অসমৰ ২৮ খন নদীৰ পানী প্ৰদূষিত : কেন্দ্ৰীয় চৰকাৰৰ নদী পৰিষ্কৰণৰ শিতানত উপেক্ষিত

মহাবাহু ব্রহ্মপুত্রকে ধৰি ৰাজ্যখনৰ ২৮খন নদীৰ পানী প্রদূষিত হোৱা বুলি সংসদত কেন্দ্ৰীয় চৰকাৰে তথ্য প্রকাশ কৰিছে।

কেন্দ্রীয় বন আৰু পৰিৱেশ বিভাগৰ মন্ত্রী মহেশ শর্মাই প্রকাশ কৰা মতে ব্রহ্মপুত্রৰ উপৰি ৰাজ্যখনৰ বৰাক, ভৰলু, ভোগদৈ, বগীনদী, বুঢ়ীদিহিং, ডিগবৈ, দিচাং, জীয়া ভৰলী, সোৱনশিৰি, দিপৰ বিলকে ধৰি ২৮ খন নদীৰ পানী প্ৰদূষিত হৈছে।

উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰে দেশৰ প্রদূষিত নদীসমূহ পৰিষ্কাৰ কৰাৰ বাবে কোটি কোটি টকা মোকলাই দিছে৷ এতিয়ালৈকে গংগাক বাদ দি দেশৰ আন আন প্রদূষিত নদীৰ বাবে কেন্দ্রীয় চৰকাৰে মুঠ ৪৫৭৯.৫৬ কোটি টকা ধার্য কৰিছে। ইয়াৰে ২২৩৬ কোটি টকা কেন্দ্রই মুকলি কৰি দিছে।

কিন্তু মনকৰিবলগীয়া যে অসমৰ ২৮খন নদীৰ পানী প্রদূষিত হোৱা বুলি কেন্দ্ৰীয় চৰকাৰৰ হাতত তথ্য থকাৰ পাছতো বৰ্তমানলৈকে অসমৰ নদীৰ পানী প্ৰদূষণমুক্ত কৰাৰ বাবে বা নদী সমূহ পৰিষ্কাৰ কৰাৰ বাবে এটকাও মুকলি কৰা নাই।

ইয়াৰ বিপৰীতে গোদাবৰী আৰু মুছি নদীৰ বাবে ৩৬৭.৫ কোটি টকা ধার্য কৰি এতিয়ালৈকে ২৫৯.৮০ কোটি টকা মোকলাই দিছে৷ একেদৰে গুজৰাটৰ সবৰমতী আৰু মিনদোলা নদীৰ বাবে ধার্য কৰা ৮০৮.৫৩ কোটি টকাৰ ভিতৰত ৩৩৩.২৬ কোটি, পঞ্জাবৰ ঘংগৰ, ব্যাস আৰু শতদ্রু নদীৰ বাবে ধার্য কৰা ৭৭৪.৪৩ কোটিৰ ভিতৰত ৫১৬.১৬ কোটি মোকলাই দিছে। আনকি নগালেণ্ডৰ ডিফু আৰু ধনশিৰি নদীৰ বাবেও ধার্য কৰা ৮২.৮০ কোটিৰ ভিতৰত ১৯.৫০ কোটি মোকলাই দিছে কেন্দ্রীয় চৰকাৰে।

কিন্তু কেন্দ্রীয় চৰকাৰে অসমৰ প্রদূষিত নদীসমূহৰ বাবে বৰ্তমানলৈকে এটকাও ধার্য নকৰাটো অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক কথা।

আনহাতে কেন্দ্রীয় চৰকাৰে অসমৰ প্ৰদূষিত নদীসমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা কাৰ্যই প্ৰমাণ কৰিছে যে অসমৰ প্রদূষিত নদীসমূহক লৈ কেন্দ্রীয় চৰকাৰ অলপো দায়বদ্ধ নহয়।