অসম-অৰুণাচল সীমান্তৰ নামচিকত সন্দেহযুক্ত উগ্ৰপন্থীয়ে জ্বলাই দিলে অইল ইণ্ডিয়াৰ ৮খনকৈ তেলভৰ্তি ট্ৰাক

আজি আবেলি সংঘটিত এটা অভাৱনীয় কূটাঘাতমূলক ঘটনাত অসম-অৰুণাচল সীমান্তৰ নামচিক অঞ্চলত সন্দেহযুক্ত উগ্ৰপন্থীয়ে অইল ইণ্ডিয়াৰ ৮খনকৈ তেল ভৰ্তি ট্ৰাক জ্বলাই দিয়ে। জানিব পৰা মতে ট্ৰাককেইখন অৰুণাচল প্ৰদেশৰ খৰচাংৰ পৰা ডিগবৈলৈ আহি আছিল। গাড়ীকেইখনে অৰুণাচলৰ সীমান্ত চকী পাৰ হোৱাৰ পিছতে অসমৰ সীমাৰ ভিতৰৰ নামফাই সংৰক্ষিত বনাঞ্চলৰ ওচৰৰ নামচিকত এই ঘটনাটো ঘটে। ঘটনাত এন এছ চি এনৰ (খাপলাং) সদস্য জড়িত থকাৰ সন্দেহ কৰা হৈছে।

আগন্তুক গণতন্ত্ৰ দিৱসৰ পৰিপ্ৰেক্ষিতত এই ঘটনাই বৃহৎ তাৎপৰ্য্য বহন কৰিছে। অইলৰ ইণ্ডিয়াৰ ইষ্টাৰ্ন প্ৰডিউচিং এৰিয়া কাৰ্য্যালয়ৰ পৰা জনোৱা এক সূত্ৰমতে অচিনাক্ত দুস্কৃতিকাৰীয়ে ন-খন খাৰুৱা তেলভৰ্তি ট্ৰাকত জুই লগাই দিয়ে। সূত্ৰটোৱে কোৱা মতে এই ঘটনাত জনসম্পদৰ ক্ষয়-ক্ষতি, অৰ্থাৎ হাতহতৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে যোৱা কেইবা মাহৰ পৰা অসম-অৰুণাচল সীমান্তৰ অঞ্চলত আলফাৰ ধনদাবী, অপহৰণ তথা কূটাঘাতমূলক কাৰ্য অব্যাহত ৰাখিছে। যদিও যোৱা দুমাহ মানৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী তথা কেন্দ্ৰৰ নিৰাপত্তা বিষয়াই অসমত এতিয়া শান্তি বিৰাজ কৰিছে বুলি দাবী কৰি আহিছে, আলফাই নিয়মীয়াকৈ বিভিন্ন কূটাঘাতমূলক কাৰ্য্য অবাধে চলাই গৈছে।

আজি প্ৰায় এমাহ পূৰ্বে অসম-অৰুণাচল সীমান্তৰ পৰা আলফাই এজন ব্যৱসায়ীৰ পুত্ৰ অৰ্ণৱ ফুকনক অপহৰণৰ ঘটনা, তাৰ মাত্ৰ কেইদিনমান পূৰ্বে তিনিচুকীয়া জিলাৰ ডিৰাক বৰডুমচাৰ অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্তৰ হত্যাকাণ্ডৰ কথা এই প্ৰসংগত মনত পেলাব পাৰি।

‘আমি এই অনাকাংক্ষিত ঘটনাটোত হতভম্ভ হৈছো আৰু এইটো বিনা মেঘে বজ্ৰপাত কৰাৰ দৰে ঘটনা।’ অইল ইণ্ডিয়াৰ ইষ্টাৰ্ন প্ৰডিউচিং এৰিয়া  বিষয়া ডি চাওলিয়ে এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ লগতে কয়, ‘আমি এই ঘটনাৰ পূৰ্বে কোনো ব্যক্তি বা দল বা গোটৰ পৰা কোনো ধৰণৰ ভাবুকি বা কোনো ধৰণৰ অবাঞ্ছিত ধৰণৰ যোগাযোগ লাভ কৰা নাছিলো।’ বিষয়াজনে কয়।

উল্লেখযোগ্য যে ঘটনাস্থলৰ পথৰ দুয়োকাষ আছে ঘন সেউজীয়া হাবি, যাৰ ফলত যিকোনো কূটাঘাত সংঘটিত কৰি দুষ্কৃতিকাৰী সহজে পলাই যাব পাৰে।

উল্লেখযোগ্য যে যোৱা মাহত টিকক খনিতো এন এছ চি এনৰ এটা দলে কেইবাখনো বাহনত জুই লগাই দিছিল। আনহাতে আজি এই ঘটনাটোৰ অলপ আগেয়ে প্ৰায় ১.৩০ বজাত এন এছ চি এনৰ এজন সদস্য বিষ্ণু ভূজেলক (Vishnu Bhujal) অসম ৰাইফলছে গ্ৰেপ্তাৰ কৰিছিল।

জানিব পৰা মতে এই প্ৰতিবেদন লিখালৈকে জাগুন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰু প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। এই পৰ্যন্ত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

আনহাতে শেহতীয়া খবৰ মতে ঘটনাটোত ড্ৰাইভাৰ বা হেন্দিমেন বা আন কোনো লোক হতাহত হোৱা নাই।