NORTHEAST NOW (Assamese)

অসম-অৰুণাচল সীমান্তত সেনা-আৰক্ষীৰ সৈতে এন ডি এফ বি (স)ৰ প্ৰচণ্ড গুলীয়াগুলী

May 11, 2018 8:40 pm · কাজি জেইদুল ইছলাম
প্ৰতিনিধিত্বমূলক ফটো

অসম অৰুণাচল সীমান্তৰ বিশ্বনাথৰ দিৰিং নলাত সেনা-আৰক্ষীয়ে এন ডি এফ বি (স) দলৰ বিৰুদ্ধে এক যৌথ অভিযান চলায়। এই অভিযান কালত দুই পক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী হয়।

উল্লেখযোগ্য যে অঞ্চলটোত সেনা-আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত এন ডি এফ বি (স) দলৰ ১৪ নং বেটেলিয়নৰ কমাণ্ডাৰ বি ৰাংচাওৰ নেতৃত্বত অঞ্চলটোত এটা বৃহৎ দলে অৱস্থান কৰা বুলি তথ্য লাভ কৰে। ফলত সেনা-আৰক্ষীয়ে তাৎক্ষণিকভাৱে অঞ্চলটোত অভিযান চলায়।

বৰ্তমানলৈকে দুই পক্ষৰ মাজত হোৱা গুলীয়াগুলীত হতাহতৰ সংখ্যা জানিব পৰা হোৱা নাই। যিহেতু বৰ্তমান অঞ্চলটোত সেনাই সাংবাদিকৰ প্ৰৱেশত বাধা প্ৰদান কৰাৰ লগতে ফটো সংগ্ৰহৰ বাবেও বাধা প্ৰদান কৰিছে।

সেনা-আৰক্ষীয়ে উক্ত অঞ্চলটো ঘেৰি ৰাখিছে আৰু অভিযান সম্পূৰ্ণ নোহোৱালৈকে গোপনে অভিযান অব্যাহত ৰাখিব বুলি জানিব পৰা গৈছে।

অভিযানৰ পিছত পৰৱৰ্তী পৰ্যায়ত সেনা-আৰক্ষীৰ তথ্যত হে ঘটনাৰ সবিশেষ জানিব পৰা হ’ব।

Related News