NORTHEAST NOW (Assamese)

অসম মহিলা বিশ্ববিদ্যালয়ৰ স্বীকৃতি অক্ষুণ্ণ থাকিব : বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী

March 29, 2018 6:07 pm · এন ই নাও নিউজ
Updated: March 29, 2018 6:34 pm

অৱশেষত আজি অসম বিধানসভাৰ অধ্যক্ষই ঘোষণা কৰিলে অসম মহিলা বিশ্ববিদ্যালয়ৰ স্বীকৃতি বাতিল নহয়, ই পূৰ্বৰ দৰেই অক্ষুণ্ণ থাকিব। ফলত ৰাজ্যবাসী তথা অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈ ই এক সু-খবৰ।

উল্লেখযোগ্য যে আজি বিধানসভাৰ মজিয়া অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰসংগক লৈ উত্তাল হৈ পৰে। আজিৰ বিধান সভাত কংগ্ৰেছী বিধায়ক সকলে বিজেপি চৰকাৰে যোৰহাটস্থিত একমাত্ৰ অসম মহিলা বিশ্ববিদ্যালয়খন বন্ধ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনায়।

ইফালে অসম মহিলা বিশ্ববিদ্যালয়খন চৰকাৰে বন্ধ কৰিব খোজা কাৰ্যৰ বিৰোধিতা কৰি ৰাজ্যখনৰ বহু কেইটা সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছিল। আনকি আছুৱে ২৮ মাৰ্চত ৰাজ্য জুৰি মহিলা বিশ্ববিদ্যালয়খন বন্ধ কৰাৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ জনাইছিল। বেটী বচাও বেটী পঢ়াও শ্ল’গান দিয়া বিজেপি চৰকাৰে মহিলাৰ শিক্ষানুষ্ঠানখন বন্ধ কৰিব খোজা কাৰ্য বিৰোধিতা কৰি ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

আজি বিধানসভাৰ মজিয়াত অধ্যক্ষ গৰাকীয়ে মহিলা বিশ্ববিদ্যালয়খনৰ স্বীকৃতি অক্ষুণ্ণ থাকিব বুলি ঘোষণা কৰাত ৰাজ্যৰ দল-সংগঠন বিলাকে প্ৰশংসা জনাইছে।

Related News