NORTHEAST NOW (Assamese)

অসম বিজেপিৰ ৱেবছাইটত পৰ্ন ভিডিঅ’! : দুষ্টচক্ৰই হেক কৰাৰ অভিযোগ ৰাজ্যিক বিজেপিৰ

May 25, 2018 7:18 pm · কল্পজ্যোতি শইকীয়া
Updated: May 25, 2018 8:19 pm
অসম প্ৰদেশ বিজেপিৰ নামৰ সৈতে সাদৃশ্যৰে থকা ৱেবছাইটটো।

ৰাজনৈতিক দলবিলাকৰ ভিতৰত আই টি জগতত বিশেষ সক্ৰিয়তা থকা বুলি জনাজাত বিজেপি দলৰ অসম শাখাৰ অফিচিয়েল ৱেবছাইট http://assam.bjp.org হেকড হোৱাৰ তথ্য পোৱা গৈছে। এই ৱেবছাইটটো হেকড হোৱাৰ লগতে ইয়াৰ অসম বিজেপিৰ নাম সাঙুৰি bjpassam.org নামৰ আন এটা ৱেবছাইট  ইণ্টাৰনেট জগতত কোনো দুষ্টচক্ৰই উপলব্ধ কৰা বুলি জানিব পৰা গৈছে, যিটো মূলত পৰ্ন বিষয়বস্তুৰে (porn content) ভৰা।

দলটোৰ ৱেবছাইটটো এইদৰে হেকড হোৱা কথাটো দলে সংবাদ মাধ্যমৰ পৰা গোপনে ৰাখিছিল যদিও আজি নৰ্থ-ইষ্ট নাও-এ দলটোৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ পৰা বিষয়টো সন্দৰ্ভত জানিব বিচৰাত কয় যে কেনিয়াৰ পৰা কোনো দুষ্টচক্ৰই এই সাদৃশ্য থকা ৱেবছাইটটো চলাই আছে।

বিজেপিৰ আচল বেৱছাইটটোৰ ভিতৰৰ connect->Admin পৃষ্ঠাটোৰ এটা স্ক্ৰীনশ্বট।

আনহাতে নৰ্থ-ইষ্ট নাওৰ পৰা অনুসন্ধান কৰি জানিব পৰা গৈছে যে আপত্তিকৰ বিষয়বস্তু থকা bjpassam.org ডমেইন নেইমটো আৰু ছাইটটো ৰাছিয়াৰ মস্কো চহৰৰ কোনো ব্যক্তিৰ নামত আছে। ইয়াৰ hosting ছাৰ্ভাৰ আছে এমেৰিকাত।

বিজেপিৰ মুখপাত্ৰজনে এই সন্দৰ্ভত চি আই ডিৰ বিশেষ শাখাত গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিছে।

ইফালে মুখপাত্ৰজনে ৱেবছাইটোটো হেকড হোৱা নাই, ইয়াৰ নামৰ সৈতে সাদৃশ্য থকা এটা পৰ্ন ৱেবছাইট দুষ্টচক্ৰই ইণ্টাৰনেটত এৰি দিয়া বুলিহে কয় আৰু তেওঁলোকে তাৰ বিৰুদ্ধেহে গোচৰ ৰুজু কৰিছে।

কিন্তু দলটোৰ প্ৰকৃত ৱেবছাইট http://assam.bjp.org পৰীক্ষা কৰোতে দেখা পোৱা গ’ল যে http://assam.bjp.org/contacts.php বা ছাইটটোৰ পৰা ইয়াৰ মেনুবাৰৰ connect-> Admin পথেৰে সোমালে Click here to view BJP IT Dept. members list এটা নতুন সংযোগ পোৱা যায়, য’ৰ পৰা পৰ্ন ছাইটলৈ redirect কৰা হয়। এই পৰ্ন ৱেবছাইটটো ২০১৮ চনৰ মাৰ্চত কিনা হৈছিল আৰু ইয়াক এই বছৰৰ মে’ মাহত update কৰা দেখা গৈছে।

সদা সক্ৰিয় আই টি চেল থকা দলটোৰ এই অৱস্থাত এতিয়া বিমোৰ হৈছে দলীয় নেতা-কৰ্মী। ঘটনাটোক কেন্দ্ৰ কৰি ৰাজ্যিক বিজেপিৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।

আপত্তিকৰ ছাইটটোৰ এটা স্ক্ৰীনশ্বট।

ইতিমধ্যে চিআইডিৰ বিশেষ শাখাত গোচৰ ৰুজু কৰা ৰাজ্যিক বিজেপিয়ে কৈছে যে তদন্তৰ পিছতহে এই দুষ্কাৰ্য্যৰ সৈতে কোন জড়িত হৈ  আছে সেই কথা পোহৰলৈ আহিব। আনহাতে এই সম্পৰ্কে চিআইডিৰ বিশেষ শাখাৰ সৈতে নৰ্থ-ইষ্ট নাওৰ পৰা যোগাযোগ স্থাপনৰ চেষ্টা কৰা হৈছিল যদিও সংযোগ স্থাপন কৰিব পৰা নগ’ল।

 

Related News