NORTHEAST NOW (Assamese)

অসম চিকিৎসা মহাবিদ্যালয়ৰ বিষয়াৰে সৈতে আলোচনাত মিলিত বিত্ত মন্ত্ৰী ড০ শৰ্মা

June 14, 2018 9:36 pm · অভিক চক্রবর্তী
ফাইল ফটো

আজি অসমৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইঅসম চিকিৎসা মহাবিদ্যালয়ৰ বিষয়াৰে সৈতে এটি পুণৰীক্ষণমূলক আলোচনাত মিলিত হয়। বিত্ত মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা মাতৃ আৰু শিশু চিকিৎসালয় গৃহটোও পৰিদৰ্শন কৰে।

সংবাদ মাধ্যমক সম্বোধন কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ইতিমধ্যে ঘোষিত ১০০ কোটি প্ৰকল্পৰ অধীনত আমি অসম চিকিৎসা মহাবিদ্যালয়ৰ সা-সুবিধা আৰু আন্তঃগাঁথনি উন্নত কৰিম। কৰ্কট ৰোগৰ প্ৰথম পৰ্যায়ৰ চিকিৎসালয়ৰ নিৰ্মাণকাৰ্যও আমি অতি সোনকালে আৰম্ভ কৰিম।’’

ডিব্ৰুগড়ৰ ৰাষ্টা-ঘাটৰ উন্নয়ন সন্দৰ্ভত কৰা সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে এই সন্দৰ্ভত তেওঁ গড়কাপ্তানি বিভাগৰ বিষয়াসকলৰ সৈতে আলেচনাত বহিব আৰু তাৰ পাছতহে উত্তৰ দিব।

তেওঁ কয়, ‘‘যদি প্ৰয়োজন হয় আজি মাজৰাতিলৈকে মই এই সম্পৰ্কে সকলোখিনি সমস্যা আলোচনা কৰাৰ বাবে গড়কাপ্তানি বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত বহিম আৰু কালি এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰিম।

Related News