPLLএ ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

August 22, 2025 8:24 am
নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

August 22, 2025 7:30 am
জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

August 22, 2025 7:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

August 22, 2025 8:43 am
বিটিআৰ নিৰ্বাচনৰ বাবে UPLLএ ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

বিটিআৰ নিৰ্বাচনৰ বাবে UPLLএ ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

August 22, 2025 8:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd