অসমৰ মাটিত সীমান্ত আৰক্ষী চকী স্থাপনত বাধা নাগালেণ্ডৰ

এফ ছেক্টৰ হালোৱাটিং

অসমৰ মাটিতে প্ৰশাসনে সীমান্ত আৰক্ষী চকী স্থাপন কৰিবলৈ লোৱা কাৰ্যত নাগালেণ্ড প্ৰশাসনে সোমবাৰে বাধা প্ৰদান কৰে। শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমাৰ ‘এফ’ ছেক্টৰত অসমৰ সীমা পহৰা চকী নিৰ্মাণত এইদৰে নাগালেণ্ডে বাধা দিয়াক কেন্দ্ৰ কৰি এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে, অসম-নাগালেণ্ড সীমান্তৰ এফ চেক্টৰত সীমান্ত চকী স্থাপনৰ বাবে সোমবাৰে গছ কাটি পাহাৰ মুকলি কৰি থকা অৱস্থাতে অসম প্ৰশাসনক বাধা দিয়ে নাগালেণ্ড প্ৰশাসনে।

উল্লেখযোগ্য যে সীমান্তবাসী ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই সঘনাই উদ্ভৱ হোৱা সীমাকেন্দ্ৰিক সমস্যা তথা বিভিন্ন অপৰাধমূলক কাৰ্যৰ ৰোধৰ উদ্দেশ্যেৰে অসম চৰকাৰে আমগুৰি চাহ বাগিচাৰ সমীপত এটা সীমান্ত পহৰা চকী স্থাপনৰ বাবে অনুমোদন জনাইছিল। সেই মৰ্মে যোৱা জুন মাহত পহৰা চকীটো নিৰ্মাণৰ বাবে শিৱসাগৰ জিলা গড়কাপ্টানি কাৰ্যালয়ৰ তত্ত্বাৱধানত নিবিদা গ্ৰহণৰ পিছত যোৱা সপ্তাহত বিভাগীয় নিয়ম অনুসৰি আৰ বি ইঞ্জিনীয়ীৰিং প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণৰ কাম লাভ কৰে।

উক্ত প্ৰতিষ্ঠানটোৱে প্ৰাৰম্ভিকভাৱে হাবি চাফা কৰাৰ বাবে সোমবাৰে কেইজনমান বনুৱা নিয়োগ কৰে। ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু সীমান্তৰ নগা গেটৰ সমীপত পাহাৰৰ এটা টিলাৰ হাবি চাফা কৰি থকা দেখি স্থানীয় একাংশ নগা লোক আহি বনুৱাসকলৰ কামত বাধা দিয়ে। টিলাটো নাগালেণ্ডৰ বুলি দাবী কৰি নগা লোকসকলে কৰ্মৰত বনুৱা আৰু ঠিকাদাৰক কাম বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।

ইয়াৰ পিছতে স্থানীয় হালোৱাটিং আৰক্ষী আৰু তুলি আৰক্ষীৰ হস্তক্ষেপত মোককচাং জিলাৰ এজন অতিৰিক্ত উপায়ুক্ত আৰু আমগুৰি চক্ৰ বিষয়াৰ মাজত উক্ত স্থানতে এখন অনানুষ্ঠানিক আলোচনা সম্পন্ন হয়। কিন্তু উভয় পক্ষই কোনোধৰণৰ মীমাংসাত উপনীত হ’ব নোৱাৰি উচ্চপদস্থ বিষয়াৰ আলোচনাৰ যোগেদিহে সিদ্ধান্ত লোৱা হ’ব বুলি জানিবলৈ দিয়ে।

আনহাতে, স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকা ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় যদিও তুলি প্ৰশাসনে বিধায়কজনৰ লগত আলোচনা কৰিবলৈ অস্বীকাৰ কৰে। বিধায়কজনে স্থানীয় বাসিন্দাসকলক এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। ইপিনে নাগালেণ্ড প্ৰশাসনৰ এনে কাৰ্যৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, কিছুদিন পুৰ্বে নগালেণ্ড প্ৰশাসনে সীমান্তৱৰ্তী উক্ত এলেকাতে এটা বৃহৎ পথ নিৰ্মাণ কৰিছিল যদিও শিৱসাগৰ প্ৰশাসনে পথটো বন্ধ কৰি দিছিল।