‘জীয়াই থাকক আৰু আনকো জীয়াই থাকিবলৈ দিয়ক’ শ্ল’গানেৰে কোকৰাঝাৰত আজি ২৯ মাৰ্চত দিনজোৰা কাৰ্য্যসূচীৰে পবিত্ৰ মহাবীৰ জয়ন্তী উদযাপন কৰে জৈনধৰ্মীসকলে।
অল ইণ্ডিয়া জৈন মাইনৰিটি ফেডাৰেশ্যন চমুকৈ এ আই জে এফ কোকৰাঝাৰ শাখাৰ উদ্যোগত পালন কৰা হয় মহাবীৰ জয়ন্তী।
কোকৰাঝাৰ চহৰৰ মাজমজিয়াত থকা জৈন মন্দিৰৰ পৰা আৰম্ভ হোৱা বিশাল শোভাযাত্ৰা পতাকা জোকাৰি উদ্বোধন কৰে এ আই জে এফ কোকৰাঝাৰ শাখাৰ সভাপতি সুনীল আঞ্চাল্যই।
‘জীয়াই থাকক আৰু আনকো জীয়াই থাকিবলৈ দিয়ক’ শ্ল’গানেৰে কোকৰাঝাৰ জে ডি ৰোড , শান্তি নগৰ হৈ ৰাসমেলা পথাৰৰ কাষত থকা টেৰাপান্ট ভৱনলৈ শোভাযাত্ৰাটোৱে চহৰখন পৰিভ্ৰমণ কৰে। গণ সমদলটোত বহু সংখ্যক জৈন ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে।