ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এবিপি নিউজে প্ৰচাৰ কৰা ‘অপাৰেশ্যন দালাল’ত অসমৰ ক্ষমতাশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলোৱাৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে এইক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।
আজি এই সন্দৰ্ভত এখন সংবাদ মেলৰ আয়োজন কৰি তৰুণ গগৈয়ে কয়— ‘অনুজ পোদ্দাৰৰ নামৰ দালালটোৰ সৈতে সম্পৰ্ক থকা হিমন্তৰ বিৰুদ্ধে উচ্চ পৰ্য্যায়ৰ তদন্তৰ প্ৰয়োজন।হিমন্তৰ দম আছে যদি মিছা বাতৰি পৰিৱেশন কৰাৰ বাবে ABP NEWS চেনেলৰ বিৰুদ্ধে গোচৰ তৰক।মই লুই বাৰ্জাৰ, সাৰদাৰ কথা কওঁতেই মোৰ বিৰুদ্ধে দুবাৰকৈ গোচৰ দিছিল হিমন্তই। এতিয়া দম আছে যদি এবিপিৰ বিৰুদ্ধে গোচৰ তৰক’।
গগৈয়ে লগতে কয় সৰ্বানন্দ সোণোৱালেই হিমন্তৰ বিৰুদ্ধে লুই বাৰ্জাৰ আৰু সাৰদা কেলেংকাৰী থকা বুলি কৈছিল। এতিয়া বিজেপি দলত থকা কাৰণে সৰ্বা নিমাত। অনুজ পোদ্দাৰৰ ঘৰত তালাচী চলাওঁতে হিমন্তৰ নামটো যে ওলাল বেলেগ নেতাৰ নাম কিয় নোলাল?
আনহাতে পোদ্দাৰৰ ডায়েৰীত বহু মুধাফুটা ব্যক্তিৰ লগতে হিমন্তৰ নাম থকাটোৱে কি বুজাইছে বুলি কটাক্ষ কৰে গগৈয়ে। যি কোনো ডাঙৰ কেলেংকাৰীত হিমন্তৰ নাম ওলায়। সৰু সুৰা কেলেংকাৰীত তেওঁৰ নাম নোলায়।
উল্লেখযোগ্য যে অনুজ পোদ্দাৰৰ নতুন দিল্লীৰ বাসভৱনত আয়কৰ বিভাগে কৰফাঁকিৰ অভিযোগত চলোৱা অভিযানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁৰ সম্পৰ্ক থকা বুলি তথ্য পোৱা গৈছে বুলি বাতৰি পৰিৱেশিত হৈছিল।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অনুজ পোদ্দাৰৰ বিভিন্ন প্ৰকল্প আৰু নিবিদা সম্পৰ্কীয় লেনদেনৰ তথ্য অভিযানত পোহৰলৈ আহিছে। ইয়াৰ উপৰি অনুজ পোদ্দাৰৰ ই-মেইলত অসম চৰকাৰৰ বিভিন্ন তথ্যও লাভ কৰা হৈছে বুলি বাতৰিটোত প্ৰকাশ পাইছে।
তাৰ পাছতে তৰুণ গগৈয়ে সংবাদ মেলযোগে হিমন্তক প্ৰত্যাহ্বান জনোৱাটো তাৎপৰ্যপূৰ্ণ।