NORTHEAST NOW (Assamese)

অসম-মেঘালয় সীমান্তৰ মেন্দিপথাৰত দুই কিশোৰ সন্ধানহীন

June 21, 2018 3:04 pm · নীলমণি শৰ্মা

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তবৰ্তী মেন্দিপথাৰত দুগৰাকী কিশোৰ একে সময়তে সন্ধানহীন হোৱা ঘটনাই মেন্দিপথাৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কিশোৰ দুগৰাকীৰ নাম হৈছে বিপ্লৱ বণিক আৰু সাগৰ থাপা।

জানিব পৰা মতে প্ৰাতঃভ্ৰমণৰ উদ্দেশ্যে মেন্দিপথাৰৰ নেপালী বস্তিৰ বিপ্লৱ বণিক আৰু সাগৰ থাপা নামৰ কিশোৰ দুজনে পুৱতি নিশাই ঘৰৰ পৰা ওলাই আহিছিল যদিও বাতৰি লিখা পৰলৈকে দুয়োজনৰে কোনো খা খবৰ নাই।

অৱশ্যে ঘটনা সম্পৰ্কত ল’ৰা দুজনৰ পৰিয়ালৰ লোকে ইতিমধ্যে কৃষ্ণাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷

কোনো সদাশয় ব্যক্তিয়ে যদি কিশোৰ দুগৰাকী সন্ধান পাই তেন্তে ওচৰৰ আৰক্ষী থানা অথবা ৭৬৩৭০৫৩০১১ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে৷

Related News