NORTHEAST NOW (Assamese)

অসম পৰ্যটনৰ শ্বুটিঙৰ বাবে কাইলৈ যোৰহাট পাবহি বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা

April 27, 2018 6:49 pm · এন ই নাও নিউজ
Updated: April 27, 2018 6:50 pm

কাইলৈ অৰ্থাৎ ২৮ এপ্ৰিলত বলিউডৰ মোহময়ী অভিনেত্ৰী তথা অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাডৰ প্ৰিয়ংকা চোপ্ৰা অসমত উপস্থিত হ’ব।

উল্লেখযোগ্য যে অসম পৰ্যটনৰ শ্বুটিঙৰ বাবে অসমলৈ অহা বলিউডৰ অভিনেত্ৰী গৰাকী কাইলৈ সন্ধিয়া ৭.৩০ বজাত বিমানযোগে পোন প্ৰথমে যোৰহাটত উপস্থিত হ’ব। কাইলৈ নিশা যোৰহাটতে কটাই দেওবাৰ আৰু সোমবাৰে যোৰহাটৰ ঠেঙাল মেনৰ আৰু বানিয়ান গ্ৰুভত শ্বুটিঙত ব্যস্ত থাকিব।

আনহাতে প্ৰিয়ংকা চোপ্ৰাৰ সুৰক্ষাৰ বাবে চোপ্ৰাক এছক’ৰ্ট আৰু পাইলট কৰ প্ৰদান কৰাৰ লগতে বীৰাংগনা আৰু আৰক্ষীৰ বিশেষ দল থাকিব। আনহাতে এজন উপ-আৰক্ষীৰ অধীক্ষকক প্ৰিয়ংকা চোপ্ৰাৰ সুৰক্ষাৰ দায়িত্ব দিয়া হৈছে।

ইফালে মঙলবাৰে বিয়লি অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ তথা বলিউডৰ মোহময়ী অভিনেত্ৰী গৰাকী পুনৰ বিমানেৰে দিল্লীলৈ উভতিব।

 

Related News